অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

GHUNASUTI: ঘূনাসুঁতিৰ বানপীড়িতক সাহায্য সামগ্ৰী বিতৰণ বিশিষ্ট ব্যৱসায়ী ৰুদ্ৰ পেগুৰ

Spread the love

ঘূনাসুঁতিৰ বানপীড়িতক সাহায্য সামগ্ৰী বিতৰণ বিশিষ্ট ব্যৱসায়ী ৰুদ্ৰ পেগুৰ


জলবিদ্যুৎ প্ৰকল্পই এৰি দিয়া পানীয়ে উটোৱাই নিলে পশুধন

DD TIMES ঢকুৱাখনা, ১৪ জুলাইঃ অসম অৰুণাচল সীমান্তৰ গেৰুকামুখস্থিত নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ গেট খুলি দিয়াৰ ফলত হঠাৎ বাঢ়ি অহা পানীৰ ঢলে নাওবৈছা সমষ্টিৰ ঘূনাসুঁতি পঞ্চায়তৰ ১০/১২ খনৰো অধিক গাওঁ জলমগ্ন কৰি পেলোৱাত জনসাধাৰণৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

পানী কিছু কমিছে যদিও আজি পৰ্যন্ত প্ৰশাসনে বন্যাৰ্তৰ মাজত কোনোধৰনৰ সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰা নাই।

কালি হঠাৎ বৈ অহা বানৰ ঢলে-কলিয়নী,
বামুণীজান, ১নং নাহৰণি, ২নং নাহৰণি, বালি
ভেটা, উৰিয়াম তলা, বৰচাপৰি আদি নৈ পৰীয়া গাঁৱৰ বহুকেইটা পৰিয়ালৰ চাপৰিৰ মাজৰ থকা গৰু-
ছাগলী উটোৱাই লৈ যায়।

ইফালে বহু হেক্টৰ শালিধানৰ খেতিও পলস আৰু বানত ডুব গৈ নষ্ট হয়।

উল্লেখ্য, আজি ঘূনাসুঁতিৰ বানপীড়িত অঞ্চল নিজে পৰিভ্ৰমণ কৰি ৰাইজৰ সমস্যাৰ বুজ লয় ৰাজ্যিক বিজেপিৰ এছ,টি মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য সোৱণশিৰী অঞ্চলৰ যুৱ নেতা ৰুদ্ৰ পেগুৱে।

অন্যহাতে ঘূনাসুঁতি মণ্ডল বিজেপিৰ সহযোগত আজি যুৱ নেতা ৰুদ্ৰ পেগুৱে বেছিকৈ বানত ক্ষতিগ্ৰস্ত ৩খনকৈ গাঁৱৰ ৰাইজক নিজৰ পূঁজিৰে-চাউল, দাইল, আলু, নিমখ, মিঠাতেল আদি খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে।

এই সাহাৰ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি-ঘূনাসুঁতি মণ্ডল বিজেপিৰ সভাপতি-ৰাজেশ পায়েং, উপ সভাপতি-গুণেশ্বৰ কামান, সাধাৰণ সম্পাদক-বিজয় কুম্বাং, মণ্ডল বিজেপিৰ সামাজিক মাধ্যম কোষৰ আহ্বায়ক-নিলমণি মিলিকে আদি বহুসংখ্যক ব্যক্তিয়ে যুৱ নেতা গৰাকীক সহযোগিতা আগবঢ়াই।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!