অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

The Kaziranga National Park, Palace’s Fish Eagle: কাজিৰঙাত ভাৰতৰ ৮ ষ্টৰ্ক প্ৰজাতিৰ ৬ প্ৰজাতি, ৪৫% ৰেপ্টৰ প্ৰজাতি নথিভুক্ত

Spread the love

কাজিৰঙা ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলত জৰীপ

ভাৰতৰ ৮ ষ্টৰ্ক প্ৰজাতিৰ ৬ প্ৰজাতি, ৪৫% ৰেপ্টৰ প্ৰজাতি নথিভুক্ত

বিশ্বৰ ভিতৰতে প্যালাছৰ ফিছ ঈগলৰ সৰ্বাধিক প্ৰজননস্থলীৰ সংৰক্ষিত অঞ্চল কাজিৰঙা

DD TIMES বোকাখাত, ৬ জুনঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ জৈৱ বৈচিত্ৰ্যত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে চৰায়ে। বিবিধ থলুৱা প্ৰজাতিৰ চৰাইৰ লগতে ভাৰতৰ বহু অংশত উপলব্ধ বহু চিকাৰী চৰাইৰ উপস্থিতিয়ে কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্যক অনন্য মাত্ৰা প্ৰদান কৰাৰ লগতে প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰি আহিছে।

বন্যপ্ৰাণী ব্যৱস্থাপনাৰ ক্ষেত্ৰত কাজিৰঙা ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষই চলিত বৰ্ষৰ ফেব্ৰুৱাৰী–মাৰ্চ মাহত বিজ্ঞানসন্মতভাৱে ষ্টৰ্ক আৰু চিকাৰী চৰাই বা ৰেপ্তৰৰ এক বিস্তৃত জৰীপ সম্পন্ন কৰে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি প্ৰকাশিত এই জৰীপৰ প্ৰতিবেদন উদ্যানৰ সঞ্চালক ড° সোণালী ঘোষে আজি এক সংবাদ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰে।

বিজ্ঞপ্তিত কোৱা হয় যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ শেষ সপ্তাহৰ পৰা ২ মাৰ্চলৈকে পূৱ অসম বন্যপ্ৰাণী বিভাগৰ অন্তৰ্গত সকলো প্ৰশাসনিক ৰেঞ্জত কাজিৰঙা ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষ আৰু অসমৰ গৱেষকৰ মুঠ ১০ গৰাকী বিশেষজ্ঞৰ এটি সন্মিলিত গণনাকাৰীৰ দলে এই দ্ৰুত জৰীপ সম্পন্ন কৰে। চলিত বছৰৰ চৰাইৰ বাহৰ স্থানসমূহো সামগ্ৰিক বিশ্লেষণত অন্তৰ্ভুক্ত কৰা হয়।

জৰীপত ৩০টা চিকাৰী প্ৰজাতিৰ ২১৭ টা পৃথক চৰাই আৰু ৬টা ষ্টৰ্ক প্ৰজাতিৰ ২৬৬টা পৃথক চৰাই নথিভুক্ত কৰা হয়। উল্লেখযোগ্য প্ৰজাতিসমূহ ক্ৰমে স্লেণ্ডাৰ-বিল্ড ভালচাৰ, ৰেড-হেডেড ভালচাৰ, ফিচ ঈগল, ষ্টেপ ঈগল, গ্ৰেটাৰ স্পটেড ঈগল, গ্ৰে-হেডেড ফিছ ঈগল, ব্ৰাউন ফিছ আউল, ডাস্কি ঈগল-আউল, গ্ৰেটাৰ এডজুটেণ্ট, লেছাৰ এডজুটেণ্ট, ব্লেক-নেকড ষ্টৰ্ক আৰু ব্লেক ষ্টৰ্কক জৰীপত তালিকাভুক্ত কৰা হৈছে।

