VOCPA: ভি.অ’চি বন্দৰত বহুকেইটা বহনক্ষম উন্নয়ন, শিক্ষা আৰু উদ্ভাৱনীমূলক পদক্ষেপ উদ্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
ভি.অ’. চিদাম্বৰনাৰ বন্দৰে সেউজ সামুদ্ৰিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, য’ত কাৰ্বন নিঃসৰণ ৪৫% হ্ৰাস পাইছেঃ সৰ্বানন্দ সোণোৱাল
সোণোৱালে ভি.অ’. চি বন্দৰত কেন্দ্ৰীয় বিদ্যালয় ৰাইজৰ বাবে উৎসৰ্গা কৰে, গুণগত শিক্ষাৰ সুবিধা সম্প্ৰসাৰণ কৰে
বহনক্ষম ৰিপ’ৰ্ট, গ্ৰীণ হাইড্ৰ’জেন পৰিৱৰ্তন আৰু একাডেমিক সহযোগিতাই ভি.অ’.চি বন্দৰৰ ভৱিষ্যৎমুখী বিকাশৰ দিশ উজ্জ্বল কৰিছে

DD TIMES নতুন দিল্লী, ২৩ জুন, ২০২৬ঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ভি.অ’ চিদাম্বৰনাৰ বন্দৰ প্ৰাধিকৰণে (VOCPA) বহনক্ষম সামুদ্ৰিক উন্নয়নৰ এক আদৰ্শ হিচাপে আত্মপ্ৰকাশ কৰিছে। ডিকাৰ্বনাইজেচন, নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ আৰু সেউজ আন্তঃগাঁথনি বিকাশত বন্দৰটোৱে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে বুলি তেওঁ উল্লেখ কৰে।

ভি.অ’চি বন্দৰত বহুকেইটা বহনক্ষম উন্নয়ন, শিক্ষা আৰু উদ্ভাৱনীমূলক পদক্ষেপৰ শুভ উদ্বোধন কৰি সোণোৱালে বন্দৰটোৰ প্ৰথম বহনক্ষম ৰিপ’ৰ্টৰ তথ্য মুকলি কৰে। ৰিপ’ৰ্ট অনুসৰি, নবীকৰণযোগ্য শক্তিয়ে বন্দৰটোৰ প্ৰায় ৯৪% শক্তি ব্যৱহাৰৰ সমতুল্য চাহিদা পূৰণ কৰিছে আৰু নেট কাৰ্বন নিঃসৰণ প্ৰায় ৪৫% হ্ৰাস পাইছে। লগতে, প্ৰতি টন সামগ্ৰী পৰিবহণত কাৰ্বন তীব্ৰতা যোৱা চাৰি বছৰত প্ৰায় অৰ্ধেকলৈ হ্ৰাস পাইছে, যাৰ ফলত ভি.অ’চি বন্দৰ ভাৰতৰ সেউজ সামুদ্ৰিক পৰিৱৰ্তনৰ অগ্ৰণী বন্দৰ হিচাপে প্ৰতিষ্ঠিত হৈছে।

সৰ্বানন্দ সোণোৱালে কয়, “ভি.অ’চি বন্দৰে দেখুৱাই দিছে যে যেতিয়া আন্তঃগাঁথনি উন্নয়ন বহনক্ষম, উদ্ভাৱন আৰু জনকল্যাণৰ ভিত্তিত আগবঢ়োৱা হয়, তেতিয়া কি ধৰণৰ সফলতা সম্ভৱ। নেট কাৰ্বন নিঃসৰণ ৪৫% হ্ৰাস কৰাটো ভাৰতৰ অধিক সেউজ আৰু দায়িত্বশীল সামুদ্ৰিক বিকাশৰ যাত্ৰাত এক উল্লেখযোগ্য মাইলৰ খুঁটি। এই পদক্ষেপসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ আধুনিক, বহনক্ষম আৰু ভৱিষ্যৎমুখী আন্তঃগাঁথনি গঢ়ি তোলাৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে।”

অনুষ্ঠানটোৰ এক বিশেষ আকর্ষণ আছিল ২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে কেন্দ্ৰীয় বিদ্যালয়, ভি.অ’চি বন্দৰত শিক্ষামূলক কাৰ্যসূচীৰ আনুষ্ঠানিক আৰম্ভণি। ইয়াত বন্দৰ কৰ্মচাৰী, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু স্থানীয় শিশুসকলক গুণগত চি বি এছ ই শিক্ষা প্ৰদান কৰা হ’ব। এই পদক্ষেপে তুতিকোৰিনত শিক্ষাৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লগতে সুলভ আৰু গুণগত শিক্ষাৰ সুযোগ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

সোণোৱালে কয়, “গুণগত শিক্ষা সামাজিক পৰিৱৰ্তনৰ অন্যতম শক্তিশালী মাধ্যম। ভি.অ’.চি বন্দৰত কেন্দ্ৰীয় বিদ্যালয়ৰ স্থাপনে শিশুসকলৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব আৰু দীৰ্ঘম্যাদী উন্নয়নৰ বাবে প্ৰয়োজনীয় সামাজিক আন্তঃগাঁথনি অধিক শক্তিশালী কৰিব।”
পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত অধিক সফলতা হিচাপে ভি.অ’.চি বন্দৰে Scope-2 Emission Free Port হিচাপে স্বীকৃতি লাভ কৰে। এই স্বীকৃতিয়ে পৰিষ্কাৰ শক্তি আৰু কম কাৰ্বনভিত্তিক কাৰ্যপদ্ধতিলৈ বন্দৰটোৰ সফল ৰূপান্তৰক স্বীকৃতি দিয়ে আৰু ইয়াক ভাৰতৰ অন্যতম অগ্ৰণী সেউজ বন্দৰ হিচাপে অধিক সুদৃঢ় কৰে।
আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ভি.অ’.চি বন্দৰ প্ৰাধিকৰণে গতি শক্তি বিশ্ববিদ্যালয়, ভাডোদৰাৰ সৈতে এক বুজাবুজি চুক্তি (MoU) স্বাক্ষৰ কৰে। গৱেষণা, উদ্ভাৱন, লজিষ্টিক শিক্ষা, দক্ষতা বিকাশ আৰু বহনক্ষম বন্দৰ পৰিচালনাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে এই চুক্তি স্বাক্ষৰিত হয়।
মন্ত্ৰীগৰাকীয়ে PortGPT মোবাইল এপ্লিকেচনো উদ্বোধন কৰে।

