NEW BOOK: মহিলাসকল সমাজৰ প্ৰতি চিন্তাশীল আৰু দায়িত্বশীল হ’ব লাগিবঃ জ্যোৎস্না মেদক
মহিলাসকল সমাজৰ প্ৰতি চিন্তাশীল আৰু দায়িত্বশীল হ’ব লাগিবঃ জ্যোৎস্না মেদক
মানুহ শিক্ষিত হ’লেই জ্ঞানী হ’ব নোৱাৰেঃ প্ৰতিমা চেতিয়া
১নং বান্তৌ মহিলা সমিতিৰ ৪৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সামৰণি

DD TIMES ঢকুৱাখনা, ১৫ জুলাইঃ “এখন সুস্থ সমাজ গঢ়ি তোলাত মহিলাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

মহিলাসকলে নিজৰ সন্তানক সৰুৰে পৰাই কি ভাল,কি বেয়া এইবোৰ কথা শিকাব লাগে।তদুপৰি সামাজিক,
সাংস্কৃতিক আৰু আধ্যাত্মিক দিশতো মহিলাসকলে নিজৰ সন্তানক আগবঢ়াই নিব পাৰিলেহে এখন সুস্থ সমাজ
গঢ়ি তুলিব পৰা যাব বৰ্তমান সময়ত।”-এই মন্তব্য ধেমাজি ডায়েটৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা জ্যোৎস্না মেদকৰ।

ঢকুৱাখনাৰ এখন আগৰণুৱা গাওঁ ১ নং বান্তৌ গাঁৱৰ মহিলা সমিতিৰ ৪৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত বিশিষ্ট অতিথিৰূপে বক্তব্য ৰাখি শিক্ষাবিদ মেদকে আৰু কয় যে-“আমাৰ মহিলাসকল সমাজৰ প্ৰতি চিন্তাশীল আৰু দায়িত্বশীল হ’ব লাগিব।তেতিয়াহে সন্তান আৰু সমাজ ৰ ভৱিষ্যত সুন্দৰ হ’ব।”

উল্লেখ্য যে কালিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে
১ নং বান্তৌ ৰঙ্গমঞ্চত আয়োজিত মহিলা সমিতিৰ অধিৱেশনৰ প্ৰথম দিনা কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলনৰ পিছতে ৮ বজাৰ পৰা ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়।
প্ৰতিযোগিতা উদ্বোধন কৰে অল আচাম মিৰি হাইয়াৰ চেকেণ্ডাৰী স্কুলৰ শিক্ষক বিনোদ কোঁৱৰে। ইফালে অৱসৰপ্ৰাপ্ত শিক্ষক ৰেখা চমুৱাই সঞ্চালনাত পুৱা
১০ বজাৰ পৰা সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয়।
প্ৰতিযোগিতাখন উদ্ধোধন কৰে হাৰ্হি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° জিতু কুমাৰ চমুৱাই।নিশালৈ “বিহু নাচ আৰু সাজপাৰ প্ৰতিযোগিতা” আয়োজন কৰা হয়।
এই সাংস্কৃতিক প্ৰতিযোগিতাখন সঞ্চালনা কৰে শিক্ষক তপন কুমাৰ চমুৱাই। অন্যহাতে আজি অন্তিম দিনাৰ কাৰ্যসূচী ৰূপে পুৱাবেলা বিয়ানামৰ প্ৰতিযোগিতা আয়োজিত হয়।
এই প্ৰতিযোগিতাখন উদ্ধোধন কৰে বিশিষ্টা মহিলা কিৰণ গগৈয়ে। ইপিনে দুপৰীয়া ১২ বজাৰ ১ নং বান্তৌ মহিলা সমিতিৰ সভানেত্ৰী তথা লেখিকা বিদ্যাৱতী শইকীয়াৰ সঞ্চালনাত মুকলি সভা অনুষ্ঠিত হয়।
কবি, শিক্ষয়িত্ৰী মৌচুমী গগৈ হাতীবৰুৱাই উদ্ধোধন কৰা এই মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰি লেখিকা, অধ্যাপিকা প্ৰতিমা চেতিয়াই ভাষন প্ৰসংগত কয় যে- ‘মহিলাসকলে ইচ্ছা কৰিলে সমাজ গঢ়িবও পাৰে,ধ্বংসও কৰিব পাৰে।
মহিলাসকল শিক্ষিত আৰু সংস্কাৰী হ’লেহে আমি এখন সুস্থ সমাজ গঢ়ি তুলিব পাৰিম আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে।”
ইফালে বৰ্তমান সমাজৰ স্খলিত অৱস্থাৰ কথা উল্লেখ কৰি লেখিকা চেতিয়াই আৰু কয় যে- “শিক্ষিতৰ সংখ্যা বাঢ়িছে যদিও জ্ঞানীৰ সংখ্যা বঢ়া নাই; কাৰণ শিক্ষিত হলেই জ্ঞানী হ’ব নোৱাৰে।”
তদুপৰি এই মুকলি সভাত আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰি চুতীয়া সাহিত্য সন্মিলন অসমৰ আহ্বায়ক সমিতিৰ সভাপতি,লেখক-সাংবাদিক ৰাজীৱ বৰুৱা,আৰু লেখক, অধ্যাপক, সাংবাদিক অৰুণ চমুৱাই বক্তব্য ৰাখি মহিলা সকলক নিজৰ কৰ্তব্য তথা দায়িত্ববোধৰ প্ৰতি সজাগ হৈ সামাজিক,সাংস্কৃতিক আৰু আধ্যাত্মিক ক্ষেত্ৰত সংস্কাৰী হৈ আগবাঢ়ি যাবলৈ আহ্বান জনায়।

