অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাসাহিত্য

Ayanghontor Rumanchokor Ovijan: প্ৰকৃতিৰ ‘জমাদাৰ’ক লৈ ব’হাগত আহি আছে আয়াংহঁতৰ ৰোমাঞ্চকৰ অভিযান

Spread the love

প্ৰকৃতিৰ ‘জমাদাৰ’ক লৈ ব’হাগত আহি আছে আয়াংহঁতৰ ৰোমাঞ্চকৰ অভিযান

DD TIMES ধেমাজি, ২০ এপ্ৰিলঃ চাওতে চাওতে বসন্ত আহি পালেহিয়েই। কুলিৰ মাত আৰু কপৌ ফুলৰ সুবাসৰ মাজতে অসমৰ শিশু-কিশোৰসকলৰ বাবে এটি বিশেষ খবৰ কঢ়িয়াই আনিছে লেখক মানস প্ৰতিম দত্তই।

প্ৰকৃতি আৰু শিশু সাহিত্যৰ এক ব্যতিক্ৰমী সংমিশ্ৰণেৰে এই বসন্তৰ বতৰতে প্ৰকাশ পাবলৈ সাজু হৈছে তেওঁৰ প্ৰথমখন শিশু-উপন্যাস “আয়াংহঁতৰ জমাদাৰ অভিযান”।


পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণক মূল বিষয়বস্তু হিচাপে লৈ ৰচনা কৰা এই উপন্যাসখন মণিকূট প্ৰকাশনৰ পৰা প্ৰকাশ পাব।

উল্লেখযোগ্য যে, অসমীয়া শিশু সাহিত্যত পৰিৱেশ সজাগতাৰ গুৰুত্ব অতীজৰে পৰা থাকিলেও, কোনো এক নিৰ্দিষ্ট বিলুপ্তপ্ৰায় প্ৰাণীক কেন্দ্ৰ কৰি ৰচনা কৰা কাহিনীৰ সংখ্যা তেনেই সীমিত। সেই অভাৱ পূৰণ কৰিবলৈকে লেখকে ‘প্ৰকৃতিৰ জমাদাৰ’ বুলি খ্যাত বিলুপ্তপ্ৰায় পক্ষী শগুনক কেন্দ্ৰ কৰি এই উপন্যাসখন সজাই তুলিছে।


প্ৰকৃতি আৰু মানুহৰ পৰম বন্ধু শগুনৰ সংৰক্ষণ আৰু আমাৰ চৌপাশৰ পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টিৰ এক শ্বাসৰুদ্ধকাৰী কাহিনী ইয়াত বৰ্ণনা কৰা হৈছে।

লেখক মানস প্ৰতিম দত্তই কয়, “কেৱল শব্দৰ যাদুৰে উপন্যাস, কবিতা বা গল্প লিখাই নহয়, কলমৰ শক্তিৰে পৰিৱেশৰ বাবে এক সজাগ প্ৰজন্ম গঢ়ি তোলাটো আমাৰ দায়িত্ব। ‘আয়াংহঁতৰ জমাদাৰ অভিযান’ৰ জৰিয়তে শিশু-কিশোৰসকলৰ মনত পৰিৱেশৰ প্ৰতি দায়বদ্ধতাৰ এক স্ফুলিঙ্গ জ্বলাবলৈ মই চেষ্টা কৰিছোঁ।”


প্লাষ্টিকৰ প্ৰদূষণ, বনাঞ্চল ধ্বংস আৰু সজাগতাহীনতাৰ বিৰুদ্ধে আয়াংহঁতে কেনেকৈ এক অভিযান চলাইছে, তাৰেই ৰোমাঞ্চকৰ বিৱৰণ পোৱা যাব এই গ্ৰন্থখনত। বিগত বৰ্ষত তেওঁৰ গল্প সংকলন ‘পোনাকণৰ পৃথিৱী’য়ে পাঠকৰ সমাদৰ লাভ কৰিছিল।

এইবাৰ বিহুৰ বতৰতে ‘আয়াংহঁতৰ জমাদাৰ অভিযান’ৰ লগতে আন এখন গল্প সংকলন ‘মানুৰ অংকৰ উত্তৰ বহীখন’ও ছপাশালৰ পৰা ওলাই আহিবলৈ সাজু হৈছে। বসন্তৰ আনন্দৰ মাজতে আয়াংহঁতৰ এই অভিযানে অসমৰ শিশু সাহিত্যৰ জগতত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!