GOOD BOOKS: চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ সহায়ক ভুবন দাসক বিদায় সম্বৰ্ধনা
চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ সহায়ক ভুবন দাসক বিদায় সম্বৰ্ধনা

DD TIMES চিলাপথাৰ, ১৩ মে’: চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ সহায়ক ভুবন দাসে ইতিপূৰ্বে চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰাত আজি বিদ্যালয়খনৰপৰা আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায় বিদ্যালয় পৰিয়ালে।

এই উদ্দেশ্যে আজি দিনৰ ১০ বজাত অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সহায়ক ভুবন দাসক নিজ ঘৰৰপৰা গায়ন-বায়নসহ বিদ্যালয় পৰিয়ালে আদৰি অনাৰ পিচত এখন সভা অনুষ্ঠিত হয়।
লীজা ফুকনে পৰিবেশন কৰা সত্ৰীয়া নৃত্যৰে আৰম্ভ হোৱা আৰু জ্যেষ্ঠ বিষয় শিক্ষক নিখিল ৰঞ্জন বৰঠাকুৰে আঁত ধৰা সভাখনত সভাপতিত্ব কৰে বিদ্যালয় উন্নয়ণ আৰু পৰিচালনা সমিতিৰ সভাপতি চাৰু চন্দ্ৰ দলে।
সভাত অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঢুণ্ডিৰাজ উপাধ্যায়, যোচেফ বসুমতাৰী, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ব্ৰজনাথ বৰুৱা, লক্ষীনাথ বৰাই ভুবন দাসৰ লগত কটোৱা সুদীৰ্ঘ দিনৰ ৰোমন্থন কৰাৰ পিচত বিষয় শিক্ষক মহিম বৰুৱা আৰু বিজয় বিশ্বকৰ্মা আদিয়ে তেওঁৰ কৰ্মৰাজীৰ ওপৰত ধন্যবাদসূক বক্তব্য আগবঢ়ায়।
ইয়াৰ পিচত ভুবন দাসক বিদ্যালয়ৰ তৰফৰপৰা ফুলাম গামোছা, গ্ৰন্থ, কলম, সাজ-পোচাক, ট্ৰলীবেগ আৰু মান পত্ৰৰে আনুষ্ঠানিক বিদায় সম্ভাষণ যচাৰ লগতে মেখেলা-চাদৰ আৰু অন্যান্য উপহাৰেৰে ভুবন দাসৰ পত্নী মঞ্জু দাসকো সম্বৰ্ধনা জনায়। সম্বৰ্ধনা গ্ৰহণ কৰি বিদায়ী কৰ্মচাৰী ভুবন দাসে কয় যে বৃহত্তৰ চিলাপথাৰ অঞ্চলত শৈক্ষিক পৰিবেশ অটুত ৰখাত বিদ্যালয়খনে সুদীৰ্ঘ দিনে চেষ্টা কৰি আহিছে।
নতুন প্ৰজন্মৰ শিক্ষকসকলে এই ক্ষেত্ৰত অধিক দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। ১৯৮৭ চনৰ জুন মাহত বিদ্যালয়খনত যোগদান কৰা ভুবন দাসে সুদীৰ্ঘ প্ৰায় চাৰিটা দশক বিদ্যালয়খনলৈ সেৱা আগবঢ়োৱাৰ সামান্তৰাল ভাৱে সাহিত্য-সংস্কৃতিৰ পথাৰখনত অৰ্জন কৰা অভিজ্ঞতাসমূহকলৈ প্ৰস্তুত কৰা ” সময়ৰ ধূসৰিত পৃষ্ঠা” নামৰ গ্ৰন্থখন উন্মোচন কৰে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱবালা বৰগোঁহাইয়ে।
সভাখনত বিষয় শিক্ষয়িত্ৰী মৌচুমী গগৈৰ পৰিচালনাৰে অনিৰ্বান দত্তৰ নেতৃত্বত সুৰ সমলয় আৰু প্ৰিঞ্চী বুঢ়াগোঁহাই নেতৃত্বত জেংবিহু প্ৰদৰ্শন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।
উল্লেখযোগ্যযে ২০২৫ চনৰ ৩০ নৱেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰা জ্যেষ্ঠ সহায়ক ভুবন দাসক স্থানীয় দল-সংগঠন আৰু শুভাকাংক্ষীসকলে বিদায় সম্ভাষণ যাচিছিল যদিও বিভিন্ন অসুবিধাতবিদ্যালয়ৰ তৰফৰপৰা তেওঁক আনুষ্ঠানিক বিদায় দিব পৰা নাছিল ।

