Renowned journalist Homen Bargohain: বৰেণ্য কথাশিল্পী, প্ৰথিতযশা সাংবাদিক হোমেন বৰগোহাঞিৰ পঞ্চম মৃত্যুবাৰ্ষিকী পালন
বৰেণ্য কথাশিল্পী, প্ৰথিতযশা সাংবাদিক হোমেন বৰগোহাঞিৰ পঞ্চম মৃত্যুবাৰ্ষিকী
তেজপুৰত “কৰুণাধাৰা এক হৃদয়ৰ আন্দোলন”ৰ শোণিতপুৰ জিলা সহায়ক শখাৰ ‘প্ৰজ্ঞাৰ দিন’ উদযাপন
বিশিষ্টজনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
‘প্ৰজ্ঞাৰ সাধক হোমেন বৰগোহাঞি’ শীৰ্ষক বক্তৃতানুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° অৰূপ কুমাৰ নাথৰ অংশ গ্ৰহণ
‘কৰুণাধাৰা’ৰ পুঁজিলৈ লেখক নৰেন চন্দ্ৰ গোস্বামীৰ ৫০ হাজাৰ টকা আৰু শিক্ষাবিদ শৈলজা কুমাৰ পদ্মপতিৰ একলাখ টকা প্ৰদান

DD TIMES তেজপুৰ, ১৪ মে’: বৰেণ্য কথাশিল্পী, প্ৰথিতযশা সাংবাদিক হোমেন বৰগোহাঞিৰ আজি পঞ্চম মৃত্যুবাৰ্ষিকীৰ দিনটোত হোমেন বৰগোহাঞিৰ মানসপুত্ৰ সদৃশ “কৰুণাধাৰা এক হৃদয়ৰ আন্দোলন’ৰ শোণিতপুৰ জিলা সহায়ক শাখাৰ উদ্যোগত অনুষ্ঠিত “প্ৰজ্ঞাৰ দিন “শীৰ্ষক কাৰ্যসূচীত তেজপুৰৰ বিদ্বৎ সমাজে শ্ৰদ্ধাৰে স্মৰণ কৰে কথাশিল্পীগৰাকীক।

উল্লেখ্য তেজপুৰৰ শিশু বিকাশ একাডেমী প্ৰাংগনত ১২ মে’ৰ বিয়লিৰ পৰা অনুষ্ঠিত “প্ৰজ্ঞাৰ দিন’ৰ এই কাৰ্যসূচীত তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাষা বিজ্ঞান আৰু ভাষা প্ৰযুক্তি বিভাগৰ মুৰব্বী অধ্যাপক ড০ অৰূপ কুমাৰ নাথে “প্ৰজ্ঞাৰ সাধক হোমেন বৰগোহাঞি “শীৰ্ষক বিষয়ত প্ৰদান কৰা মনোজ্ঞ ভাষণত বৰেণ্য কথাশিল্পী তথা নমস্য সাংবাদিক গৰাকীৰ জীৱন পৰিচিতি ,জীৱন -দৰ্শন আৰু সাহিত্যৰ বিভিন্ন দিশ সমূহ নিৰ্মোহভাবে বিশ্লেষণ কৰি উপস্থিত বিদ্বৎ সমাজক আপ্লুত কৰে।
“কৰুণাধাৰা এক হৃদয়ৰ আন্দোলন “ৰ শোণিতপুৰ জিলা সহায়ক শাখাৰ সম্পাদক ড০ কৃষ্ণা শৰ্মাই আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিৰ আৰম্ভণিতে প্ৰয়াত কথাশিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে জিলা সহায়ক শাখাৰ কাৰ্য্যবাহী সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ড০ ভুবনেশ্বৰ চহৰীয়া আৰু কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক ডা০ সৌৰভ ভূঞাই ।
ইয়াৰ পিছতেই তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ মানবেন্দ্ৰ ভূঞা ,বিশিষ্ট লেখক ভুবন চন্দ্ৰ গগৈ ,বিশিষ্ট ক্ৰীড়াবিদ পংকজ কুমাৰ বৰা ,শিশু বিকাশ একাডেমীৰ অধ্যক্ষা মন্দাকিনী বৰা ,শিক্ষক -শিক্ষয়িত্ৰী সকলৰ লগতে বিশিষ্ট ব্যক্তি সকলে পুষ্পাঞ্জলি অৰ্পনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
আনহাতে বিশিষ্ট আইনজ্ঞ ইস্কে আলম ,বিশিষ্ট ক্ৰীড়াবিদ তথা প্ৰবীণ চিকিৎসক ডাঃ বিশ্বৰঞ্জন কলিতা ,তেজপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ শৈলজা কুমাৰ পদ্মপতি আৰু কৰুণাধাৰাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক ,গল্পকাৰ তথা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ সৌৰভ ভূঞাই বিশেষ আসন শুৱনি কৰা “প্ৰজ্ঞাৰ দিন ” ৰ অনুষ্ঠানটি আৰম্ভ হয় বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰাৰ এটি বৰগীতেৰে।
অনুষ্ঠানটিত সভাপতিৰ আসনৰ পৰা জিলা সহায়ক শাখাৰ কাৰ্য্যবাহী সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ড০ ভুবনেশ্বৰ চহৰীয়াই আদৰণী ভাষণ আগবঢ়াই প্ৰয়াত কথাশিল্পী হোমেন বৰগোহাঞিৰ সপোনৰ “কৰুণাধাৰা এক হৃদয়ৰ আন্দোলন’ৰ শোণিতপুৰ জিলা শাখাইও দুৰ্গত আৰু আৰ্তজনৰ কল্যাণৰ বাবে বিগত সময়চোৱাত একাংশ বদান্য ব্যক্তিৰ সহযোগিতাত কিছু কাম কৰিবলৈ সমৰ্থ হৈছে বুলি মন্তব্য কৰে।