উদ্যানখনত দিবা আৰু নিশাচৰ বিভিন্ন প্ৰজাতিৰ চিকাৰী চৰাই যেনে ঈগল, ফালকন, ভালচাৰ, বাজাৰ্ড আৰু আউল পোৱা যায়। ইয়াৰ উপৰিও বিস্তৃত জলাশয় অঞ্চল সমূহ বহু স্থানীয় আৰু পৰিভ্ৰমী ষ্টৰ্ক প্ৰজাতিৰ বাসস্থান। ভাৰতত মুঠ ১১২টা চিকাৰী প্ৰজাতি নথিভুক্ত হৈছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ সংলগ্ন অঞ্চলত ইয়াৰে প্ৰায় ৫০ টা প্ৰজাতি পোৱা যায় বুলি বিজ্ঞপ্তিত প্ৰকাশ। অসমৰ সমৃদ্ধ জলাশয় সমূহ আৰু হিমালয়ৰ পাদদেশীয় অঞ্চলসমূহ এই চিকাৰী চৰাই সমূহৰ গুৰুত্বপূৰ্ণ বাসস্থান। বিশ্বজুৰি মুঠ ২০টা ষ্টৰ্ক প্ৰজাতি পোৱা যায়, যিবোৰ মূলতঃ উষ্ণ আৰু উপ-উষ্ণমণ্ডলীয় অঞ্চলত বিস্তৃত। ইয়াৰে প্ৰায় ৫০% অৰ্থাৎ ৮টা প্ৰজাতি ভাৰতত নথিভুক্ত। এই ৮টা প্ৰজাতিৰ সকলোবোৰেই অসম আৰু কাজিৰঙাত পোৱা যায়।

অঞ্চলটোৰ বিস্তৃত জলাশয় আৰু ওখ গছসমূহ এই চৰাইৰ বাবে সুৰক্ষিত স্থান বুলি বিজ্ঞপ্তিত উল্লেখ কৰে। সমীক্ষাত কাজিৰঙা বনাঞ্চলৰ তিনিটা প্ৰশাসনিক বিভাগ ক্ৰমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২১টা ৰেপ্টৰ আৰু ৫টা ষ্টৰ্ক প্ৰজাতি, বিশ্বনাথ বন্যপ্ৰাণী বিভাগত ২০টা ৰেপ্টৰ আৰু ৬টা ষ্টৰ্ক প্ৰজাতি, নগাঁও বন্যপ্ৰাণী বিভাগত ১৪টা ৰেপ্টৰ আৰু ৫টা ষ্টৰ্ক প্ৰজাতিৰ কথাও বিজ্ঞপ্তিত উল্লেখ আছে।

ইয়াৰ ভিতৰত এছিয়ান ওপেনবিল আটাইতকৈ অধিক সংখ্যক অৰ্থাৎ মুঠ ৯২টা নথিভুক্ত হৈছে। আনহাতে গ্ৰেটাৰ এডজুটেণ্ট আটাইতকৈ দুৰ্লভ, মাত্ৰ ৩টা দৰ্শন নথিভুক্ত হৈছে।

ৰেপ্টৰসমূহৰ ভিতৰত হিমালয়ান গ্ৰিফন ভালচাৰ আটাইতকৈ বেছি, ৬৯টা দৰ্শন নথিভুক্ত হৈছে। আনহাতে বুটেড ঈগল আৰু হোৱাইট-টেইল্ড ঈগল আটাইতকৈ দুৰ্লভ, মাত্ৰ ১টা কৈহে দেখা পোৱাৰ কথা নথিভুক্ত হৈছে।

উল্লেখ্য যে জৰীপত কাজিৰঙাত পালাছৰ ফিছ ঈগলৰ ১০টা সক্ৰিয় বাহ পোৱা গৈছিল, যাৰ বাবে কাজিৰঙা বিশ্বৰ ভিতৰতে এই প্ৰজাতিৰ আটাইতকৈ বেছি প্ৰজননস্থলী থকা সংৰক্ষিত অঞ্চল হিচাপে স্বীকৃত হৈছে। প্ৰকাশ কৰা তথ্য সমূহৰ লগতে বিজ্ঞপ্তিত এই চৰাই সমূহৰ সংৰক্ষণত গুৰুত্ব আৰোপ কৰা হৈছে।

বিশেষকৈ চৰাইৰ বাহৰ লগতে বনাঞ্চলৰ বানপ্লাৱিত সমভূমিৰ প্ৰাকৃতিক আৱাসস্থলীৰ সংৰক্ষণ, বিদ্যুৎ লাইনৰ ফলত হোৱা মৃত্যুহাৰ হ্ৰাস কৰা, গৱেষণা তথা আন্তঃৰাষ্ট্ৰীয় সহযোগিতা ইত্যাদিৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তা জৰীপত স্পষ্ট হৈছে।

এই তথ্যসমূহে বিপন্ন ষ্টৰ্ক আৰু ৰেপ্টৰ প্ৰজাতিসমূহৰ সুৰক্ষা আৰু উদ্যানখনