CBSE: চিবিএছই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উজ্বলি উঠিল সোণাপুৰৰ ৰেডিয়েণ্ট ইণ্টাৰনেশ্যনেল স্কুল
চিবিএছইৰ দ্বাদশৰ পৰীক্ষাত ১০০ শতাংশ পৰীক্ষার্থী উত্তীর্ণ
চিবিএছই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উজ্বলি উঠিল সোণাপুৰৰ ৰেডিয়েণ্ট ইণ্টাৰনেশ্যনেল স্কুল

DD TIMES সোণাপুৰ ১৪ মে’: চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ১০০ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণৰ ফলাফলে সোণাপুৰস্হিত ৰেডিয়েন্ট ইন্টাৰনেছনেল স্কুলত উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হৈছে৷ বিদ্যালয়খনৰ ৩৭ জন ছাত্ৰ-ছাত্ৰীয়ে উন্নত প্রদর্শন দেখুৱাই সোণাপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে।

ভাল ফলাফল দেখুৱা ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত ১০ জনে ডিষ্টিংচন লাভ কৰে। সৰ্বোচ্চ নম্বৰ সোণিলী বিশ্বাসে ৯৪ শতাংশ আৰু আস্থা পাটৰে ৯৪ শতাংশ লাভ কৰিছে।
উল্লেখযোগ্য যে কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ (চি বি এছ ই) অধীনৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলত ৩৭ জন ছাত্ৰ-ছাত্ৰীয়ে সুক্ষ্যাতিৰে উৰ্ত্তীণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
যাৰ বাবে আজি বিদ্যালয়খনত সভা অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীসকলক এখনকৈ ফূলাম গামোচাৰে সম্বৰ্ধনা জনায় বিদ্যালয়ৰ কতৃপক্ষই।
অনুষ্ঠানটোত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল উপস্হিত থাকি মনৰ কথা প্ৰকাশ কৰে।
ইফালে স্কুল কতৃপক্ষই স্কুলখনৰ ছাত্ৰ-ছাত্ৰীসকলে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ভাল ফলাফল দেখুৱাত সন্তোষ্ট যদিও আগলৈ ইয়াতকৈও অধিক বেছি ভাল ফলাফল ছাত্ৰ ছাত্ৰী সকলে স্কুলখনলৈ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে।
আনহাতে স্কুলত শিক্ষকে পাঠদান কৰাৰ ওপৰত ভিত্তি স্কুলত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতৰ পৰীক্ষাৰ বাবে আগবাঢ়ি যায়।
কোনো ধৰণৰ টিউশ্যন যাতে নলয় ৰেডিয়েণ্ট ইণ্টাৰনেশ্যনেল স্কুলত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলে তাৰ প্ৰতি লক্ষ্য ৰাখি স্কুলত পাঠদান কৰা হয় বুলি উল্লেখ কৰে স্কুলখনৰ প্ৰধান শিক্ষক ৰঞ্জিত কুমাৰ ৰায়ে।

