অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

GOOD NEWS: বিধায়ক ৰূপক শর্মাক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সম্বৰ্ধনা

Spread the love

বিধায়ক ৰূপক শর্মাক সম্বৰ্ধনা নগাঁৱৰ ৮নং মহলাৰ দহটাৰো অধিক অনুষ্ঠানৰ

নগাঁও-বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত কেইবাটাও পঞ্চায়তত বিধায়ক ৰূপক শৰ্মাক শতাধিক অনুষ্ঠান প্ৰতিষ্ঠান আৰু ৰাইজৰ সম্বৰ্ধনা

কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন পূব নগাঁও ৰঙালী বিহু উৎসৱ সমিতিৰ

DD TIMES নগাঁও, ২৫ মে’ : তৃতীয়বাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হোৱা নগাঁও- বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শর্মাক দেওবাৰে পূব নগাঁও ৰঙালী বিহু উৎসৱ সমিতি আৰু ৮নং মহলাৰ উদ্যোগত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। নগাঁও চহৰৰ পূব আমোলাপট্টি স্থিত সাৰ্বজনীন নগাঁও শ্মশান ঘাট শ্ৰীশ্ৰী শিৱমন্দিৰ চৌহদত থকা নটৰাজ কলাক্ষেত্ৰত আজি আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত নগাঁও পৌৰসভাৰ ৮নং মহলাত থকা দহটাৰো অধিক সামাজিক-সাংস্কৃতিক আৰু আধ্যত্মিক অনুষ্ঠানৰ লগতে ভালেসংখ্যক ব্যক্তিয়ে বিধায়ক ৰূপক শর্মাক সম্বৰ্ধনা জ্ঞাপন কৰে।

সাংবাদিক জিতেন বৰকটকীয়ে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত পূব নগাঁও ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি তথা নগাঁও পৌৰসভাৰ উপপৌৰপতি সীমান্ত বৰাই আদৰণি ভাষণ প্ৰদান কৰে । বিধায়ক ৰূপক শর্মাক গামোছা,চেলেং,জাপি, পিতলৰ শিৱ মূৰ্তি,ফুলৰ থোপা আদিৰে পূব নগাঁও ৰঙালী বিহু উৎসৱ সমিতি আৰু ৮নং মহলাৰ ৰাইজে সম্বৰ্ধনা জ্ঞাপন কৰে।

সম্বৰ্ধনাৰ প্ৰত্যুত্তৰত বিধায়ক শর্মাই ৰাইজৰ মৰম আৰু আশীৰ্বাদত তৃতীয়বাৰৰ বাবে অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাত ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । আনহাতে ৰাইজৰ আশীৰ্বাদ আৰু অভূতপূৰ্ব সমৰ্থনে আগন্তুক সময়ত সমাজৰ হিতৰ অৰ্থে আৰু অধিক সেৱা আগবঢ়াই যাবলৈ তেওঁক অফুৰন্ত শক্তি প্ৰদান কৰিব বুলি বিধায়ক শর্মাই মন্তব্য আগবঢ়ায় ।

নগাঁও চহৰৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সমীপৰ ৰেলৱেৰ লেভেল ক্ৰছিঙৰ ওপৰত এখন ফ্লাই অভাৰ নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰাৰ বিষয়ে বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে । নগাঁওখনক আৰু অধিক সুন্দৰ ৰূপত সজাই তোলাৰ বাবে বিধায়ক শর্মাই ৰাইজৰ সহযোগিতা কামনা কৰে ।

উল্লেখ্য যে নগাঁও পৌৰসভাৰ ৮ নং মহলাত থকা সাৰ্বজনীন নগাঁও শ্মশানঘাট শ্ৰীশ্ৰী শিৱমন্দিৰ সমিতি,নত্তমগাঁও নামঘৰ সমিতি,পূব আমোলাপট্টি মা কালী মন্দিৰ সমিতি, শ্ৰীশ্ৰী শ্মশান কালী মন্দিৰ সমিতি, শিৱনগৰ নামঘৰ, বগলা মন্দিৰ, সংগীন সংঘ, সমলয় সাংস্কৃতিক গোষ্ঠী, শিৱাণী মহিলা সমিতি,জুৰিয়াৰ শ্ৰীশ্ৰী শংকৰদেৱ মন্দিৰকে ধৰি অনুষ্ঠানৰ লগতে ব্যক্তিয়ে বিধায়ক ৰূপক শর্মাক সম্বৰ্ধনা জ্ঞাপন কৰে ।

