Tezpur Litchu Festival: তেজপুৰ লিচু উৎসৱ-২০২৬ঃ লিচুৰ সোৱাদ লৈ অভিভূত বহিঃৰাজ্যৰ পৰ্যটক
তেজপুৰ লিচু উৎসৱ-২০২৬ঃ পুৱাৰ পৰাই বিপুল জনতাৰ সমাগম- লিচুৰ সোৱাদ লৈ অভিভূত বহিঃৰাজ্যৰ পৰ্যটক
বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু জিলা আয়ুক্তই এপেডাৰ বিষয়াৰ উপস্থিতিত পতাকা জোকাৰি ডুবাইলৈ প্ৰেৰণ কৰিলে এক টন জি আই স্বীকৃতি লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু
আগন্তুক তিনিদিন অব্যাহত থাকিব বিদেশলৈ লিচু ৰপ্তানি প্ৰক্ৰিয়া
তেজপুৰ বিশ্ববিদ্যালয়ৰ ফুড এণ্ড ইঞ্জিনিয়াৰিং বিভাগৰ সহযোগত “খাদ্য প্ৰযুক্তি আৰু লিচু” শীৰ্ষক গুৰুত্বপূৰ্ণ কৰ্মশালা

DD TIMES তেজপুৰ,৭ জুনঃ ৬ জুনৰ পৰা লিচুময় হৈ পৰা তেজপুৰৰ ‘লিচু উৎসৱ-২০২৬’ৰ আজিৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ নহওঁতেই পুৱাৰ পৰা লিচু প্ৰদৰ্শনী আৰু বিক্ৰী স্হলীত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে বেংগালুৰুৰ, চেন্নাই,পশ্চিম বংগ, কেৰেলা আদি ৰাজ্যৰ পৰ্যটকে তেজপুৰৰ লিচুৰ সোৱাদ লোৱা পৰিলক্ষিত হয়।
আনহাতে আজি দ্বিতীয় দিনটোতে তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগনৰ উদযাপন স্হলীৰ সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত জড়িত কেন্দ্ৰীয় চৰকাৰৰ অধিনস্হ এপেডাৰ জৰিয়তে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, জিলা আয়ুক্ত তথা উদযাপন সমিতিৰ সভাপতি আনন্দ কুমাৰ দাস, এপেডাৰ বিষয়ববীয়া আৰু জিলা কৃষি বিষয়া প্ৰদীপ তালুকদাৰ, মহকুমা কৃষি বিষয়া ড° জাকিৰ হুছেইন আদিয়ে পতাকা জোকাৰি জি আই টেগ লাভ কৰা এক টন তেজপুৰৰ সুস্বাদু লিচু ডুবাইলৈ ৰপ্তানি প্ৰক্ৰিয়া শুভাৰম্ভ কৰে।
আনহাতে আজি দ্বিতীয় দিনটোত তেজপুৰ বিশ্ববিদ্যালয়ৰ ফুড এণ্ড ইঞ্জিনিয়াৰিং বিভাগৰ সহযোগত “খাদ্য প্ৰযুক্তি আৰু লিচু” শীৰ্ষক এক গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ অনুষ্ঠিত হয়।
বিশ্ববিদ্যালয়খনৰ ফুড এণ্ড ইঞ্জিনিয়াৰিং বিভাগৰ মূৰব্বী অধ্যাপক ড° পুনম মিশ্ৰৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই আলোচনা সত্ৰত সমল ব্যক্তি ৰূপে অংশ গ্ৰহণ কৰে বিশ্ববিদ্যালয়খনৰ একে বিভাগৰে অধ্যাপক ড° স্বামী ৰঞ্জন পুৰোহিত আৰু ড° ৰাহুল কুমাৰে।
উল্লেখ্য যে ফুড প্ৰছেছিঙৰ জৰিয়তে বিভিন্ন খাদ্য সামগ্ৰী তৈয়াৰ কৰা প্ৰক্ৰিয়াৰ জৰিয়তে লিচু চিপ্স, লিচু বিস্কুট, লিচু আইচক্ৰী, চেক, লিচু মৌকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰি এই লিচু উৎসৱত প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰাৰ পিছত কালি প্ৰথম দিনটোত ৰাইজৰ বিপুল সমাদৰ লাভ কৰে।
উল্লেখ্য যে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা “খাদ্য প্ৰযুক্তি আৰু লিচু “শীৰ্ষক আলোচনা সত্ৰখনত তেজপুৰ বিশ্ববিদ্যালয়ৰ ফুড এণ্ড ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী অধ্যাপক ড° পুনম মিশ্ৰৰ লগতে সমল ব্যক্তি ৰূপে অংশ গ্ৰহণ কৰা অধ্যাপক দ্বয় ড° স্বামী ৰঞ্জন পুৰোহিত আৰু ৰাহুল কুমাৰে লিচুৰ পৰা স্হায়ীভাৱে বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰিব পৰাৰ যথেষ্ট থল আছে বুলি মন্তব্য কৰি অকল ঋতুকালীন এই সুস্বাদু ফলবিধ ফল হিচাপে খোৱাৰ লগতে যিকোনো প্ৰছেছ ফুড তৈয়াৰ কৰিব পৰা সম্ভাৱনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এনে বিষয় সমূহৰ প্ৰতিও থলুৱা উদ্যোগী সকল আগবাঢ়ি আহিলেহে ই এক লাভজনক ব্যৱসায়লৈ পৰিণত হ’ব বুলি মন্তব্য কৰে।

