NEW BOOKS: কবি ভাৰত ৰাজৰ নতুন কাব্য সংকলন ‘কাংথিলাংছৰ উচুপনি’ উন্মোচন
কবি ভাৰত ৰাজৰ নতুন কাব্য সংকলন ‘কাংথিলাংছৰ উচুপনি’ উন্মোচন

কবিতাক বাদ দি আমি জীৱন যাপন কৰিব পাৰো কিন্তু জীৱনটো উপভোগ কৰিব নোৱাৰোঁঃ কমল কুমাৰ জৈন
DD TIMES টিহু, ২৫ মে’ : নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু পশ্চিম দহকাউনীয়া ৰঙালী বিহু সন্মিলনীৰ সহযোগত শনিবাৰে সন্ধিয়া জনপ্ৰিয় কবি, সাংবাদিক ভাৰত ৰাজৰ ‘কাংথিলাংছৰ উচুপনি’ নামৰ কবিতা পুথি এখন উন্মোচন কৰা হয়।
পশ্চিম দহকাউনীয়া শ্রীশ্রী বিষ্ণু নামঘৰৰ চোতালত এই উপলক্ষে হোৱা অনুষ্ঠানটো সঞ্চালনা কৰে নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি ডাঃ সমৰ তালুকদাৰে। কবিতা পুথিখন উন্মোচন কৰে সাহিত্যিক পেঞ্চন প্ৰাপক বিশিষ্ট কবি কমল কুমাৰ জৈনে। উন্মোচনী ভাষণত কবিগৰাকীয়ে কয় যে কবিতাক বাদ দি আমি জীৱন যাপন কৰিব পাৰো কিন্তু জীৱনটো উপভোগ কৰিব নোৱাৰোঁ। অৰ্থৱহ ভাষাৰ সংমিশ্ৰণতে কবিতাৰ সৃষ্টি হয়।
কবি এজনে অতি কম সময়ত কবিতা লিখিব নোৱাৰে। কবিতা অন্তৰংগ মুহূৰ্তৰ সংযোগ। সাম্প্ৰতিক সময়ত কবিসকল বিভিন্ন দিশত বন্ধনত থাকিব লগীয়া হয়। কিতাপ এখনৰ পাঠকসকলৰ শুভেচ্ছাই লেখকসকলক প্ৰেৰণা যোগায়। তেওঁ আকৌ কয় যে কিতাপ এখন পাঠকেহে প্ৰকৃততে উন্মোচন কৰে।
পাঠকে যেতিয়া কবিতা বা আন লেখা পঢ়ি আওৰাই আন লোকৰ ওচৰলৈ লৈ যায় তেতিয়াহে প্ৰকৃততে পুথি উন্মোচন হয়। সভাত নিমন্ত্ৰিত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই কয় যে গভীৰ অনুধাৱন, অধ্যৱসায় আৰু মননশীল চিন্তাৰদ্বাৰাই কবিতাৰ সৃষ্টি হয়।
এটা কবিতাই পাঠকৰ মন জয় কৰাটোৱেই কবিৰ সফলতা বুজায়। কবিসকলে গভীৰ অধ্যয়ন কৰিলেহে ভাল কবিতাৰ সৃষ্টি কৰিব পাৰে। ধমধমা আঞ্চলিক মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ দিগন্ত ৰাজবংশীয়ে কয় যে কবিয়ে সামাজিক দায়িত্বৰপৰা হাত সাৰিব নোৱাৰে।
দেখা যায় বহু সময়ত কবিয়ে নিৰ্দিষ্ট দূৰত্বৰপৰা যেন আগুৱাই যাব পৰা নাই। অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ সংগঠক বঁটা প্ৰাপক তথা নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বেজবৰুৱাই কয় যে লেখকসকলৰ কৰ্ম বা চিন্তা ভিন্ন হ’লেও লেখকসকলৰ উদ্দেশ্য হৈছে সমাজৰ কল্যাণ সাধন কৰা। লেখকৰ মতৰ অমিল হ’লেও কলমৰ সেই মহৎ উদ্দেশ্য আৰু চৰিত্ৰ অক্ষুণ্ণ ৰাখিব লাগিব।
নতুন প্ৰজন্মৰ কবি লেখকসকলে এই চিন্তাৰে বাট বুলিব বুলি সাহিত্য সংগঠকগৰাকীয়ে কামনা কৰে। অসম সাহিত্য সভাৰ প্ৰাক্তন আমন্ত্ৰিত সদস্য প্ৰমোদ ডেকা আৰু পথাৰ পাব্লিচাৰ্ছৰ গৰাকী তথা কবিতা পুথিখনৰ প্ৰকাশক মহীধৰ কলিতাই শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে।
কবি ভাৰত ৰাজে আঁত ধৰা অনুষ্ঠানটো আয়োজনৰ উদ্দেশ্য বিৱৰি কয় নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক নৰেশ্বৰ কলিতাই।
বৰমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিলীপ কুমাৰ শৰ্মা, পশ্চিম দহকাউনীয়া ৰঙালী বিহু সন্মিলনীৰ সভাপতি মহেশ্বৰ ৰাজবংশীৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানত ‘বসন্তৰ বিয়লি কবিতাৰ আলাপ’ শীৰ্ষক অনুষ্ঠানত দিলীপ কুমাৰ হালৈ, পুলেন গোস্বামী, মদন ৰাজবংশী, নীৰেন তালুকদাৰ, গৌৰী দাস, দধি দাস, উদ্ধৱ পাঠক, সনাতন তালুকদাৰ, আলকাচ আলী, কুমুদ বৰ্মনৰ লগতে কেবাগৰাকী জনপ্ৰিয় কবিয়ে কবিতা পাঠ কৰি উপস্থিত ৰাইজক আপ্লুত কৰে।
নৱ প্ৰজন্মৰ ঝৰ্ণা ৰাজবংশী, নৱনীতা বৰ্মন, অলিষ্মিতা বৰ্মন আৰু প্ৰজ্ঞাশ্ৰী ৰাজবংশীয়ে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ বৃন্দগীত পৰিৱেশনেৰে শুভাৰম্ভ কৰা এই অনুষ্ঠান অসম সংগীতেৰে সামৰা হয়।

