NEW NEWS: আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতা আৰু আন্তঃৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতাত অসমৰ সাফল্য
আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতা আৰু আন্তঃৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতাত অসম দলৰ সাফল্য

DD TIMES নগাঁও, ১ জুন: “ইউনিভাৰ্চেল য়োগা কনফেডাৰেচন”ৰ উদ্যোগত আৰু নেপালৰ কাঠমাণ্ডুৰ “দি চেলেব্ৰেচন স্কুল”ৰ সহযোগত শিক্ষানুষ্ঠানখনৰ প্ৰাঙ্গণত যোৱা ৩০ আৰু ৩১ মে’ত অনুষ্ঠিত দ্বিতীয় সংখ্যক কমনৱেলথ যোগাসন প্ৰতিযোগিতাত অসমৰ দলটোৱে ৫টা সোণৰ পদক আৰু দুটা ৰূপৰ পদক লাভ কৰে। ভাৰতৰ হৈ অংশগ্ৰহণ কৰা দলটোৰ তিতিক্ষা মধুকল্যই Champion of the champions খিতাপ লাভ কৰিবলৈ সক্ষম হয়।

“ট্ৰেডিচনেল য়োগা চেম্পিয়নশ্বিপ”ত ১৮ বছৰৰ পৰা ২০ বছৰ বয়সৰ ছোৱালী শাখাত তিতিক্ষা মধুকল্যই সোণৰ পদক লাভ কৰে।
১৪ বছৰৰ পৰা ১৬ বছৰ বয়সৰ ল’ৰাৰ শাখাত গৌৰাংগ হাজৰিকাই সোণৰ পদক, ১৪ বছৰৰ পৰা ১৬ বছৰ বয়সৰ ছোৱালী শাখাত অনুভূতি বৰাই সোণৰ পদক, শুভাশ্ৰী বৰাই ৰূপৰ পদক, ১২ বছৰৰ পৰা ১৪ বছৰ বয়সৰ ছোৱালী শাখাত জ্যোস্মিতা শইকীয়াই ৰূপৰ পদক, ১২ বছৰৰ পৰা ১৪ বছৰ ল’ৰাৰ শাখাত সমৰ জ্যোতি বৰাই সোণৰ পদক আৰু ১০ বছৰৰ পৰা ১২ বছৰ বয়সৰ ছোৱালী শাখাত পাহি বৰুৱাই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
আনহাতে আন্তঃৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতাত ১০ বছৰৰ পৰা ১২ বছৰ বয়সৰ ছোৱালী শাখাত পাহি বৰুৱাই দ্বিতীয় স্থান, ১২ বছৰ উৰ্দ্ধৰ ছোৱালী শাখাত অনুভূতি বৰাই তৃতীয় স্থান, জ্যোস্মিতা শইকীয়াই পঞ্চম স্থান, তিতিক্ষা মধুকল্যই ষষ্ঠ স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।
গোটেই কেইগৰাকী খেলুৱৈ নগাঁও জিলাৰ ডাকৰঘাত যোগ বিদ্যালয়ৰ খেলুৱৈ। মুখ্য বিচাৰক আৰু দলটোৰ প্ৰশিক্ষক হিচাপে আছিল নগাঁও জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ যোগ প্ৰশিক্ষক অঞ্জন কৌশিক শৰ্মা।
ভাৰতীয় দলৰ তত্বাৱধায়ক আৰু কমনৱেলথ যোগাসন প্ৰতিযোগিতাৰ সঞ্চালক হিচাপে আছিল পশ্চিম বংগৰ ড. লোকনাথ নাথ।
Jayanta Bora, Barhampur
Ph. 9957012510
COR747