ইয়াৰ পিছতেই নাবাৰ্ডৰ সহযোগত অনুষ্ঠিত হোৱা এক বিশেষ আলোচনা সভাত নাবাৰ্ডৰ জিলাৰ উপ মহা প্ৰৱন্ধক সুমন চেটাৰ্জীয়ে লিচু উৎপাদনৰ ক্ষেত্ৰত নাবাৰ্ডে কৃষক সকলৰ বাবে অনুষ্ঠিত কৰি অহা বিভিন্ন প্ৰশিক্ষণ আদিৰ বিষয়ে সদৰি উৎপাদনৰ ক্ষেত্ৰত কৃষক সকলক বিগত সময়চোৱাত কেনেকৈ আগবঢ়াই নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে সেই সন্দৰ্ভত সদৰি কৰি উপস্থিত থকা সকলো কৃষককে উৎপাদনৰ দিশটোত মনোনিবেশ কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে লিচুৰ প্ৰছেছ ফুডৰ সৈতে জড়িত হৈ অহা তেজপুৰৰ উদ্যোগী যুৱক তথা তেজপুৰ লিচু উৎসৱ উদযাপন সমিতিৰ সহকাৰী সম্পাদক বিশ্বজিৎ শইকীয়াই আজি লিচু প্ৰদৰ্শনী আৰু বিক্ৰী স্হলীত যথেষ্ট সংখ্যক গ্ৰাহক আকৃষ্ট হোৱা লিচুৰ প্ৰছেছ ফুড সমূহৰ বিষয়ে সবিশেষ অৱগত কৰি ইতিমধ্যেই তেজপুৰৰ বিশিষ্ট উদ্যোগপতি তথা উদযাপন সমিতিৰ উপদেষ্টা হেমন্ত লহকৰে তেওঁলোকৰ স্প্ৰিংভেলী নামৰ ৰেষ্টোৰেণ্টত পৰীক্ষামূলকভাবে লিচুৰ পৰা উৎপাদন কৰা লিচু বিস্কুট, লিচু আইচক্ৰীম, লিচু চেকসমূহে গ্ৰাহকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে।

উল্লেখ্য যে আজি দ্বিতীয় দিনাও বিভিন্ন জাতৰ উন্নত লিচুৰ সমাহাৰ ঘটাৰ মাজতে নতুন দিল্লীৰ এই লিচু উৎসৱৰ লগত সংগতি ৰাখি এপেডাৰ জৰিয়তে অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ আলোচনা সভাত লিচু উৎসৱ প্ৰাংগনৰ পৰাই ভাৰ্চুৱেলী অংশ গ্ৰহণ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে।

আনহাতে ডুবাইলৈ এক টন লিচু ৰপ্তানি প্ৰক্ৰিয়া শুভাৰম্ভ কৰি বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে সাংবাদিকৰ আগত ইয়াৰ পৰৱৰ্তী সময়তো দুই-এদিনতে ছিংগাপুৰ, থাইলেণ্ড আদি কেবাখনো বিদেশী ৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হ’ব বুলি মন্তব্য কৰি তেজপুৰৰ লিচু খেতিয়কৰ লগতে তেজপুৰ বাসীৰ বাবে ই এক আশাব্যঞ্জক খবৰ বুলি মন্তব্য কৰি এই ৰপ্তানি প্ৰক্ৰিয়াই তেজপুৰ লিচু উৎসৱক আৰু অধিক সফল কৰি তুলিলে বুলি মন্তব্য কৰে।

উল্লেখ্য, কালি প্ৰথম দিনটোৰ সন্ধিয়া সশস্ত্ৰ সীমা বলৰ আকৰ্ষণীয় বেণ্ড প্ৰদৰ্শন আৰু উদযাপন সমিতিৰ সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল হৈ পৰে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ।

