অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Chutia Sahitya Sanmilon, Assam: চুতীয়া সাহিত্য সন্মিলন, অসমৰ আহ্বায়ক সমিতি গঠন

Spread the love

চুতীয়া সাহিত্য সন্মিলন, অসমৰ আহ্বায়ক সমিতি গঠন


জুলাইত গঠন হ’ব পূৰ্ণাংগ সমিতি

DD TIMES, ঢকুৱাখনা, ২১ জুনঃ অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ বিভিন্ন ঠাইৰ লেখক-লেখিকাসকলক একত্ৰিত কৰি এক জাতীয় বৌদ্ধিক চেতনা জাগ্ৰত কৰাৰ লক্ষ্যৰে শীঘ্ৰেই পূৰ্ণাংগৰূপত আত্মপ্ৰকাশ ঘটিব ‘চুতীয়া সাহিত্য সন্মিলন, অসম’ (Chutia Sahitya Sanmilon, Assam) নামৰ এটি সাহিত্য সংগঠনৰ।

আজি এই সংগঠনটো জন্ম দিয়াৰ উদ্দেশ্য আগত ৰাখি গোলাঘাট, যোৰহাট, বিশ্বনাথ, লক্ষীমপুৰ, ধেমাজি, ঢকুৱাখনা, ওদালগুৰি, ডিব্ৰুগড়, নাজিৰা, নগাঁও আৰু তিনিচুকীয়া জিলাৰ বহুকেইজন উদীয়মান লেখক, সাহিত্যিকৰ অংশগ্ৰহণেৰে এখন ডিজিটেল সভা অনুষ্ঠিত হৈ যায়।

এই ডিজিটেল সভাৰ আলোচনা মৰ্মে এখন পূৰ্ণাংগ কাৰ্যকৰী সমিতি গঠনৰ যাৱতীয় প্ৰস্তুতিৰ বাবে আজি চুতীয়া ৰাজবংশৰ প্ৰতিনিধি জীপেন বৰুৱা, সেনাপতি বংশৰ প্ৰতিনিধি দেৱেন বৰুৱা, চত্ৰধৰ হাজৰিকা, লম্বিত চুতীয়া, চম্পক ৰঞ্জন বৰাক উপদেষ্টা, দিপেন গগৈ, ড° অসীম চুতীয়া, হানিদ ৰঞ্জন ভূঞা, ডিম্পুল কুমাৰ চুতীয়া, দুলাল বৰাক উপ-সভাপতি, ৰাজীৱ বৰুৱাক সভাপতি, শৰৎ শইকীয়াক সাধাৰণ সম্পাদক, ড° ৰণদ্বীপ বড়া, গুণ শইকীয়া, শিৰোমণি চুতীয়া, অংকুৰ চুতীয়া আৰু ভৱভূতি চুতীয়াক সহকাৰী সম্পাদৰূপে লৈ চুতীয়া সাহিত্য সন্মিলন, অসমৰ (Chutia Sahitya Sanmilon, Assam) এখন আহ্বায়ক সমিতি গঠন কৰ হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!