CHUTIA STUDENTS UNION: চুতীয়া ছাত্ৰ নেতা নিজন্ত চুতীয়াৰ আকস্মিক বিয়োগ
চুতীয়া ছাত্ৰ নেতা নিজন্ত চুতীয়াৰ আকস্মিক বিয়োগ
শিক্ষামন্ত্ৰী, বিধায়ককে ধৰি বিভিন্নজনৰ শোক প্ৰকাশ

DD TIMES ঢকুৱাখনা, ২৪ জুনঃ অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ এটি ছাত্ৰ সংগঠন সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তথা ঢকুৱাখনাৰ বাসুদেৱ বাটচ’ৰা নিবাসী নিজন্ত চুতীয়াৰ ২৩ জুনৰ নিশা ডিব্ৰুগড়ৰ অপেক্ষা হস্পিতেলত চিকিৎসাৰত অৱস্থাত অকাল বিয়োগ ঘটে।
ছাত্ৰ নেতাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসগৃহত অনেক গুণমুগ্ধৰ ভিৰ পৰিলক্ষিত হয়।
বৃহত্তৰ মৰনৈ বেবেজীয়া অঞ্চলৰ এগৰাকী সৰবৰহী যুৱক নিজন্ত চুতীয়াৰ অকাল বিয়োগত সামাজিক মাধ্যমযোগে গভীৰ শোক প্ৰকাশ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী অতুল বৰাৰ লগতে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেয়ে।
ইফালে আজি বাসুদেৱ বাটচৰাৰ বাসগৃহত উপস্থিত হৈ চুতীয়া যুৱ সন্মিলন অসম’ৰ কেন্দ্ৰীয় সভাপতি কৌস্তভ কিশোৰ চুতীয়া,সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু চুতীয়া আৰু চুতীয়া সাহিত্য সন্মিলন, অসমৰ আহ্বায়ক সমিতিৰ সভাপতি ৰাজীৱ বৰুৱা আদিয়ে প্ৰয়াত ছাত্ৰ নেতাগৰাকীৰ নশ্বৰ দেহত পূষ্পাঞ্জলি অৰ্পণৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনায়।
অন্যহাতে, মৃতকৰ ঘৰত উপস্থিত হৈ চুতীয়া উন্নয়ন পৰিষদৰ উপাধ্যক্ষ জ্যোতিপ্ৰসাদ চুতীয়া, চুতীয়া উন্নয়ন পৰিষদৰ সদস্যা ৰূপাঞ্জলি চুতীয়াকে আদি কৰি বিভিন্ন দল-সংগঠনৰ বহুতো গণ্য-মান্য ব্যক্তিয়ে শোক সন্তপ্ত
পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে।
সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক নিজন্ত চুতীয়াৰ আকস্মিক বিয়োগত সোৱণশিৰি আঞ্চলিক চুতীয়া জাতি সন্মিলনৰ সভাপতি বাবুল চুতীয়া, সম্পাদক হৰিপ্ৰসাদ চুতীয়া, মৰনৈ আঞ্চলিকৰ সভাপতি গুণ চুতীয়া, সম্পাদক ৰিতুজিত শইকীয়া, চুতীয়া যুৱ সন্মিলন অসমৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি পুলিন (দিগন্ত) চুতীয়া আৰু সাধাৰণ সম্পাদক অজিত বৰুৱাইও শোক প্রকাশ কৰে।
উল্লেখ্য, প্ৰয়াত নিজন্ত চুতীয়াৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৩৫ বছৰ। তেওঁ ইহসংসাৰত মাতৃ,দুই কনমাণি জীৰ লগতে পত্নীক সহ অনেক আত্মীয়ক এৰি গৈছে।

