State Level Consultative Workshop: অসমে এতিয়া প্ৰতিৰক্ষা ক্ষেত্ৰত উৎপাদন, মেৰামতি, গৱেষণা প্ৰতিষ্ঠান স্হাপনৰ লগতে প্ৰতিৰক্ষা প্ৰযুক্তিৰ দিশত বিনিয়োগকাৰীক পৰ্যাপ্ত সুবিধা আগবঢ়াইছেঃ উদ্যোগ মন্ত্ৰী বিমল বড়া
অসমে এতিয়া প্ৰতিৰক্ষা ক্ষেত্ৰত উৎপাদন, মেৰামতি, গৱেষণা প্ৰতিষ্ঠান স্হাপনৰ লগতে প্ৰতিৰক্ষা প্ৰযুক্তিৰ দিশত বিনিয়োগকাৰীক পৰ্যাপ্ত সুবিধা আগবঢ়াইছেঃ উদ্যোগ মন্ত্ৰী বিমল বড়া

প্ৰতিৰক্ষা সামগ্রী নিৰ্মাণৰ ক্ষেত্ৰত আত্ম নিৰ্ভৰ ভাৰতৰ বাবে ৰাজ্যৰ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ প্ৰচেষ্টা
DD TIMES গুৱাহাটী, ২৪ জুন: ‘অসমে এতিয়া প্ৰতিৰক্ষা ক্ষেত্ৰত উৎপাদন, মেৰামতি, গৱেষণা প্ৰতিষ্ঠান স্হাপনৰ লগতে প্ৰতিৰক্ষা প্ৰযুক্তিৰ দিশত সহযোগিতাৰ বাবে বিনিয়োগকাৰীক পৰ্যাপ্ত সুবিধা আগবঢ়াইছে’- প্ৰতিৰক্ষা সামগ্রী উৎপাদনত ভাৰতক আত্ম নিৰ্ভৰ কৰি তুলিবলৈ ৰাজ্যৰ পৰিৱেশতন্ত্ৰৰ বিকাশ সাধনৰ লক্ষ্যৰে আজি গুৱাহাটীৰ খানাপাৰাস্হ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শমূলক কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান, প্ৰাচ্য ভিত্তিক কাৰ্য নীতি আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই এই মন্তব্য কৰে।

উত্তৰ-পূৰ্বাঞ্চল আৰু সীমান্তৰ ৰাজ্যসমূহৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভাগীয় সন্মিলনৰ অধীনত কেন্দ্রীয় চৰকাৰৰ প্ৰতিৰক্ষা উৎপাদন বিভাগ আৰু অসম ঔদ্যোগিক উন্নয়ন নিগমে আয়োজন কৰা এই কৰ্মশালাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি উদ্যোগ মন্ত্ৰী বিমল বড়াই অসম এতিয়া আন্তঃগাঁথনি আৰু উৎপাদনৰ দিশত এখন আগশাৰীৰ ৰাজ্যত পৰিগণিত হৈছে বুলি মন্তব্য কৰে।
প্ৰতিৰক্ষা সামগ্রী নিৰ্মাণত আত্মনিৰ্ভৰতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ অংশ বুলি উল্লেখ কৰি মন্ত্ৰী বড়াই কয় যে অসমৰ ভৌগলিক অৱস্থিতি দেশৰ প্ৰতিৰক্ষাৰ দিশত গুৰুত্বপূৰ্ণ, তদুপৰি ইয়াত আকাশী পথ, পথ, ৰে’ল যোগাযোগৰ লগতে আভ্যন্তৰীণ জল পৰিবহনৰ সুবিধাইৰাজ্যখনক প্ৰতিৰক্ষা উদ্যোগ স্হাপনত অনুকূল* পৰিৱেশ প্ৰদান কৰিছে।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেন্দ্র আৰু ৰাজ্যৰ ডাবল ইঞ্জিন চৰকাৰৰ নিৰলস প্ৰচেষ্টাৰ ফলশ্ৰুতিত অসম এতিয়া দেশৰ দ্ৰুত বিকাশশীল ৰাজ্যত পৰিণত হোৱা বুলি প্ৰকাশ কৰি মন্ত্ৰী বড়াই ব্যক্ত কৰে যে ২০২৫ত অনুষ্ঠিত এডভান্টেজ অসম ২.০ত লাভ কৰা ৫.১৮ লাখ কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱৰ ভিতৰত ৬০ শতাংশ অৰ্থাৎ প্ৰায় ৩.১০লাখ কোটি মূল্যৰ প্ৰকল্পৰ কাম যথেষ্ট আগবাঢ়িছে আৰু ইয়াৰে কিছু সংখ্যকৰ এতিয়া উৎপাদন আৰম্ভ হোৱাৰ পথত।