আনহাতে সম্বৰ্ধনা অনুষ্ঠানত পূব নগাঁও ৰঙালী বিহু উৎসৱ সমিতিয়ে চলিত বৰ্ষৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উন্নত ফলাফল প্ৰদৰ্শন কৰা ৮ নং মহলাৰ প্ৰায় দুকুৰি শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰে ।

অভিনন্দন জ্ঞাপন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট সাহিত্য সমালোচক অৰিন্দম বৰকটকীয়ে ছাত্ৰী-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা ফলাফলৰ ধাৰা অব্যাহত ৰাখিবৰ বাবে অহোপুৰুষাৰ্থ কৰিবলৈ আহ্বান জনায় কয় যে কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ- ছাত্ৰী সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় এই বাবেই যে ছাত্ৰ-ছাত্ৰী সকলৰ এই কৃতিত্বই এটা সময়ত সামাজিক কৃতিত্ব আৰু সামাজিক পৰিচয়ৰ উত্তৰণ ঘটাব বুলি আমি বিশ্বাস কৰো।

সম্বৰ্ধনাই ছাত্ৰ-ছাত্রীক সামাজিক দায়ৱদ্ধতাৰ প্ৰতি সজাগ কৰি তোলে। আনহাতে প্ৰযুক্তিৰ উত্তৰণ,পৰিবৰ্তিত সমাজ ব্যৱস্থা আদিৰ মাজত আত্মবিশ্বাসেৰে ছাত্ৰ-ছাত্ৰীক আগবাঢ়ি যাবলৈ বৰকটকীয়ে আহ্বান জনায় । অনুষ্ঠানত পূব নগাঁও ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি তথা নগাঁও পৌৰসভাৰ উপপৌৰপতি সীমান্ত বৰা,ৰঙালী বিহু উৎসৱ সমিতিৰ সভাপতি যতীন্দ্ৰ কুমাৰ দাস, সাধাৰণ সম্পাদক প্ৰাণকৃষ্ণ শৰ্মা, উপদেষ্টা পুষ্পেন্দ্ৰ বৰগোহাঁই , সাৰ্বজনীন নগাঁও শ্মশানঘাট শ্ৰীশ্ৰী শিৱমন্দিৰ সমিতিৰ সভাপতি গংগা বল্লভ গোস্বামীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।


ইপিনে নগাঁও -বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ভোটাই পাথৰি গাঁও পঞ্চায়তৰ উদ্যোগত ভোটাই পাথৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তা আৰু ৰাইজে নৱনিৰ্বাচিত বিধায়ক ৰূপক শৰ্মাক আজি সম্বৰ্ধনা জ্ঞাপন কৰে। নগাঁও -বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত পলাশনি -তেলিয়া পহুকটা গাঁও পঞ্চায়তৰ উদ্যোগত পলাশনি শংকৰী সাংস্কৃতি বিকাশ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সম্বৰ্দ্ধনা অনুষ্ঠানৰ কাৰ্যসূচীত পলাশনি -তেলিয়া পহুকটা গাঁও পঞ্চায়তৰ সমূহ কাৰ্যকৰ্তা আৰু শুভাকাংক্ষী ৰাইজে বিধায়ক ৰূপক শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰে।ইয়াৰোপৰি মাজৰ‌আটি হুজ গাঁও পঞ্চায়তৰ উদ্যোগত মাজৰ‌আটি সমূহীয়া ভৱনত অনুষ্ঠিত ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰ কাৰ্যসূচীত মাজৰ‌আটি হুজ গাঁও পঞ্চায়তৰ বিষয়ববীয়া সকলৰ লগতে অঞ্চলটোৰ ৰাইজে নৱনিৰ্বাচিত বিধায়ক গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।

তেলিয়াগাঁও যুৱক সংঘৰ উদ্যোগত যুৱক সংঘৰ প্ৰাঙ্গণত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানৰ কাৰ্যসূচীত তেলিয়াগাঁও যুৱক সংঘকে ধৰি তেলিয়া গাঁও, পানীগাওঁ, বৰজহাৰ প্ৰায় অৰ্ধ শতাধিক সামাজিক, সাংস্কৃতিক, ধৰ্মীয় অনুষ্ঠানৰ লগতে ব্যক্তি বিশেষে বিধায়ক শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰ।

উৰিয়া গাঁও পঞ্চায়ত, শিঙিয়া পোতনি পঞ্চায়ত আৰু ছোটহয়বৰ পঞ্চায়তটো আজি বিধায়ক ৰূপক শৰ্মাক পঞ্চায়তৰ বিষয়ববীয়া সকলৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!