Environmental Science Course: বালিপৰা ফাউণ্ডেচন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ উদ্যোগত ক্ষেত্ৰ পৰিৱেশ বিজ্ঞান পাঠ্যক্ৰম
বালিপৰা ফাউণ্ডেচন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ উদ্যোগত ক্ষেত্ৰ পৰিৱেশ বিজ্ঞান পাঠ্যক্ৰম-২০২৬ৰ সামৰণি

DD TIMES তেজপুৰ, ১৪ মে’: পৰিৱেশ-বিজ্ঞানৰ আন্তৰ্জাতিক অগ্ৰনি বেচৰকাৰী সন্থা বলিপাৰা ফাউণ্ডেচনৰ উদ্যোগত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহযোগত তেজপুৰৰ পূব হিমালয়ান উদ্ভিদ বিজ্ঞানৰ বৃহৎত ক্ষেত্ৰত তিনিদিনীয়াকৈ এখন কৰ্মশালা অনুষ্ঠিত হয়৷
ক্ষেত্ৰ পৰিৱেশ বিজ্ঞান পাঠ্যক্ৰম ২০২৬ শীৰ্ষক এই ক্ষেত্ৰভিত্তিক প্ৰশিক্ষণ কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয় তথা¸ অসম ৰাজ্যিক চিৰিয়াখানা-উদ্ভিদ উদ্যান আদিয়ে অংশ গ্ৰহণ কৰে৷
এই কাৰ্যসূচীৰ লক্ষ্য আছিল অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক পৰিৱেশগত লোকপিয়লৰ কৌশল, জৈৱ বৈচিত্ৰ্যৰ মূল্যায়ন, বাসস্থানৰ বৈশিষ্টৰ নিৰ্ণয় আৰু পৰিৱেশগত তথ্য বিশ্লেষণৰ বিষয়ে বাস্তৱিক প্ৰশিক্ষণ দিয়া৷
স্নাতক বৰ্ষৰ লগতে স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীয়ে ভাগ লোৱা এই কৰ্মশালাত পাঠ্যক্ৰমৰ শৈক্ষিক ধাৰণাসমূহক বাস্তৱ জগতৰ পৰিৱেশগত প্ৰয়োগৰ স’তে সংযোগ স্থাপনৰ যোগেদি পৰিৱেশ গৱেষণা আৰু সংৰক্ষণ পদ্ধতিৰ প্ৰশিক্ষণ দি দক্ষতা বৃদ্ধি কৰা হয়৷
কৰ্মশালাৰ প্ৰথমদিনা ড॰ নাৰায়ণ শৰ্মাই ‘ক্ষেত্ৰ পৰিৱেশ বিজ্ঞানৰ পৰিচয়’ শীৰ্ষক অনলাইন অধিবেশন অনুষ্ঠিত কৰাৰ বিপৰীতে সুশীল নগাটে ই এইচ বি এ বিজ্ঞান হাবৰ স’তে চমু প্ৰকৃতিৰ পথ আৰু চৰাই চোৱাৰ অধিবেশনত অংশ লয়৷
ইফালে, শিক্ষাৰ্থীসকলে নামেৰী ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত য’ত অধ্যাপক প্ৰশান্ত কুমাৰ শইকীয়া আৰু ড॰ মল্লিকা কাকতি শইকীয়াই বাস্তৱ জগতৰ পৰিৱেশ পৰ্যবেক্ষণ আৰু শিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি ক্ষেত্ৰ অধিবেশন পৰিচালনা কৰে৷
পৰিৱেশগত উত্তৰাধিকাৰ, বাসস্থানৰ বৈশিষ্ট নিৰ্ণয়, বন্যপ্ৰাণীৰ দ্বাৰা বাসস্থানৰ ব্যৱহাৰ, পৰিৱেশগত নমুনা সংগ্ৰহ পদ্ধতি, বন্যপ্ৰাণীৰ ভৰিৰ খোজ-গোবৰ আজি চিনাক্ত কৰা বিভিন্ন বিষয়সমূহ উক্ত অধিবেশনৰ সময়ত আলোচনা কৰা হৈছিল৷
কৰ্মশালাৰ দ্বিতীয় দিনা জীয়াভৰ’লী নৈৰ পাৰত চৰাই চোৱাৰ ব্যৱস্থা কৰা হয়৷ আনহাতে, ড॰ সুভম চন্দ্ৰ মণ্ডল আৰু ড॰ বিদ্যুৎ সাৰনিয়াই অত্যাধুনিক জি পি এছ পদ্ধতিৰে অৰণ্যৰ মানচিত্ৰ তথা বণ্যপ্ৰাণীৰ গননা কৰাৰ ক্ৰীড়া-কৌশল ছাত্ৰ-ছাত্ৰীসকলক শিকায়৷
কেমেৰা ট্ৰেপিঙৰ কৌশল তথা গছ-গছনিৰ নমুনা সংগ্ৰহৰ দিশতো জংগলত বহিয়ে আলোচনা কৰে৷ অন্তিম দিনটোত ড॰ কুলদীপ শৰ্মাই বৈজ্ঞানিক লেখা, তথ্য প্ৰস্তুত আৰু বিশ্লেষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি পৰিৱেশ তথ্য বিশ্লেষণ আৰু প্ৰকল্পৰ প্ৰতিবেদন প্ৰস্তুতৰ বিষয়ে অধিবেশন অনুষ্ঠিত কৰে৷
আনহাতে, ড॰ প্ৰাঞ্জল মহানন্দ, ড॰ বিবেক চেত্ৰী আৰু কমল চন্দাই দূৰত্বৰ নমুনা সংগ্ৰহৰ ওপৰত অধিবেশন অনুষ্ঠিত কৰে৷
গুগল আৰ্থ প্ৰ’ ব্যৱহাৰ কৰি মৌলিক মানচিত্ৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ পাঠ্যক্ৰমৰ সামৰণি অধিবেশনত অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ অভিজ্ঞতা আৰু প্ৰতিফলনসমূহৰ বিষয়ে বৰ্ণনা কৰে৷

