অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

NEW SPORTS: ৰজাপথাৰত ৰুলেন বে সোঁৱৰণি ফুটবল চেম্পিয়নশ্বিপ আৰম্ভ

Spread the love

ৰজাপথাৰত ৰুলেন বে সোঁৱৰণি প্ৰাইজমাণি ফুটবল চেম্পিয়নশ্বিপ আৰম্ভ

DD TIMES বকলীয়াঘাট, ৩১ মে’: ৰজাপথাৰ ক্ৰীড়া সন্থাৰ অন্তৰ্গত জিৰছং থাৰে কিৰি ক্লাৱৰ উদ্যোগত ক্লাৱৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে প্ৰথম ৰুলেন বে সোঁৱৰণি আমন্ত্ৰণমূলক প্ৰাইজ মানি ফুটবল চেম্পিয়নশ্বিপৰ।

ৱলংকাম অজিএফ চি বনাম ডিছবাই এফ চিঞৰ মাজত আজি অনুষ্ঠিত উদ্বোধনী খেলত ডিছবাই এফ চিয়ে ৱলংকাম অজি এফ চিক ২ -১ গলৰ ব্যৱধানত পৰাভূত কৰি পৰৰ্বতী ৰাউণ্ডত প্ৰৱেশ কৰিছে। খেলৰ প্ৰাকমুহূৰ্তত ক্লাৱৰ পতাকা উত্তোলন কৰে সভাপতি মিন্দাৰ টেৰণে।

ইয়াৰ পিছতেই স্বৰ্গীয় ৰুলেন বেৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণেৰে শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰে ৰজাপথাৰ ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি সাংস্কৃতিক কৰ্মী ধনছিং তেৰাঙে । আজিৰ তীব্ৰ উত্তেজনাপূৰ্ণ খেলখন শুভ উদ্বোধন কৰে ৰজাপথাৰ ক্ৰীড়া সন্থাৰ সভাপতি শৰৎ পাটৰে।

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বৰ্ডৰ অধ্যক্ষ লংকি বেয়ে জ্যেষ্ঠ ভাতৃৰ সোঁৱৰণত স্পনছৰ কৰা আজিৰ উদ্বোধনী খেলত স্পনছৰৰ লংকি বে, লাংফেৰ ভি ডি চি’ৰ অধ্যক্ষ ৰূপছিং তেৰাং, ৰজাপথাৰ ক্ৰীড়া সন্থাৰ সম্পাদক ৰংবং তেৰাঙকে প্ৰমুখ্য কৰি স্হানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।

বিজয়ী দলৰ হৈ অনিল বে আৰু কিংচন কিলিঙৰ এটাকৈ গল কৰে। অন্যহাতেদী বিজেতা দলৰ হৈ সন্জা টেৰণে একমাত্ৰ গলটো কৰে। আজিৰ খেলখন পৰিচালনা কৰে মহেশ্বৰ ছিংনাৰ, ৰামা ৰংহাং, ৰবিৰাম টকবি আৰুলুণছে টকবীয়ে।

উল্লেখ্য, উক্ত প্ৰতিযোগিতাৰ চেম্পিয়ন দললৈ ট্ৰফীসহ নগদ ৩০,০০০ হেজাৰ, ৰানাৰ্চ আপ দললৈ ট্ৰফীসহ নগদ ২০,০০০ হেজাৰ টকা প্ৰদানৰ কথা স্পনচৰৰে ঘোষনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!