আনহাতে অনুষ্ঠানটিত জিলা সহায়ক শাখাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই ৰাজনীতি আৰু কোনো চৰকাৰী প্ৰশাসন যন্ত্ৰৰ পৃষ্ঠপোষকতাৰ অবিহনে কেৱল মানুহৰ হৃদয়ৰ পৰা হৃদয়লৈ হোৱা অনুষ্ঠান সমূহৰ ভিতৰত “কৰুণাধাৰা”ই বৰ্তমানলৈকে একমাত্ৰ মহৎ অনুষ্ঠান বুলি মন্তব্য কৰি অনুষ্ঠানটিৰ মূল বক্তা তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাষা বিজ্ঞান আৰু ভাষা প্ৰযুক্তি বিভাগৰ মুৰব্বী অধ্যাপক ড০ অৰূপ কুমাৰ নাথৰ পৰিচিতি দাঙি ধৰাৰ পিছত ড০ নাথে “প্ৰজ্ঞাৰ সাধক হোমেন বৰগোহাঞি “শীৰ্ষক বিষয়ত আলোকপাত কৰি বিশাল ব্যক্তিত্বৰ অধিকাৰী হোমেন বৰগোহাঞি এক সিন্ধু আৰু তেওঁ নিজে এক বিন্দু মাত্ৰ বুলি মন্তব্য কৰে।
ড০ নাথে জ্ঞানৰ দ্বাৰা এজন ব্যক্তিয়ে ধন আহৰণ কৰিব পাৰে যদিও প্ৰজ্ঞাৰ অধিকাৰী হ’লেহে সেই ধন সঠিক কামত ব্যৱহাৰ কৰিব পৰাৰ উদাহৰণেৰে হোমেন বৰগোহাঞিয়ে নিজেই জ্ঞান আৰু প্ৰজ্ঞাৰ সংজ্ঞা কেনেকৈ দাঙি ধৰিছিল সেই সম্পৰ্কে সাৱলীল আলোকপাত কৰে ।
আনহাতে সমাজৰ প্ৰত্যেকগৰাকী জীৱিকাধাৰী লোকেই হোমেন বৰগোহাঞিৰ সাহিত্যৰ যেনেকৈ সমল আছিল একেদৰে পৰিৱেশ তথা পাৰিপাৰ্শ্বিকতাৰ প্ৰতি প্ৰতিটো মুহূৰ্ততে সচেতন বৰগোহাঞি এগৰাকী প্ৰকৃত প্ৰকৃতিপ্ৰেমী আছিল আৰু তাৰ সম্যক প্ৰতিফলন তেওঁৰ সাহিত্যত দেখা পোৱা যায় বুলি উদাহৰণ সহ ব্যখ্যা দাঙি ধৰে ।
ড০ নাথে তেওঁৰ দীঘলীয়া ভাষণত হোমেন বৰগোহাঞিৰ প্ৰায়সমূহ গ্ৰন্থৰে নাম উল্লেখ কৰাৰ লগতে নিজৰ চিন্তা -চেতনাৰ ওচৰত কেতিয়াও আপোচ নকৰাৰ বাবেই লোভনীয় প্ৰশাসনিক বিষয়াৰ চাকৰি ইস্তফা দি “নীলাচল” কাকতৰ সম্পাদকৰ পৰা শেহতীয়া “নিয়মীয়া বাৰ্তা” কাকতৰ মুখ্য সম্পাদকলৈকে বৰ্ণিল আৰু সংগ্ৰামপূৰ্ণ জীৱন আলোকপাত কৰে।
উল্লেখ্য এই অনুষ্ঠানতে “কৰুণাধাৰা ” ৰ পুঁজিলৈ নিজৰ চৰকাৰী চাকৰিৰ পেন্সনৰ পৰা লেখক নৰেন চন্দ্ৰ গোস্বামীয়ে ৫০ হাজাৰ টকাৰ চেক কাৰ্যবাহী সভাপতি ড০ ভুবনেশ্বৰ চহৰীয়াৰ হাতত অৰ্পণ কৰাৰ লগতে তেজপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শৈলজা কুমাৰ পদ্মপতিয়েও কাইলৈৰ দিনটোত একলাখ টকাৰ চেক প্ৰদানৰ কথা ঘোষণা কৰে ।
আনহাতে আজিৰ এই অনুষ্ঠানটিতে “প্ৰজ্ঞাৰ দিন “ৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীৰ মাজত “মানৱতাবাদ “শীৰ্ষক বিষয়ৰ ওপৰত থিতাতে লিখা ৰচনা প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক মানপত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰে ।
প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে তেজপুৰ চেক্ৰেট হাৰ্ট বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী আৰ্ফিনা ৱাহিদ ,দ্বিতীয় স্হান লাভ কৰে একে বিদ্যালয়ৰে দশম শ্ৰেণীৰ ছাত্ৰ হৰিশ বৰ্ধন বৰুৱাই ,তৃতীয় স্থান যুটীয়াভাৱে লাভ কৰে বিহগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী মল্লিকা শইকীয়া আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী ভাস্বতী কাশ্যপে ।
আনহাতে উদগনি বঁটা লাভ কৰে ক্ৰমে- তেজপুৰ চায়েন্স একাডেমীৰ বিপাংশী স্তুতি শইকীয়া, শোণিতপুৰ শিশু বিকাশ একাডেমীৰ দশম শ্ৰেণীৰ ছাত্ৰী গায়ত্ৰী বৰা আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ জ্যোতি পল শইকীয়াই।

