NEW CULTURE: ব্ৰাহ্মণগাঁৱত নৱ মিলন শিল্পী সমাজ আৰু পূৱ হাতীচোং যুৱক সংঘৰ সৌজন্যত জেং বিহু প্রতিযোগিতা
ব্ৰাহ্মণগাঁৱত নৱ মিলন শিল্পী সমাজ আৰু পূৱ হাতীচোং যুৱক সংঘৰ সৌজন্যত জেং বিহু প্রতিযোগিতা
কৃতী ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক আৰু বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা
ৰূপহী বোৱাৰী জেং বিহু দললৈ শ্ৰেষ্ঠ দলৰ সন্মান

DD TIMES, বেবেজীয়া, ৩১ মে’ : নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ হাতীচোং ব্ৰাহ্মণগাঁৱত নৱ মিলন শিল্পী সমাজ আৰু পূৱ হাতীচোং যুৱক সংঘৰ সৌজন্যত আয়োজিত জেং বিহু প্রতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়াৰ কালি সফল সমাপ্তি ঘটে। দিনজোৰাকৈ আয়োজিত বিহু অনুষ্ঠানৰ পুৱা ১০ বজাত পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে সমাজকৰ্মী মিহিৰ ভূঞাই।
পৰৱৰ্তী অমৃতকন্ঠ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া জান বৰাই। পুষ্পাঞ্জলি অৰ্পণ কৰে সমাজকৰ্মী মামণি বৰাই। ইয়াৰ পাছতে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ অঞ্চলটোৰ ২২গৰাকী ছাত্ৰ-ছাত্ৰী আৰু সমাজলৈ বিশেষ বৰঙণি আগবঢ়োৱা ১২ গৰাকী বিশিষ্ট ব্যক্তিলৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
সম্বৰ্ধনা সভাতে দৈনন্দিন বাৰ্তাৰ বেবেজীয়াৰ সংবাদাতা ৰূপম নাথকো বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় । পৰৱৰ্তী জেং বিহু প্ৰতিযোগিতাত অসমৰ বিভিন্ন স্থানৰ প্ৰায় ২০ টা দলে অংশগ্ৰহণ কৰে ।
উল্লেখ্য যে উক্ত প্ৰতিযোগিতাত ৰূপহী ৰোৱাৰী দলে(কাকমাৰী) শ্ৰেষ্ঠ জেং বিহুৰ দল, দ্বিতীয় শ্ৰেষ্ঠ স্থান লাভ কৰে যুৰীয়া জেং বিহু দল (শেতালী), তৃতীয় স্থান সোণাইপৰীয়া বিহু দল (চকলাঘাট), চতুৰ্থ স্থান ন-বিহু দলে(গজপুৰীয়া গাওঁ) লাভ কৰে।
আনহাতে শ্ৰেষ্ঠ গগণা বাদকৰ সন্মান লাভ কৰে যুৰীয়া জেং বিহু দলে(শেতালী)। শ্ৰেষ্ঠ নামতিৰ সন্মান লাভ কৰে বিজু দেৱী, ৰূপহী বোৱাৰী দল(কাকমাৰী)ৰ। শ্রেষ্ঠ শৃংখলাবদ্ধ দলৰ সন্মান লাভ কৰে বঢ়মথুৰি জেং বিহু দলে (বেবেজীয়া)।
অন্যহাতে সন্ধিয়া সাংস্কৃতিক সন্ধ্যাৰ আগেয়ে অনুষ্ঠিত অন্য এক সম্বৰ্ধনা অনুষ্ঠানত জ্যেষ্ঠ ভাস্কৰ্য শিল্পী গোলাপ চন্দ্ৰ নাথ, বাঁহী বাদক নৱজিৎ বৰা, লোকবাদ্য শিল্পী অজিত বৰা, ক্ষুদ্ৰ ব্যৱসায়ী লক্ষী বৰা, বিশিষ্ট সমাজকৰ্মী ভানু মুদৈ, মীনা ভৰালী, ভাওনা শিল্পী হৰেন বৰা, সৌন্দৰ্য শিল্পী ডিম্পী জান বৰা, শিপিনী যমুনা বৰা আৰু বিশিষ্ট সমাজসেৱী মামণি বৰাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখ্য যে গোটেই নিশা শিল্পী দীপু দীক্ষিত আৰু চয়নিকা ৰজকৰ সংগীতানুষ্ঠানে ৰাইজক মোহাছন্ন কৰি ৰাখে ।

