Miss Grand India-2026: মিছ গ্ৰেণ্ড ইণ্ডিয়া-২০২৬ত জিলিকিল অসমৰ মৃগাশ্ৰী বৰুৱা
অসমৰ মৃগাশ্ৰী বৰুৱাৰ শিৰত জিলিকিল মিছ গ্ৰেণ্ড ইণ্ডিয়া ২০২৬ত প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ

DD TIMES গুৱাহাটী, ১৪ মে’: অসমৰ মৃগাশ্ৰী বৰুৱাৰ শিৰত জিলিকিল মিছ গ্ৰেণ্ড ইণ্ডিয়া ২০২৬ত প্ৰথম ৰানাৰ্ছ আপৰ সন্মানীয় খিতাপ। এই খবৰে এতিয়া ৰাজ্যবাসীক আনন্দিত কৰি তুলিছে। বহুতেই ইয়াক অসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলি মন্তব্য কৰিছে।
মৃগাশ্ৰী বৰুৱাই নিজৰ বুদ্ধিমত্তা আৰু প্ৰেৰণাদায়ক ব্যক্তিত্বৰে সমগ্ৰ দেশৰ হৃদয় জয় কৰি মিছ গ্ৰেণ্ড ইণ্ডিয়া ২০২৬ত প্ৰথম ৰানাৰ্ছ আপৰ সন্মানীয় খিতাপ দখল কৰে।
এগৰাকী পেছাদাৰী এংকৰ, আইনৰ ছাত্ৰী, শাস্ত্ৰীয় নৃত্যশিল্পী, শিল্পী মৃগাশ্ৰীয়ে কেৱল তেওঁৰ সৌন্দৰ্য্যৰ বাবেই নহয়, শিশু সুৰক্ষা, আৰু পিঅ’চিএছঅ’ আইনক কেন্দ্ৰ কৰি সজাগতাৰ সৃষ্টি কৰি আহিছে।
তেওঁ ইতিমধ্যে সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে ৩টা ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছে।
বৰুৱাই প্ৰমাণ কৰি দেখুৱাইছে যে অসমৰো কোনো যুৱতীয়ে ষ্টাৰ এণ্টাৰটেইনমেণ্টে আয়োজন কৰা মিছ গ্ৰেণ্ড ইণ্ডিয়া ২০২৬ত ৰানাৰ্ছ আপ খিতাপ জয় কৰিব পাৰে।

