Strong Storm: উত্তৰ প্ৰদেশত ধুমুহাত শতাধিক লোকৰ মৃত্যু
উত্তৰ প্ৰদেশত ধুমুহাত ১০০তকৈও অধিক লোকৰ মৃত্যু

DD TIMES দিল্লী, ১৪ মেঃ উত্তৰ প্ৰদেশত প্ৰকৃতিয়ে ৰুদ্ৰৰূপ ধাৰণ কৰিছে। ৰাজ্যখনত প্ৰচণ্ড ধুমুহাত মৃত্যু ঘটা লোকৰ সংখ্যা ১০০লৈ বৃদ্ধি পাইছে। ধুমুহাত বহু ঘৰৰ ক্ষতিসাধন হৈছে।
গছ আৰু বিদ্যুতৰ খুঁটা উভালি পৰাৰ বাবে স্বাভাৱিক জীৱন আৰু যাতায়ত ব্যাহত হৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষিপ্ৰ সাহায্য আৰু উদ্ধাৰ অভিযানৰ নিৰ্দেশ দিছে।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে ধুমুহাৰ এটা ভিডিঅ’ (ভিডিঅ’ৰ সত্যাসত্য পৰীক্ষা কৰা হোৱা নাই)। য’ত দেখা গৈছে যে এজন ব্যক্তিক প্ৰচণ্ড বতাহে উৰুৱাই লৈ যায় আৰু কেইবাশ ফুট দূৰত পেলাই দিয়ে।
উত্তৰ প্ৰদেশৰ সাহায্য আয়ুক্তৰ কাৰ্যালয়ে নিজৰ এক্স হেণ্ডেলত এটা পোষ্টত প্ৰকাশ কৰিছে যে বৃহস্পতিবাৰে দুপৰীয়া ১২ বজা পৰ্যন্ত ৫৩ জন লোক গুৰুতৰভাৱে আহত হৈছে।
১১৪টা গৰু মৃত্যু হোৱাৰ লগতে ৮৭টা ঘৰৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰী আদিত্যনাথে ২৪ ঘন্টাৰ ভিতৰত ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদান কৰিবলৈ সকলো বিভাগীয় আয়ুক্ত আৰু জিলা দণ্ডাধীশক নিৰ্দেশ দিছে।
প্ৰয়াগৰাজ জিলা প্ৰশাসনে প্ৰকাশ কৰা তালিকা অনুসৰি ধুমুহা আৰু বৰষুণৰ ফলত হাণ্ডিয়া অঞ্চলত ৭ জন, ফুলপুৰত ৪জন, সোৰাওনত ৩জন, মেজাত ২ জন আৰু সদৰ অঞ্চলত এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।ভাদোহী জিলাত ধুমুহা আৰু বৰষুণৰ ফলত ১৬ জন লোকৰ মৃত্যু হয়।
ফতেহপুৰৰ অতিৰিক্ত জিলা দণ্ডাধীশ অবিনাশ ত্ৰিপাঠীয়ে জনোৱা মতে, এই জিলাত ৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৬ জন আহত হৈছে।
প্ৰতাপগড় জিলাত প্ৰবল ধুমুহা আৰু বৰষুণৰ ফলত দেৱাল ভাঙি, চিমেণ্ট চেড ভাঙি, বজ্ৰপাতৰ দৰে পৃথক পৃথক ঘটনাত চাৰিজন লোকৰ মৃত্যু হয়। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে উত্তৰ প্ৰদেশৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।
ক্ৰেমলিনৰ এক বিবৃতিত কোৱা হৈছে যে, “উত্তৰ প্ৰদেশত ঘূৰ্ণীবতাহৰ ফলত জীৱনৰ ক্ষতি আৰু বৃহৎ পৰিসৰৰ ধ্বংসলীলাক লৈ মোৰ গভীৰ শোক প্ৰকাশ কৰিছো।
মৃতকৰ পৰিয়াল আৰু আপোনজনৰ প্ৰতি মোৰ সহানুভূতি তথা সমৰ্থন প্ৰকাশ কৰাৰ লগতে এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত আহত হোৱা সকলোৰ আশু আৰোগ্য কামনা কৰিছো।’
