অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

NEW BOOKS: চিলাপথাৰ মহাবিদ্যালয়ত তুলতুল ফুকনৰ গল্পপুথি ‘নেতা’ উন্মোচন

Spread the love

চিলাপথাৰ মহাবিদ্যালয়ত তুলতুল ফুকনৰ গল্পপুথি ‘নেতা’ উন্মোচন

উন্মোচন কৰে জনপ্ৰিয় ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে

DD TIMES চিচিবৰগাঁও, ২৫ মে’: প্ৰাক্তন সাংবাদিক তথা বৰ্তমানৰ চিলাপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা তুলতুল ফুকনৰ গল্পপুথি “নেতা” শনিবাৰে উন্মোচন কৰে। চিলাপথাৰ মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত গল্পপুথি “নেতা” উন্মোচন কৰে ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে।

মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা সাহিত্য সমালোচক প্ৰাঞ্জল দাসে সহকৰ্মী গল্পকাৰ তুলতুল ফুকন আৰু উন্মোচক ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিৰ উপন্যাস সম্ভাৰৰ আকৰ্ষণীয় চমু সমালোচনাৰ মাজেৰে আঁতধৰা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° তৰুণ চন্দ্ৰ টাইডে আদৰণি ভাষণ আগবঢ়াই কয় যে, সাহিত্যই সমাজক দিশ দেখুৱায় আৰু শিক্ষানুষ্ঠানসমূহত এনে সাহিত্যিক অনুষ্ঠানৰ আয়োজন শিক্ষাৰ্থীসকলৰ বাবে অনুপ্ৰেৰণাদায়ক।

তেওঁ লেখিকা তুলতুল ফুকনক এই সৃষ্টিৰ বাবে অভিনন্দন জ্ঞাপন কৰি ভৱিষ্যতেও অধিক সৃষ্টিশীল সাহিত্য আগবঢ়াব বুলি আশাবাদ ব্যক্ত কৰাৰ লগতে সকলোকে এইক্ষেত্ৰত আগুৱাই গৈ মহাবিদ্যালয়খনকো আগুৱাই লৈ যোৱাত অৰিহণা আগবঢ়াবলৈ আহ্বান জনায়।

ইয়াৰ পিছতেই গল্পকাৰ ফুকনে গল্প পুথিখনৰ সৃষ্টি আৰু প্ৰেৰণাৰ নেপথ্যৰ কথাৰে নিজৰ মত ব্যক্ত কৰি গল্প পুথিখনৰ সৃষ্টিৰ আঁৰৰ অনুভৱ, অভিজ্ঞতা আৰু সমাজৰ বিভিন্ন দিশৰ পৰা সংগৃহীত চিন্তা-চেতনাৰ কথা উল্লেখ কৰাৰ লগতে তেওঁ কয় যে, মানুহৰ জীৱন, সমাজৰ পৰিবর্তন আৰু মানৱীয় অনুভৱৰ প্ৰতিফলন ঘটোৱাই তেওঁৰ লেখাৰ মূল উদ্দেশ্য।

ইফালে এই সৃষ্টিৰ প্ৰেৰণাৰ অন্যতম উৎসাহ দিয়াৰ বাবে জুৰী বৰা বৰগোহাঞিক শলাগ লয়।ইয়াৰ পিছতেই এক আধ্যাত্মিক পৰিবেশ সৃষ্টিৰে অসমৰ এগৰাকী উল্লেখযোগ্য আৰু স্বকীয় বৈশিষ্ট্যসম্পন্ন ঔপন্যাসিক তথা তুলতুল ফুকনৰ বিশ্ববিদ্যালয় জীৱনৰ এসময়ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিখ্যাত নিউ গাৰ্লচ হোষ্টেলৰ অগ্ৰজ জুৰী বৰা বৰগোহাঞিয়ে গল্প পুথিখন উন্মোচন কৰে।

উন্মোচন কৰি লেখিকাগৰাকীয়ে নিজৰ হোষ্টেলৰ এগৰাকী জুনিয়ৰ এই গল্প পুথিখন উন্মোচন কৰি গৌৰৱ আৰু আৱেগিক হৈ পৰা বুলি উল্লেখ কৰি এই পৰিবেশ সৃষ্টিৰ বাবে অৰিহণা আগবঢ়োৱা মহাবিদ্যালয়খনৰ অধ্যক্ষক শলাগ লোৱাৰ লগতে ভৱিষ্যতেও এই ধাৰা ৰক্ষা কৰি যাবলৈ অনুৰোধ ৰাখি আমি কিয় গল্প লিখো বা লিখিব লাগে বুলি উল্লেখ কৰি মতপোষন কৰে যে, গল্পও হৈছে এক ইতিহাস।

