MISCELLANEOUS

NEW AND GOOD NEWS: এখন টমটমকে সাৰথি কৰি ঘৰ আৰু অধ্যয়ন চলাই যোৱা ঢকুৱাখনাৰ মেধাৱী ছাত্রী ৰাজশ্ৰীৰ কথা

Spread the love

এখন টমটমকে সাৰথি কৰি ঘৰ আৰু অধ্যয়ন চলাই যোৱা ঢকুৱাখনাৰ মেধাৱী ছাত্রী ৰাজশ্ৰীৰ কথা

আৰ্থিক সহায় আগবঢ়ালে চুতীয়া যুৱ সন্মিলন, অসমে

DD TIMES ঢকুৱাখনা, ২৩ জুনঃ যি সময়ত অন্য ছাত্ৰ-ছাত্ৰীৰ দৰে তেওঁ দৈনিক মহাবিদ্যালয়লৈ গৈ অধ্যয়ন চলোৱাৰ লগতে লগ-সমনীয়াৰ সৈতে আনন্দ ফূৰ্তিৰে সময় পাৰ কৰিব লাগিছিল সেই সময়ত এতিয়া তেওঁ পুৱা আৰু আবেলি টমটমখন লৈ চলাব লগা হৈছে জীৱন সংগ্ৰাম।

ঢকুৱাখনা সমষ্টিৰ দেৱলীয়া গাঁৱৰ এটা অতি আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মেধাৱী ছাত্ৰী ৰাজশ্ৰী বড়াই এই বৰ্ষত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত তিনিটা বিষয়ত লেটাৰ মাৰ্কসহ ৮২% নম্বৰ পায় উত্তীৰ্ণ হৈ নাম ভৰ্ত্তি কৰিছিল ঢকুৱাখনা মহাবিদ্যালয়(স্বা:)ৰ অসমীয়া বিভাগত। তাৰ কিছুদিন পূৰ্বেই ছাত্ৰীগৰাকীৰ পিতৃ মনোজ বড়া এক দুৰ্ঘটনাত পতিত হৈ গুৰুত্বৰ ভাৱে আহত হয়।

পত্নী আৰু পৰিয়ালে মাটি-বাৰী বিক্ৰী কৰি, ধাৰ-ঋণ লৈ তেওঁক গুৱাহাটীলৈ কেইবাবাৰো নি চিকিৎসা কৰিছিল যদিও সুস্থ হৈ নুঠিল।

অসুখৰ বাবে মনোজ বড়াৰ স্বাস্থ্য ক্ৰমান্বয়ে অৱনতি হোৱাত ঘৰখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। কিয়নো তেওঁৱে আছিল ঘৰখনৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি।

পিতৃ অসুখৰ বাবে ঘৰতে থাকিব লগাত উপায়ন্তৰ হৈ মেধাৱী ছাত্ৰী ৰাজশ্ৰীয়ে এতিয়া এখন টমটমকে সাৰথি কৰি ঘৰ চলোৱা, দেউতাকৰ অসুখৰ চিকিৎসা কৰা, নিজৰ পঢ়াৰ খৰছ উলিওৱা আৰু টমটমৰ মাহেকীয়া ষ্টলমেন দিয়া আদি সকলো কৰিব লগা হৈছে।ঘৰখনৰ ডাঙৰ ছোৱালী হিচাপে তাইয়ে সমষ্ট ঘৰখনৰ দায়িত্ব মুৰপাতি লৈ কঠোৰ জীৱন সংগ্ৰাম অব্যাহত ৰাখিব লগা হৈছে।

মেধাৱী ছাত্ৰী ৰাজশ্ৰী বড়াৰ এই কঠোৰ জীৱন সংগ্ৰাম দেখি তেওঁক অলপ উৎসাহ আৰু প্ৰেৰণা দিবলৈ অৱশেষত উলাই আহিল চুতীয়া যুৱ সন্মিলন, অসম।

আজি চুতীয়া যুৱ সন্মিলন, অসম (ছাইচা)ৰ কেন্দ্ৰীয় সভাপতি কৌস্তভ কিশোৰ চুতীয়া, চুতীয়া যুৱ সন্মিলন, অসম (ছাইচা)ৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি পুলিন (দিগন্ত) চুতীয়া, আৰু সাধাৰণ সম্পাদক অজিত বৰুৱাৰ নেতৃত্বত গৈ সংগঠন একাংশ বিষয়-ববীয়া মেধাৱী ছাত্ৰীগৰাকীৰ ঘৰত গৈ তেওঁৰ ঘৰৰ সমস্যাৰ বুজ লয়। ছাত্ৰগৰাকীৰ অধ্যয়নত সহায়ক হোৱাকৈ ১০ হেজাৰ টকাৰ আৰ্থিক সকাহ আগবঢ়ায়।

ইফালে ছাত্ৰীগৰাকীয়ে ইমান কম বয়সতে ঘৰৰ সকলো দায়িত্ব মুৰ পাতি লৈ কঠোৰ জীৱন সংগ্ৰাম চলোৱাৰ বাবে উৎসাহিত কৰি সম্বৰ্ধনাও জনাই ৰাজশ্ৰীক।

ঘৰখনৰ পৰিস্থিতি আৰু আৰ্থিক সমস্যাৰ বাবে ঘৰ চলোৱা আৰু অধ্যয়নত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ অহা এই মেধাৱী ছাত্ৰীগৰাকীক সহায় আগবঢ়াবৰ বাবে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক স্থানীয় ৰাইজে অনুৰোধ জনাইছে।

যদি ছাত্ৰীগৰাকীক সহায় আগবঢ়াব খোজে তেনেহ’লে
আপুনি ছাত্ৰীগৰাকীৰ নামত ভাৰতীয় ষ্টেট বেংকত থকা-
41360333057(IFSC Code-SBIN0010760) এইএকাউণ্ট নম্বৰত আৰ্থিক সহায় আগবাঢ়াব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!