Chutia Jati Sanmelan: চুতীয়া জাতি সন্মিলন, অসমৰ ঢকুৱাখনা জিলা সমিতিৰ শপতগ্ৰহণ
সদৌ চুতীয়া জাতি সন্মিলন অসমৰ ঢকুৱাখনা জিলা সমিতিৰ শপতগ্ৰহণ
ঐতিহাসিক বাসুদেৱ থানত অনুষ্ঠিত এই শপতগ্ৰহণ অনুষ্ঠান

DD TIMES ঢকুৱাখনা, ২৮ জুলাইঃ সদৌ চুতীয়া জাতি সন্মিলন অসমৰ ঢকুৱাখনা জিলা সমিতিৰ নৱগঠিত কাৰ্যনিৰ্বাহকখনে আজি ঢকুৱাখনাৰ ঐতিহাসিক বাসুদেৱথানত আনুষ্ঠানিক ভাৱে শপতগ্ৰহণ কৰে।

সভাপতি বসন্ত শইকীয়া আৰু সাধাৰণ সম্পাদক পৰাগ প্ৰতিম শইকীয়াৰ নেতৃত্বত গঠিত এই নতুন জিলা সমিতিখনক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰাই সদৌ অসম চুতীয়া জাতি সন্মিলনৰ সভাপতি বিবুল হাজৰিকাই।
শপতগ্ৰহণৰ প্ৰাক্ মূহুৰ্তত সদৌ চুতীয়া জাতি সন্মিলন অসমৰ ঢকুৱাখনা জিলা সমিতিৰ নৱগঠিত কাৰ্যনিৰ্বাহক সমিতিখনে শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱ গোস্বামীৰ জড়িয়তে মহাপ্ৰভু বাসুদেৱৰ চৰনত সেৱা জনাই আৰ্শীবাদ গ্ৰহণ কৰে।
উল্লেখ্য, প্ৰথমবাৰৰ বাবে এখন ঐতিহাসিক ধৰ্মীয় পীঠত আয়োজন কৰা এই শপতগ্ৰহণ অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকে-সদৌ চুতীয়া জাতি সন্মিলনৰ উপদেষ্টা তুলসী প্ৰসাদ শইকীয়া, সাধাৰণ সম্পাদক-নৃপেন শইকীয়া, সম্পাদক-নিপেন খনিকৰ, কেন্দ্ৰীয় সদস্য তপন চুতীয়া,সদৌ অসম চুতীয়া জাতি মহিলা সন্মিলনৰ সভানেত্ৰী জয়া বৰুৱা, উপ-সভানেত্ৰী-কল্পনা সেনাপতি সম্পাদিকা বৰ্ণালী চুতীয়া, চুতীয়া উন্নয়ন পৰিষদৰ সদস্য ক্ৰমে ৰত্নেশ্বৰ বৰা,চিত্ৰৰঞ্জন দাস,ৰূপাঞ্জলি চুতীয়া, জয়ন্ত হাজৰিকাকে আদি কৰা কেন্দ্ৰীয় সমিতিৰ বহুসংখ্যক বিষয়ববীয়া উপস্থিত থাকে।

