NEW NEWS: পাষাণ হৃদয়ক প্ৰাণ দিছে শিল্পী মুকুল চুতীয়াই
পাষাণ হৃদয়ক প্ৰাণ দিছে শিল্পী মুকুল চুতীয়াই

DD TIMES মৰিয়নি, ৬ জুনঃ নিজৰ নেৰানেপেৰা প্ৰচেষ্টাৰ যোগেদি মৰিয়নি সমষ্টিৰ অন্তৰ্গত টিয়ক দিহিঙীয়া গাঁৱৰ দুৰন্ত তৰুণ মুকুল চুতীয়াই পাষাণ হৃদয়ক প্ৰাণ দি শিলা-ভাস্কৰ্যৰ পৰম্পৰাক ৰক্ষাৰ কৰাৰ লগতে নিজকে প্ৰতিষ্ঠা কৰিবলৈ হক্ষম হৈছে।

যি সময়ত একাংশই কেৱল চৰকাৰী হিতাধিকাৰী হৈ হৈ ক্ৰমে এলেহুৱা হৈ গৈ আছে তেনে সময়তে মুকুলে কৰ্ম সংস্কৃতিৰ যোগেদি নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
বৰ্তমান মুকুল চুতীয়াৰ শিল্প-সাধনাই নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰি হিতাধিকাৰীৰ পৰিৱৰ্তে আঙুলি মূৰত ধৰি শিল্প কৰ্ম শিকাই বুজাই স্বত্তাধিকাৰী কৰিবলৈ সক্ষম হৈছে।
শিল বালি বিলাতি মাটিৰ বুকু চিৰি সপোন ৰচি নীৰৱ প্ৰাণৰ স্পন্দন আঁকা মুকুলে বৰ্তমান ঘৰতে চিত্ৰৰথী নাম দি বিভিন্ন ধৰনৰ মূৰ্তি নি্ৰ্মানত ব্যস্ত থকাৰ লগতে অসমৰ বহুত নাম ঘৰত গৈ অতু সুন্দৰ ভাবে সপ্তবৈকুন্ঠ সৃষ্টি কৰি পাষাণ হৃদয়ক প্ৰণ দি আহিছে।
হাতুৰীৰ কৰণিৰ তালে তালে ইতিহাস ৰচা মুকুলে শিল্পতে উশাহ লৈ অসমৰ চহকী শিল্প-সংস্কৃতিৰ জগতখনক অপূৰ্ব শিলা-ভাস্কৰ্যৰে গৌৰৱান্বিত কৰি তুলিছে।
শিলৰ কঠিন বুকুত হাতুৰী-বটালিৰ আঘাত কৰণিৰ বোলেৰে মুকুলে যি জীৱন্ত ৰূপ দান কৰিছে, সেয়া কেৱল শিল্প নহয়, সেয়া মুকুলৰ সাধনা। নিপুণ হাতৰ পৰশত শিলে কথা কয়, ইতিহাস জীয়াই উঠে, সংস্কৃতিয়ে নতুন মাত্ৰা লাভ কৰে।
মুহিৰাম চুতীয়াৰ ঔৰসত ফুলেশ্বৰী চুতীয়াৰ গৰ্ভে জন্ম লাভ কৰা মুকুলে বিগত ২৩ বছৰে অসমৰ বিভিন্ন অঞ্চলৰ সহস্ৰাধিক নামঘৰলৈ গৈ গৰুৰাসন,সপ্তবৈকুণ্ঠৰ আসন নিৰ্মাণ কৰি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।
তদুপৰি বিভিন্ন নামঘৰ মন্দিৰৰ প্ৰায় শতাধিক তোৰণ নিৰ্মান কৰিছে।কলাৰ মাজেৰে জগৎ জিনিবলৈ বুলি মুকুলে চুতীয়াই গায়ন বায়ন,গৰুণ্ডপক্ষী, নৃসিংহ,কৃষ্ণকে আদি কৰি ইতিমধ্যে দুহাজাৰৰো অধিক মূৰ্তি নিমাৰ্ণ কৰিছে।
অতি কম বয়সতে কলাৰ জগতত নিপুণতাৰ পৰিচয় দাঙি ধৰা মুকুল চুতীয়াই জিতু ভূঞা, বিপুন বৰা,গুলাপ গোহাঁই, চিবা মাঝিক শিকাই বুজাই নিগাজিকৈ মূৰ্তি নিৰ্মাণত ব্যস্ত কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে ২০ /৩০ গৰাকীকৈ যুৱকক এই কৰ্মত নিয়োগ কৰি আহিছ।
টিয়ক নগৰৰ সমিপৰ দিহিঙীয়া গাঁৱৰ মুকুলৰ দক্ষ হাতে এতিয়ালৈকে সৃষ্টি কৰা মূৰ্তি গুৰু আসন আৰু তোৰণ সমূহে ইতিমধ্যেই হাজাৰজনৰ অন্তৰ জয় কৰিছে।
কোনো ক্লান্তিয়ে লগ নিদিয়া মুকুলৰ হাতৰ পৰশত শিল আৰু চিমেন্টৰ ভাস্কৰ্য হৈছে কলা আৰু নিৰ্মাণ শৈলীৰ এক সুন্দৰ সংমিশ্ৰণ।
স্থায়িত্ব, নান্দনিকতা আৰু প্ৰকৃতিৰ লগত সমন্বয় ৰক্ষাক প্ৰতিনিধিত্ব কৰা এই মাধ্যম ব্যৱহাৰ কৰি ভাৰতীয় শিল্পকলাত এক নতুন মাত্ৰা যোগ কৰাৰ বাবে মুকুল চুতীয়াক সকলোৱে একেমুখে প্ৰশংসা কৰিছে।

