Pre-budget discussions: ৰাজ্যিক বিজেপিৰ উদ্যোগত প্ৰাক বাজেট আলোচনা
ৰাজ্যিক বিজেপিৰ উদ্যোগত প্ৰাক বাজেট আলোচনা

২০১৪-১৫ বিত্তীয় বৰ্ষতকৈ ২০২৪-২৫ বৰ্ষত অসমৰ অৰ্থনীতিৰ অভাৱনীয় সফলতাঃ দিলীপ শইকীয়া
অসমে এতিয়া ৫ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিব পৰা ৰাজ্যঃ জয়ন্ত মল্লবৰুৱা

DD TIMES গুৱাহাটী, ২৪ জুনঃ ২০১৪-১৫ চনৰ বিত্তীয় বৰ্ষতকৈ ২০২৪-২৫ বৰ্ষত অসমৰ ৰাজ্যিক ঘৰুৱা উৎপাদন অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অৰ্থনৈতিক প্ৰগতিৰে আই অসমীক সমৃদ্ধ কৰাৰ লগতে জনতাৰ মূল সমস্যা সমূহ সমাধানৰ দিশত আগবঢ়াই নিবলৈ সক্ষম হৈছে৷
তেখেতৰ দূৰদৰ্শিতাৰে অসমখনক দেশৰ আগশাৰীৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আগবাঢ়িছে৷ এই মন্তব্য অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়াৰ৷
আজি হোটেল ভিভান্টাত অসম ৰাজ্যিক বিজেপিৰ উদ্যোগত আয়োজিত অসম চৰকাৰৰ প্ৰাক বাজেট আলোচনাৰ উদ্বোধনী ভাষণত শইকীয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিকশিত ভাৰতৰ সপোনক সাৰ্থক কৰাৰ বাবে আজি অসমৰ আৰ্থিক প্ৰগতিয়েও গুৰুত্বপূৰ্ণ ভূমিকা লৈছে৷

প্ৰাক বাজেট আলোচনাৰ মূল বক্তব্য ৰাখি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এখন ব্যৱহাৰিক বাজেট প্ৰস্তুত কৰাত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকলৰ পৰামৰ্শ সহায়ক হব বুলি মন্তব্য কৰে৷ তেওঁ কয় যে ড° হিমন্ত বিশ্ব শৰ্মাৰ শাসনত বাজেট ৰূপায়ণৰ পৰিমাণ ৯০ শতাংশলৈ কৰিব পৰা গৈছে৷ এই ৰূপায়ণ এশ শতাংশ কৰাত আমাৰ চৰকাৰে গুৰুত্ব আৰোপ কৰিছে৷ অসমে আজি কেন্দ্ৰৰ পৰা অধিক গুৰুত্ব লাভ কৰিছে৷

পূৰ্বে কোনো কোনোৱে অভিযোগ কৰাৰ দৰে কেন্দ্ৰই এতিয়া আমাক মাহীআইৰ চকুৰে নাচায়৷। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩৫ বাৰতকৈও অধিক অসম ভ্ৰমণ কৰি প্ৰমাণ কৰিছে কেন্দ্ৰৰ ওচৰত অসমৰ গুৰুত্ব বাঢ়িছে বুলিও মন্তব্য কৰে৷
অসমৰ অৰ্থনৈতিক পৰিবৰ্তনৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে আগতে অসমত ১/২ কোটি বিনিয়োগৰ বাবেও কোনোৱে আগ্ৰহ প্ৰকাশ কৰা নাছিল৷ কিন্তু এতিয়া অসমে ৫ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰে৷ এটা চেমিকণ্ডাক্টৰ উদ্যোগ স্থাপনৰ পাছত এতিয়া আৰ দুটা চেমিকণ্ডাক্টৰ উদ্যোগ স্থাপন হব বুলি উল্লেখ কৰি বিত্তমন্ত্ৰী বৰুৱাই কয় যে অসম এতিয়া বিনিয়োগৰ হাব হবলৈ গৈ আছে৷
আলোচনাত অংশগ্ৰহণ কৰি কেবাজনো বিশিষ্ট ব্যক্তিয়ে বিভিন্ন পৰামৰ্শ আগবঢ়ায়। আসাম এয়াৰ প্ৰডাক্টৰ এমডি অভিজিত বৰুৱাই অসমৰ ৰাজহ বঢ়াবলৈ এমএছএমই খণ্ডত গুৰুত্ব দিব লাগে বুলি মতপোষণ কৰে ৷ ভাৰত চৰকাৰৰ মেক ইন পলিচিৰ আধাৰত মেক ইন আসাম ৰপায়িত কৰিব লাগে বুলি বৰুৱাই মন্তব্য কৰে৷
অসম চৰকাৰৰ নিৰ্মাণত বাহ-বেত ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিব লাগে বুলিও তেখেতে মতপোষণ কৰে৷

কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ ডেকাই মতপ্ৰকাশ কৰি কয় যে কটন বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে অধিক পুজি আগবঢ়াবলৈ অনুৰোধ কৰে৷ কণী উৎপাদক উদ্যোগী “বাহুৱলী”ৰ পৰিচালন সঞ্চালক আকাশজ্যোতি গগৈয়ে কণী উৎপাদনৰ সৈতে জড়িত ক্ষুদ্ৰ ক্ষুদ্ৰ ফাৰ্মবোৰৰ সহায়ক হোৱাকৈ ইন্সুৰেঞ্চৰ ক্ষেত্ৰত ৰাজসাহায্য দিয়াৰ পোষকতা কৰে৷

আজিৰ এই প্ৰাক বাজেট আলোচনাত ৰাজ্যখনৰ কেবাজনো অৰ্থনীতিবিদ, শিক্ষাবিদ, ৫ খন বিশ্ববিদ্যালয়ৰৰ উপাচাৰ্য, ১৫ খন মহাবিদ্যালয়ৰ অধ্যক্ষ, লেখক-বুদ্ধিজীৱি, উদ্যোগী, বিজনেছ হাউচ, ক্ৰীড়া সংগঠক,ব্যৱসায়িক সংস্হা সমূহৰ ভালেসংখ্যক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷

নাবাৰ্ড, ইণ্ডিয়ান ইনষ্টিটিউট অৱ এন্ট্ৰিপ্ৰিনিউৰচিপ, নেডফিকে ধৰি বিত্তীয় সংস্হা সমূহৰ উপৰিও আসাম এয়াৰ প্ৰডাক্টৰ এমডি অভিজিত বৰুৱা “বাহুৱলী” ৰ পৰিচালন সঞ্চালক আকাশজ্যোতি গগৈ, জিএনআৰচিৰ পৰিচালন সঞ্চালক ডাঃ নোমল চন্দ্ৰ বৰা, এটিপিঅ’ৰ জেনেৰেল মেনেজাৰ চেলিম ৰাজা মণ্ডল, শিক্ষাবিদ দয়ানন্দ বুঢ়াগোহাঁই, সীতাজখলাৰ চেয়াৰমেন ৰঞ্জীৱ শৰ্মা, অসম অলিম্পিক এছোছিয়েশ্যনৰ উপসভাপতি সুবোধ মল্লবৰুৱা, লঘু উদ্যোগ ভাৰতীৰ সভাপতি পাৰ্থ প্ৰতীম পাঠক, বিত্তীয় কনচালটেন্ট বিকাশ আগৰৱালা, অ’এনজিচিৰ চন্দ্ৰ শেখৰ শৰ্মা, উদ্যোগী মৃগাংক দাস, হেণ্ডলুম ডিজাইনৰ সংযুক্তা দত্তকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বিভিন্ন পৰামৰ্শ আগবঢ়ায়৷ আজিৰ প্ৰাক বাজেট আলোচনাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ক্ৰমে ৰামেশ্বৰ তেলী, অশোক সিংঘল, অজন্তা নেওগ ,বিশ্বজিত দৈমাৰী,বিমল বৰা, কৌশিক ৰায় সাংসদ বিজুলী কলিতা মেধি আৰু নিলীমা দেৱী উপস্থিত থাকে৷ আলোচনাৰ আঁত ধৰে দলৰ মুখপাত্ৰ ড° দেৱজিত মহন্তই৷
দেৱজিত মহন্ত
মুখপাত্ৰ
মিডিয়া বিভাগ

