UTPAL BASUMATARY: বিশ্বকাপ লন্ বলত উৎপল বসুমতাৰীৰ ৰূপৰ পদক অৰ্জন
বিশ্বকাপ লন্ বলত উৎপল বসুমতাৰীৰ ৰূপৰ পদক অৰ্জন

DD TIMES গুৱাহাটী, ৮ নৱেম্বৰঃ অসম তনয়া উমা চেত্ৰীয়ে ভাৰতীয় মহিলা দলৰ হৈ বিশ্বকাপ ক্ৰিকেট জয় কৰাৰ আনন্দ মাৰ নৌযাওতেই অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ আহিছে আন এটা ভালখবৰ৷
মালয়েছিয়াৰ কুৱলালামপুৰত চলি থকা প্ৰথম বিশ্বকাপ লন্ বল প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰি অসমৰ উৎপল বসুমতাৰীয়ে ৰূপৰ পদক অৰ্জন কৰে৷ পেৰা শাখাত উৎপলে এই ঈৰ্ষণীয় সফলতা অৰ্জন কৰে৷
আনহাতে, অৰ্জুন নয়নমণি শইকীয়া আৰু পুতুল সোনোৱালে প্ৰতিযোগিতাখনত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰি উন্নত প্ৰদৰ্শন দাঙি ধৰে৷
উৎপল বসুমতাৰীক অসম গণ পৰিষদে আন্তৰিক অভিনন্দন জনাইছে৷
অনাগত দিনতো উমা, উৎপলহঁতৰ দৰে নৱোদিত খেলুৱৈসকলে অসম মাতৃৰ গৰিমা বিশ্বৰ মানচিত্ৰত প্ৰতিষ্ঠা কৰি যাব বুলি অগপই দৃঢ়ভাৱে বিশ্বাস কৰে৷