‘অসম এতিয়া সাহসী হৈ উঠিছে, অসমে প্ৰযুক্তিগত পৰিৱেশতন্ত্ৰ গঢ়িবলৈ সক্ষম হৈছে। যাৰ বাবে জাগীৰোডত ২৭হেজাৰ কোটি টকা বিনিয়োগেৰে ছেমী কণ্ডাক্টৰ প্ৰকল্প সম্ভৱপৰ হৈছে’- মন্ত্ৰী বড়াই তেওঁৰ ভাষণত কয়।
অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতি, ব্যৱসায় কৰাৰ সূচলতা আদিয়ে আজি সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীক আকৰ্ষিত কৰা বুলি মন্তব্য কৰি বড়াই লগতে কয় যে অসমৰ উন্নয়নৰ বাবে এনে ধৰণৰ আলোচনাৰ নিত্যান্তই আৱশ্যক।
উদ্যোগ বিভাগৰ দায়িত্বত থকা ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব ডাঃ জেবি এক্কাই আদৰণি ভাষণ প্ৰদান কৰা এই কৰ্মশালাখনত কেন্দ্রীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব দিনেশ মাথুৰ, ভাৰত ইলেকট্রনিক্স লিমিটেডৰ কাৰ্যবাহী সঞ্চালক প্ৰভা গোৱেলৰ লগতে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ ভালে সংখ্যক বিষয়া উপস্থিত আছিল।
গুৱাহাটী আই আই টি, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, গুৱাহাটী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ কেবাগৰাকীও অধ্যাপক, প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ বিজ্ঞানী আৰু বিষয়াকে ধৰি ভালে সংখ্যক লোক উপস্থিত থকা এই কৰ্মশালাখনত অন্য দুটা সত্ৰও অনুষ্ঠিত হয়।
এই আলোচনা সত্ৰত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্হ তেজপুৰৰ প্ৰতিৰক্ষা গৱেষণাগাৰৰ বিজ্ঞানী তথা কেন্দ্র মুৰব্বী আৰ কে গাৰ্গে উদ্যেগলৈ প্ৰযুক্তি হস্তান্তৰ শীৰ্ষক বক্তৃতা প্ৰদান কৰে।
কৰ্মশালাখনত ‘স্পিড ফ’ৰ ডিফেন্স চিষ্টেম প্ৰাইভেট লিমিটেডৰ কৌশল মুৰব্বী ব্ৰিগেডিয়াৰ তেজপাল সিং, এআই ডিচিৰ পৰিচালন সঞ্চালক নিচাৰ্গ হিভাৰে, মানেক্স চেন্টাৰ অৱ এক্সিলেন্স ফ’ৰ নেচনেল ছিকিউৰিটি ষ্টাডিজ এণ্ড ৰিচাৰ্ছৰ গ্ৰুপ চিইঅ’ কৰ্ণেল প্ৰবীৰ চেনগুপ্তকে ধৰি কেবাগৰাকীও ব্যক্তিয়ে বক্তব্য আগবঢ়ায়।
উল্লেখ্য, এই কৰ্মশালাৰে সংগতি ৰাখি আয়োজন কৰা প্ৰতিৰক্ষা বিষয়ক প্ৰদৰ্শনী এখনো আয়োজন কৰা হৈছিল।
ইয়াত অংশগ্ৰহণকাৰী উদ্ভাৱক, ষ্টাৰ্টআপ আৰু উদ্যোগিক প্ৰতিষ্ঠানৰ বিষয়াসকলৰ সৈতে মন্ত্ৰী বড়াকে ধৰি বিভাগীয় বিষয়াসকলে মত বিনিময়ে কৰে।

