NEW BOOKS: সুনীতা ডেকা চৌধুৰীৰ কাবগ্ৰ্যন্থ ‘স্ৰোতস্বিনী’ উন্মোচন
বামুণীমৈদামত সুনীতা ডেকা চৌধুৰীৰ কাব্যগ্ৰন্থ ‘স্ৰোতস্বিনী’ উন্মোচন
চেতনা জাগ্ৰত কৰা কবিতাবোৰ দীৰ্ঘম্যাদীঃ ড° দয়ানন্দ পাঠক
সন্মান টকাৰে জুখিব নোৱাৰে, নালাগেঃ ড° অৰুণ শৰ্মা

DD TIMES গুৱাহাটী, ২৫ মে’: দেওবাৰে ‘পৰাগজ্যোতি প্ৰকাশন’ৰ উদ্যোগত কবি-লেখিকা সুনীতা ডেকা চৌধুৰীৰ কবিতা সংকলন ‘স্ৰোতস্বিনী’ বামুণীমৈদামৰ উদ্যোগপামস্থিত “প্ৰাগজ্যোতিষ অসমীয়া সাপ্তাহিক ” কাকতৰ সভাকক্ষত শুভ উন্মোচন কৰা হয়। পদুমী পাঠকৰ সৰস্বতী বন্দনাৰে আৰম্ভ কৰা সভাখনি উদ্ধোধন কৰি অসম বিধান সভাৰ অতিৰিক্ত সচিব ৰাজীৱ ভট্টাচাৰ্যই কয়- “সমাজ নিৰ্মাণমুখী সৃষ্ট সাহিত্যবোৰ যুগজয়ী হৈ থাকে।”
সুনীতা ডেকা চৌধুৰীৰ কবিতা গ্ৰন্থখনি উন্মোচন কৰি বিশিষ্ট বুদ্ধিজীৱী- সাহিত্যিক তথা শিক্ষাবিদ ড০ দয়ানন্দ পাঠকে কয়- “চেতনা জাগ্ৰত কৰা কবিতাবোৰ দীৰ্ঘম্যাদী হয়। কবিতা নিৰ্মাতাসকল শব্দৰ ক্ষেত্ৰত সচেতন হ’ব লাগে।
সংস্কৃত, ইংৰাজী, হিন্দী, ফৰাচী আদি ভাষাৰ একাংশ কবিৰ কবিতাতকৈও অসমীয়া কবিতাৰ মানদণ্ড অতি বেছি। কবি- সাহিত্যিকে মানুহৰ মাজত আত্মীয়তা বঢ়াব পাৰিব লাগে।” প্ৰকাশনৰ সচিব, কবি- সাংবাদিক দীপক শৰ্মাই আঁত ধৰা সভাত বিশিষ্ট কবি- সাহিত্যিক, বিজ্ঞানী ড০ অৰুণ শৰ্মাই অংশ লৈ কয়- “সন্মান টকাৰে জুখিব নোৱাৰে, নালাগে। ম’বাইল বা সামাজিক মাধামত অতি বেছি ব্যস্ত থাকিব নালাগে।
অসম চৰকাৰে অসমীয়া ভাষা প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত অসমত থকা প্ৰতিখন কেন্দ্ৰীয় বিদ্যালয় লগতে চৰকাৰী-বেচৰকাৰী ইংৰাজী- হিন্দী মাধ্যমৰ বিদ্যালয়ত অসমীয়া নিম্ন শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিকলৈ বাধ্যতামূলক কৰিব লাগে।” সভাত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি ড০ দিলস লক্ষ্মীন্দ্ৰ সিংহ, প্ৰবীণ কবি-সাহিত্যিক তথা প্ৰাক্তন মুখ্য অভিযন্তা নিশুতি মজুমদাৰে বিশিষ্ট অতিথিৰ ভাষণত পৰাগজ্যোতি প্ৰকাশনৰ সাৰ্থক প্ৰচেষ্টাৰ শলাগ লয়।
ৰামসিং মোচাহিৰি (ঢেকিয়াজুলি), পদুমী পাঠক, মিনু নাথে গীত পৰিৱেশন কৰা সভাত ৰাতুল চন্দ্ৰ গোস্বামী, ড০ কনক চন্দ্ৰ দলে, তুলিকা ৰাভা, সপ্তমিতা নাথে অসমীয়া, মিছিং, ৰাভা, বাংলা ভাষাত পাঠ কৰে।
সভাত গুৱাহাটী উচ্চ ন্যায়ালয় গৱেষণা বিভাগৰ সঞ্চালক ড০ ৰংগৰঞ্জন দাস, ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অৱসৰী যুটীয়া সঞ্চালক কৃষ্ণৰাম মিলি, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সম্পাদক অৰুণ কুমাৰ মহন্ত, ‘সত্ৰ বাৰ্তা’ৰ সম্পাদক কনক চন্দ্ৰ তালুকদাৰ, বৈদিক- বৈষ্ণৱ মহাসভাৰ যোৰহাট জিলা সমিতিৰ সম্পাদক তথা সত্ৰাধিকাৰ মৃদুপৱন গোস্বামী, চান্দমাৰি সাহিত্য সভাৰ সভাপতি ভৰদ্বাজ ভট্টাচাৰ্য, জ্যোতিনগৰ সাহিত্য সভাৰ সভাপতি ৰামকৃষ্ণ চক্ৰৱৰ্তী, কইনাধৰা সাহিত্য সভাৰ উপ-সভাপতি কৃষ্ণকান্ত নাথ, মধ্য গুৱাহাটী সাহিত্য সভাৰ সম্পাদক কমল চন্দ্ৰ লহকৰ, চিত্ৰশিল্পী উজ্বল শৰ্মাই সন্মানিয় অতিথি হিচাপে অংশ লৈ সুনীতা ডেকা চৌধুৰীৰ কবিতাত প্ৰকাশ পোৱা স্বদেশ-প্ৰকৃতি প্ৰেমৰ নান্দনিক চিত্ৰ প্ৰকাশ পোৱাৰ লগতে পৰাগজ্যোতি প্ৰকাশনে লোৱা যোগাত্মক চিন্তাক ভূয়সী প্ৰশংসা কৰে।

