NEW BOOKS: প্ৰতিভাসম্পন্ন যুৱ লেখক আকাশ সাহাৰ নতুন গ্ৰন্থ ‘প্ৰাচ্যপ্ৰভা’ উন্মোচন

DD TIMES গুৱাহাটী, ২৬ জুনঃ দীঘলীয়া ধৈৰ্য্য আৰু অপেক্ষাৰ অন্তত ২৫ জুনত যুৱ লেখক আকাশ সাহাৰ আন এক সপোন পূৰণ হ’ল। জাগৰণ সাহিত্য প্ৰকাশনৰ দ্বাৰা লেখক সাহাৰ গ্ৰন্থ ‘প্ৰাচ্যপ্ৰভা’ আৰু ‘সত্যৰ প্ৰকাশ’ (দ্বিতীয় সংস্কৰণ) প্ৰকাশ পালে।
গ্ৰন্থ দুখন বিশিষ্ট অনুবাদক প্ৰসান্ত কুমাৰ কলিতা ছাৰ আৰু ঔপন্যাসিক পুষ্পাঞ্জলি শিৱম শৰ্মাই উন্মোচন কৰে।

অনুষ্ঠানটিত সৰভোগৰ স্বামী বিবেকানন্দ বিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি দাস, প্ৰকাশক ৰূপজ্যোতি দেৱনাথ তথা শুভানুধ্যায়ী উপস্থিত থাকে।
এই শুভক্ষণত উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোকে আন্তৰিক কৃতজ্ঞতা আৰু অশেষ ধন্যবাদ জনায় লেখক সাহাই।

যুৱ লেখক সাহাই আশা কৰে, ‘প্ৰাচ্যপ্ৰভা’ আৰু ‘সত্যৰ প্ৰকাশ’ গ্ৰন্থ দুখনে পঢ়ুৱৈ সমাজৰ মৰম, সমাদৰ আৰু আশীৰ্বাদ লাভ কৰিব। সকলোৰে শুভকামনা আৰু সহযোগিতা আগলৈও একেদৰেই লাভ কৰিব বুলি বিশ্বাস কৰে লেখক সাহাই।

