KUMUD CHANDRA DUTTA KABYA AWARD: চিলাপথাৰত বিষ্ণুপ্ৰসাদ ৰাভা দিৱসত কবি তোষেশ্বৰ মিৰি আগৰৱালাক ‘কুমুদ চন্দ্ৰ দত্ত কাব্য বঁটা’ প্ৰদান
চিলাপথাৰত বিষ্ণুপ্ৰসাদ ৰাভা দিৱসত কবি তোষেশ্বৰ মিৰি আগৰৱালাক ‘কুমুদ চন্দ্ৰ দত্ত কাব্য বঁটা’ প্ৰদান

DD TIMES চিলাপথাৰ, ২১ জুনঃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটো সমগ্ৰ অসমৰ লগতে চিলাপথাৰতো শনিবাৰে বৰ্ণাঢ্য কায্যসূচীৰে পালন কৰে। দিনৰ ২ বজাৰপৰা চিলাপথাৰ নগৰ মজলীয়া বিদ্যালয়ত চিলাপথাৰ শাখা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত অনুষ্ঠিত ৰাভা দিৱসৰ কাৰ্যসূচীত সভাপতিত্ব কৰে শাখা সভাপতি আইমণি গোঁহাই বৰুৱাই।

অৰ্ধ শতাধিক লেখিকা উপস্থিত থকা শাখা অনুষ্ঠানটোত সম্পাদিকা অঞ্জুমণি গগৈয়ে আঁত ধৰে। অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱবালা বৰগোঁহাই, কৃতী শিক্ষক গোপাল চন্দ্ৰদেৱ আৰু ধেমাজি জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ সমিতৰ কায্যকৰী সভাপতি ভুবন দাসে অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে।

ইউনেভি গগৈয়ে নৰ্মলপ্ৰভা বৰদলৈৰ ওপৰত বক্তব্য ৰাখে। লেখিকা সমাৰোহ সমিতিৰ মুখপত্ৰ দিপামণি শইকীয়াৰ দ্বাৰা সম্পাদিত খোজ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ব্ৰজনাথ বৰূৱাই। নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে অৱসৰপ্ৰাপ্ত ড° বেবী মৰাং দলে।

সভাত মণিকা ভূঞা, দৰদী বাইলুঙে ৰাভা সংগীত, দাক্ষিতা সন্দিকৈয়ে কবিতা, দিক্ষিতা গগৈ আৰু মামনি বৈশ্যই নৃত্য পৰিবেশন কৰে।

আনহাতে, সন্ধিয়া চিলাপথাৰ ৰাজহুৱা সভাত সাৰথি স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত, চিলাপথাৰ কবি সমাজৰ আৰু প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ সহযোগত আয়োজিত বিষ্ণুপ্ৰসাদ ৰাভা দিৱসত সাৰথিৰ মুখ্য উপদেষ্টা অমিলতা টায়ে বন্তি প্ৰজ্বলন, সাংস্কৃতাক পেঞ্চনাৰ বিপিন ৰাজখোৱাই মাল্যাৰ্পণ আৰু সাৰথিৰ মুখ্য সচিব বিনীতা চেতিয়াই স্মৃতি তৰ্পণ কৰাৰ পিচত উদযাপন সমিতিৰ সম্পাদক উচমান আলিয়ে নৃত্য প্ৰতিযোগিতাৰ আঁত ধৰে।

সন্ধিয়া আঠ বজাৰপৰা অনুষ্ঠিত হোৱা মুকলি সভা আৰু বঁটা প্ৰদান কাৰ্যসূচীত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি ভুবন দাসে আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে ‘দৈনন্দিন বাৰ্তা’ৰ কাৰ্যবাহী সম্পাদক ডিম্পুল চুতীয়াই।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাংস্কৃতিক কৰ্মী নৃপেন বৰঠাকুৰ আৰু সহকাৰী অধ্যাপিকা বিতুমণি গগৈয়ে।
সভাত চিলাপথাৰ কবি সমাজে কবি তোষেশ্বৰ মিৰি আগৰৱালাক “কুমুদ চন্দ্ৰ দত্ত কাব্য বঁটা”, সাৰথিয়ে মানিক শৰ্মাক পৰিমল দত্ত সমাজসেৱা বঁটা, অতুল বৰগোহাইক সাৰথিৰ সমাজসেৱা বঁটা, বিপুল শৰ্মা আৰু মেদানীমোহন বৰুৱাক কবি বন্ধু বঁটা, জুনটি সোনোৱাল আৰু সিদ্ধাৰ্থ ফুকনক সাৰথিৰ শৈক্ষিক বঁটা প্ৰদান কৰে।
আনহাতে ভাগ্যৱতী দত্ত, পৱিত্ৰ গগৈ, সুব্ৰত নাথ, মঞ্জিল গগৈ, চন্দন দুৱৰা, ৰাজিন মণ্ডল আৰু মণিশংকৰ ৰয়ক সম্বৰ্ধনা জ্ঞাপন কৰে।
অনুষ্ঠানটোত মঞ্জু দাসে স্বৰচিত কবিতা পাঠ আৰু প্ৰেৰণা বাৰুৱতীৰ নেতৃত্বত প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ শিল্পীসকলে দলীয় নৃত্য পৰিৱেশন কৰে।

