অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

CRICKET INDIA-A: শ্ৰীলংকাৰ বিৰুদ্ধে ত্ৰিদেশীয় শৃংখলাৰ বাবে ভাৰত-এ দল ঘোষণা

Spread the love

শ্ৰীলংকাৰ বিৰুদ্ধে ত্ৰিদেশীয় শৃংখলাৰ বাবে ভাৰত-এ দল ঘোষণা

তিলক বাৰ্মাক অধিনায়ক পতাৰ বিপৰীতে উপ-অধিনায়কৰ দ্বায়িত্ব দিলে ৰিয়ান পৰাগক

শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ দলত অভিষেক ঘটিব বৈভৱ সূৰ্যবংশীৰ

DD TIMES মুম্বাই, ১৪ মে’: ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) অহা জুন মাহত শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া ত্ৰিদেশীয় শৃংখলা (ODI Tri-Series)ৰ বাবে ১৫ জনীয়া ভাৰত-এ (India-A) দল ঘোষণা কৰিছে৷

তিলক বাৰ্মাক দলটোৰ অধিনায়ক আৰু ৰিয়ান পৰাগক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।ত্ৰিদেশীয় শৃংখলাৰ বাবে ভাৰত-এ দলটোঃ তিলক বাৰ্মা (অধিনায়ক), ৰিয়ান পৰাগ (উপ-অধিনায়ক), প্ৰিয়াংশু আৰ্য, বৈভৱ সূৰ্যবংশী, আয়ুষ বদোনী, নিশান্ত সিন্ধু, হৰ্ষ ডুবে, সূৰ্যাংশ শেড্‌জে, প্ৰভশিমৰন সিং (উইকেটকীক্ষক), কুমাৰ কুশাগ্ৰ (উইকেটকীক্ষক), বিপ্ৰাজ নিগম, যশ ঠাকুৰ, যুদ্ধবীৰ সিং, অংশুল কম্বোজ আৰু আৰ্শাদ খান।

শৃংখলাৰ মূল বিশেষত্বসমূহঃ এই ত্ৰিদেশীয় শৃংখলাত ভাৰত-এ, শ্ৰীলংকা-এ (Sri Lanka A) আৰু আফগানিস্তান-এ (Afghanistan A) দলে অংশগ্ৰহণ কৰিব।

প্ৰতিযোগিতাখনৰ আটাইকেইখন খেল ডাম্বুল্লাৰ (Dambulla) খেলপথাৰত অনুষ্ঠিত হ’ব। ৯ জুনৰ পৰা আৰম্ভ হ’বলগীয়া এই শৃংখলাৰ ফাইনেল খেলখন ২১ জুনত অনুষ্ঠিত হ’ব।

ইয়াৰ উপৰি ভাৰত-এ দলে গাল্লেত (Galle) দুখন মাল্টি-ডে’ খেল খেলিব, যাৰ বাবে দল পিছত ঘোষণা কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!