Chutia Students’ Union: বোকাখাতত ১৩১ কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন চুতীয়া ছাত্ৰ সন্থাৰ
বোকাখাতত চুতীয়া ছাত্ৰ সন্থাৰ ১৩১ কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন

DD TIMES বোকাখাত, ৭ জুনঃ বোকাখাত মহকুমাৰ চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আজি বোকাখাতৰ সাধনী ভৱনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কৃতী ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয়।বোকাখাত মহকুমাৰ চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মন্টু শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন সভা উদ্বোধন কৰে বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ উপাধ্যক্ষ প্ৰশান্ত শইকীয়াই।
সভাত বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰে সাংবাদিক ভবানন্দ কলিতা, বুবুল দত্ত,সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা সুবৰ্ণ শইকীয়া বৰদলৈ। নিদিষ্ট বক্তাৰ ভাষণ দিয়ে শিক্ষক অৰবিন্দ শইকীয়াই।
সভাত সন্মানীয় অতিথি হিচাপে অসীম বৰা,ৰূদ্ৰ ছেত্ৰী,আটছাৰ সম্পাদক কিষান চেত্ৰী, চুতীয়া জাতি মহিলা সন্মিলন সভাপতি চন্দ্ৰ প্ৰভা শইকীয়া, দেউৰী চুতীয়া সাহিত্য সভাৰ সম্পাদক যতীন শইকীয়াৰ লগতে বিপুল বৰা, প্ৰাঞ্জল ভৰলী, বোধেশ্বৰী বৰা, দীপ হাজৰিকা, অতুল হাজৰিকা, উত্তম শইকীয়া, সজ্ঞীৱ শইকীয়াকে ধৰি বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে।
সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৬৮গৰাকী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৬৩গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয়।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত বোকাখাত মহকুমাৰ ভিতৰত চুতীয়া জনগোষ্ঠীৰ সৰ্বোচ্চ নম্বৰ লাভ কৰা জুতিকা বৰাক অন্নদা শইকীয়া সোঁৱৰণী প্ৰদান কৰা হয়।
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বোকাখাত মহকুমাৰ ভিতৰত চুতীয়া জনগোষ্ঠীৰ সৰ্বোচ্চ নম্বৰ লাভ কৰা আষ্ঠা বৰুৱাক ভৱেশ শইকীয়া সোঁৱৰণী বঁটা প্ৰদান কৰা হয়।

