অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

TVK: ৭ মে’ত তামিলনাডুত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ সম্ভাৱনা অভিনেতা বিজয়ৰ

Spread the love

৭ মে’ত তামিলনাডুত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ সম্ভাৱনা অভিনেতা বিজয়ৰ


DD TIMES চেন্নাই, ৬ মে’: তামিলনাডুত চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজনীয় আসনতকৈ ছখন কম আসন আছিল টিভিকে দলৰ। কিন্তু কংগ্ৰেছৰ সৰ্থনত এতিয়া দলটোৱে চৰকাৰ গঠন কৰিবলৈ ওলাইছে।


উল্লেখ্য তামিলনাডুৰ বিধানসভা নিৰ্বাচনত অভিনেতা বিজয়ৰ ৰাজনৈতিক দল তামিলগা ভেট্ৰি কাজাগম (টিভিকে) এ বৃহৎ সফলতা অৰ্জন কৰিছে। ২৩৪ খন আসনৰ ভিতৰত টিভিকে দলে ১০৮ খন আসন লাভ কৰি ৰাজ্যখনৰ ৬০ বছৰীয়া পুৰণি দ্ৰাবিড় ৰাজনীতিৰ আধিপত্য ভংগ কৰিছে।

এই নিৰ্বাচনত শাসকীয় ডিএমকে দলে এক বৃহৎ পৰাজয়ৰ সন্মুখীন হৈছে আৰু মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে নিজৰ কোলাথুৰ সমষ্টিৰ পৰা পৰাজয় বৰণ কৰিছে। আনহাতে, এআইএডিএমকে দলে ৪৭খন আসন লাভ কৰি তৃতীয় স্থানলৈ অৱনমিত হৈছে। অহা ৭ মে’ তাৰিখে বিজয়ে তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

তেওঁৰ লগতে আন নজন মন্ত্ৰীয়েও একেদিনাই শপত ল’ব পাৰে। কিন্তু চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজনীয় মেজিক সংখ্যাতকৈ দলটো বৰ্তমান ১০ খন আসন পিছ পৰি আছে। সেয়েহে এতিয়া মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰাৰ বাবে আন সৰু দলৰ সৈতে আলোচনা চলি আছে। জানিবৱ পৰা মতে কংগ্ৰেছক দুটা মন্ত্ৰীৰ পদ এৰি দিয়া হব পাৰে।

চৰকাৰ গঠনৰ বাবে বিজয়ে কংগ্ৰেছ, বাওঁপন্থী দল, ভিচিকে আৰু আইইউএমএলৰ দৰে সৰু আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰাৰ চেষ্টা চলাইছে আৰু অতি সোনকালেই তেওঁলোকলৈ আমন্ত্ৰণ প্ৰেৰণ কৰা হ‘ব। এই দলসমূহ বৰ্তমান ডিএমকেৰ মিত্ৰজোঁটত আছে।

শেহতীয়া নিৰ্বাচনত কংগ্ৰেছে ৫ খন আৰু আন সৰু দলসমূহে দুখনকৈ আসন লাভ কৰিছে।টিভিকেৰ এই ঐতিহাসিক বিজয়ত কেইবাজনো নেতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু তেওঁলোকে নতুন মন্ত্ৰীসভাত স্থান পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে টি নগৰৰ পৰা জয়ী হোৱা এন আনন্দ বা বুচি আনন্দ, যিয়ে বিজয়ৰ অনুৰাগী ক্লাৱক ৰাজনৈতিক দললৈ ৰূপান্তৰ কৰাত সহায় কৰিছিল।

ইয়াৰ লগতে প্ৰাক্তন আয়কৰ বিষয়া অৰুণৰাজ, বিজেপিৰ প্ৰাক্তন ছ’চিয়েল মিডিয়া ৰণনীতিবিদ চিটিআৰ নিৰ্মল কুমাৰ আৰু ৰাজনৈতিক ৰণনীতিবিদ আধাৱ অৰ্জুনাৰ দৰে নেতাই এই নিৰ্বাচনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!