‘Hari-Har Battle’: তেজপুৰত ৩২গৰাকী পুৰুষ-মহিলা চিকিৎসকে অভিনয় কৰিব ‘হৰি-হৰ যুদ্ধ’ ভাওনাত
চিকিৎসা সেৱাৰ মাজতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনাত ব্যস্ত তেজপুৰৰ জ্যেষ্ঠ-কনিষ্ঠ, পুৰুষ-মহিলা সকলো চিকিৎসক
৩২গৰাকী পুৰুষ-মহিলা চিকিৎসকে ভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিব ‘হৰি-হৰ যুদ্ধ’ ভাওনাত

DD TIMES তেজপুৰ,১৪ মে’: বিগত প্ৰায় এপষেক ধৰি চিকিৎসা সেৱাত জড়িত থকা তেজপুৰৰ ৩২ জ্যেষ্ঠ -কনিষ্ঠ চিকিৎসকে খোল-তালৰ ছাবে ছাবে সন্ধিয়াৰ পৰা নিশা এপৰলৈকে ব্যস্ত হৈ আছে তেজপুৰৰ ঐতিহ্যক মহিমামণ্ডিত কৰা “হৰি -হৰ যুদ্ধ”ক কেন্দ্ৰ কৰি।

কোনোবাজন চিকিৎসকে যদি বাণ ৰজাৰ ভংগিমাত বচন আওৰাইছে, কোনোবাজনে আকৌ মহাদেৱ শিৱৰ।সেইদৰে কোনোবাজনে সুদৰ্শন চক্ৰ হাতত লৈ শ্ৰীকৃষ্ণৰ ভংগিমাৰে বচন মাতিছে আকৌ কোনোবাজনে সৃষ্টি কৰ্তা ব্ৰহ্মাৰ ৰূপত অবতীৰ্ণ হ’বলৈ নিজকে প্ৰস্তুত কৰি তুলিছে।
মুঠতে “হৰি-হৰ যুদ্ধ” নামৰ এখন ভাওনাৰ ৩২টা চৰিত্ৰ ৰূপায়ন কৰিবলৈ তেজপুৰৰ ৩২গৰাকী পুৰুষ-মহিলা চিকিৎসকে যোৱা এপষেক ধৰি গায়ন-বায়নৰ খোল-তালৰ ছেও আৰু সূত্ৰধাৰৰ নিৰ্দেশনাত নিজকে সাজু কৰি তোলাৰ লগতে তেজপুৰৰ আন সকলো চিকিৎসক আকৌ ব্যস্ত হৈ পৰিছে সেই “হৰি -হৰ যুদ্ধ”ক লৈ।উল্লেখ্য যে তেজপুৰৰ প্ৰগতিশীল চিকিৎসক শিল্পী সমাজ আৰু ভাৰতীয় চিকিৎসা সন্হাৰ তেজপুৰ শাখাৰ উদ্যোগত অহা ১৬ মে’ত মাজগাঁও হিলবিলি বিবাহ ভৱনত অনুষ্ঠিত হ’ব “হৰি -হৰ যুদ্ধ” নামৰ এখন ভাওনা।

পূৰ্বেও এনেদৰে তেজপুৰৰ চিকিৎসক সকল একত্ৰিত হৈ ভাওনা প্ৰদৰ্শন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰাৰ পিছত তেজপুৰৰ ঐতিহ্য সংপৃক্ত হৈ থকা “হৰি -হৰ যুদ্ধ” নামৰ ভাওনাখন তেজপুৰৰ দ-পৰ্বতীয়াৰ সত্ৰীয়া শিল্পী দিলীপ বৰাৰ নিৰ্দেশনা আন সত্ৰীয়া শিল্পীসকলৰ পৰিচালনাৰে নিবেদন কৰিবলৈ সন্ধিয়াৰ পৰা নিশালৈকে ব্যস্ত হৈ পৰিছে।
উল্লেখ্য ভাওনাখনত তেজপুৰৰ প্ৰবীণ বিশিষ্ট চিকিৎসক ডাঃ প্ৰদীপ কুমাৰ শৰ্মাই ব্ৰহ্মাৰ চৰিত্ৰ ৰূপায়ন কৰাৰ লগতে ভাৰতীয় চিকিৎসা সেৱা সন্থাৰ অসম ৰাজ্যিকৰ সভাপতি তথা বিশিষ্ট চিকিৎসক ডাঃ সত্যজিৎ বৰাই ৰূপায়ণ কৰিব শিৱৰ চৰিত্ৰ।
সেইদৰে তেজপুৰৰ জনপ্ৰিয় শিশু ৰোগ বিশেষজ্ঞ ডাঃ ৰূপম দাসে ৰূপায়ণ কৰিব শ্ৰীকৃষ্ণৰ চৰিত্ৰ ডা০ অংকুমণি বৰুৱাই ৰূপায়ণ কৰিব অনিৰুদ্ধৰ চৰিত্ৰ, ডাঃ কশ্মিতা ভট্টাচাৰ্য্যই ৰূপায়ণ কৰিব ঊষাৰ চৰিত্ৰ, বিশিষ্ট গল্পকাৰ ৰাণা মুকুট কেওঁটে ৰূপায়ণ কৰিব বিশ্বকৰ্মাৰ চৰিত্ৰ।
মনকৰিবলগীয়া যে তেজপুৰৰ এগৰাকী বিশিষ্ট মেডিচিন বিশেষজ্ঞ ডাঃ পিয়ুজ আগৰৱালাই ভাওনাখনত ৰূপায়ণ কৰিব ইন্দ্ৰসেনৰ চৰিত্ৰ। উল্লেখ্য, ৩২ চৰিত্ৰ থকা ভাওনাখনত ৩২গৰাকী পুৰুষ আৰু মহিলা চিকিৎসকে বিভিন্ন চৰিত্ৰ সমূহ ৰূপায়ণ কৰিব।

