ASSAM NEWS: বানপীড়িত অঞ্চল পৰিভ্ৰমণ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ
ঘূনাসুঁতিৰ বানপীড়িত অঞ্চল পৰিভ্ৰমণ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ
বানে বিধস্ত কৰা-পথ, বাহৰ দলং আদি মেৰামতি কৰাৰ আশ্বাস

DD TIMES ঢকুৱাখনা, ১৪ জুলাইঃ নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ গেট খুলি সোমবাৰে দিয়া পানীয়ে কালৰূপ ধাৰন কৰি পশুধন, পথ, দলং আদি উটোৱাই নিয়া নাওবৈছা সমষ্টিৰ ঘূনাসুঁতি অঞ্চলত আজি বিয়লি উপস্থিত হয়হি মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

চায়েঙীয়াই ১নং নাহৰণিৰ পৰা খোজকাঢ়ি গৈ স্থানীয় ৰাইজ আৰু মিচিং জাতীয় সংগঠনৰ সহযোগত ঘূনাসুঁতি পঞ্চায়তৰ কেইবাটাও বান পীড়িত অঞ্চল পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়।
উল্লেখ্য যে কালি পুৱা ৭ বজাৰ পিছত হঠাৎ বাঢ়ি অহা সোৱণশিৰীৰ পানীৰ ঢলে নাওবৈছা সমষ্টিৰ ঘূনাসুঁতি পঞ্চায়তৰ ১০/১২ খনৰো অধিক গাওঁ জলমগ্ন কৰি জনসাধাৰণৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছিল।
পুৱাৰ ভাগতে অহা বানে বানপৰিস্থতিৰ বাবে সাজু হৈ নথকা নৈপৰীয়া ৰাইজৰ অনেক সা-সম্পত্তি হঠাৎ অহা বানে নষ্ট কৰি থৈ যায়।

আজি পানী কিছু কমিছে যদিও আজি পৰ্যন্ত প্ৰশাসনে বন্যাৰ্তৰ মাজত কোনোধৰনৰ সাহাৰ্য্য সামগ্ৰী বিতৰণ নাই কৰা বুলি অভিযোগ কৰাৰ লগতে স্থানীয় বিধায়কে খবৰ এটাও লোৱা নাই বুলি অতি দুখ প্ৰকাশ কৰে এই প্ৰতিবেদকৰ আগত।
কালি হঠাৎ বৈ অহা বানৰ ঢলে-কলিয়নী, বামুণীজান, ১নং নাহৰণি, ২নং নাহৰণি, বালিভেটা, উৰিয়াম তলা, বৰচাপৰি আদি নৈ পৰীয়া গাঁৱৰ বহুকেইটা পৰিয়ালৰ চাপৰিৰ মাজৰ থকা গৰু-ছাগলী উটোৱাই লৈ যায়।
ইফালে বহু হেক্টৰ শালিধানৰ খেতিও পলস আৰু বানত ডুব গৈ নষ্ট হয়। উল্লেখ্য, আজি ঘূনাসুঁতিৰ বানপীড়িত অঞ্চল পৰিভ্ৰমণ কালত এমএচিৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰি সমস্যাৰ বুজ লোৱাৰ লগতে বানত ক্ষতিগ্ৰস্ত পথ, বাঁহৰ দলং আদি মেৰামতিৰ ব্যৱস্থা কৰি দিয়াৰো আশ্বাস প্ৰদান কৰে।
মিচিং বানে কেবাঙৰ সভাপতিৰ দায়িত্বত থকা জাতীয় নেতাগৰাকীক এই পৰিভ্ৰমণ কালত সংগ দিয়ে- সদৌ মিচিং ছাত্ৰ সন্থা (TMPK)ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চান দ:ঞি পাংগিং, সম্পাদক বিদ্যাসাগৰ দলে,যুটীয়া সম্পাদক তৰুণ পেগু, শিক্ষা কোষৰ আহ্বায়ক বিকাশ মিচং, জীৱন-জীৱিকা কোষৰ আহ্বায়ক- নৱজিৎ কুলি,সাহিত্য কোষৰ সদস্য কবিন্দ্ৰ পায়েং আৰু মিডিয়া কোষৰ সদস্য মৃনাল প:ল পায়েঙকে ধৰি ভালেসংখ্যক মিচিং জাতীয় সংগঠনৰ নেতা কৰ্মীয়ে।