এই ক্ষেত্ৰত গল্প এটা কেনেকৈ ইতিহাস হয় বুলি কৈ মামনি ৰয়ছম গোস্বামীৰ “সংস্কাৰ’ মহেশ্বতা দেৱীৰ ” দ্ৰৌপদী” গল্পকে আদি কৰি হোমেন বৰগোহাঞি, ইছমাইল শ্বেখৰ, আদি বহু সংখ্যক গল্পকাৰৰ গল্পৰ মাজেৰে সমসাময়িক সেই সময়ৰ ছবিবোৰ কেনেদৰে প্ৰতিফলিত কৰি গৈছে তাৰ সুন্দৰ উপস্হাপনেয়ে মত প্ৰকাশ কৰে। লগতে উল্লেখ কৰে যে, বুৰঞ্জী লিখিলে চন, তাৰিখ ইত্যাদি কৰি আন আন তথ্য থাকে যদিও মানুহৰ যি ইতিহাস, socio economic,socio political এই ইতিহাস বোৰ কিন্তু গল্প, উপন্যাসৰ মাজেৰেহে সুন্দৰ ভাৱে প্ৰতিফলিত কৰাৰ সুযোগ থাকে বুলি উল্লেখ কৰে।

ইফালে শুভেচ্ছা মূলক বক্তব্যৰে চাবুৱাৰ অধ্যাপক তথা সাহিত্যক লক্ষীনন্দন বৰগোহাঞি, ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনোদ গগৈ, চিলাপথাৰ শাখা সাহিত্য সভাৰ সম্পাদক তথা সাংস্কৃতিক কৰ্মী জীৱন টাই, মৰিধল মহাবিদ্যালয়ৰ অধ্যাপিকা ড° পূৰবী দুৱৰা, অৱসৰপ্ৰাপ্ত অধ্যাপক নন্দেশ্বৰ কচাৰী,আদিয়ে মহাবিদ্যালয় দৰে ব্যস্ততাপূৰ্ণ কৰ্মক্ষেত্ৰত থাকি; মইনা পাৰিজাতৰ দৰে শিশু বৌদ্ধিক সাংস্কৃতিক দিশৰ উত্তৰণত মনোনিৱেশ কৰাৰ উপৰি চেড’ৰ দৰে সামাজিক অনুষ্ঠানত জড়িত হৈয়ো চুটিগল্পৰ দৰে অনুপম সাহিত্যকর্মত আত্মনিয়োগ কৰি পাঠক সমাজক উপহাৰ দিছে বুলি গঠন মূলক আৰু প্ৰেৰণাদায়ক বক্তব্য ৰাখি গল্পকাৰ গৰাকীক উৎসাহিত কৰাৰ লগতে গভীৰ চিন্তা আৰু চেতনাৰে সমাজ জীৱনৰ বিভিন্ন অভিজ্ঞতাৰে সমৃদ্ধ “নেতা” গল্প পুথিখনে পাঠকৰ হৃদয় স্পৰ্শ কৰাৰ লগতে পাঠক সমাজে আদৰি লোৱা আৰু অসমীয়া সাহিত্য জগতত এক উল্লেখনীয় সংযোজন হ’ব বুলি আশা প্ৰকাশ কৰে।

ইফালে গল্পকাৰ গৰাকীৰ কন্যা তথা কম বয়সতেই শিশু সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াবলৈ সক্ষম হোৱা ধৃতিদীপা দত্তয়ে (গুণগুণ) মাতৃৰ সৃষ্টিৰ গৌৰৱ আৰু মাতৃৰ সৃষ্টিৰ সাধনাৰ আলোকপাত কৰি এক সাৰুৱা বক্তব্য প্ৰদান কৰে। আনহাতে, সুনীল টাইডে এটা জীৱনবোধ সম্পন্ন হিন্দী কবিতা পাঠ কৰাৰ লগতে ছাত্ৰ বিজয় বুঢ়াগোহাঁই, কৌশিক কিশোৰ দিহিঙ্গীয়া, পাহীৰ গীত পৰিবেশনে অনুষ্ঠান ভাগ জীপাল কৰি তোলে।

সভাত তুলতুল ফুকনৰ মাতৃ, স্বামী নৱজ্যোতি দত্তৰ লগতে অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঢুণ্ডিৰাজ উপাধ্যায়, অৱসৰ প্ৰাপ্ত শিক্ষক ব্ৰজ্বনাথ বৰা, নয়নমনি মহন্ত,অমিলতা টায়ে মিলি,ৰিণি শইকীয়া, লুইত গোস্বামী,দেৱীনা পামেগাম, আদিৰ লগতে বহু সংখ্যক বিশিষ্ট অতিথি, মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, আৰু ছাত্ৰ-ছাত্ৰী উপস্হিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!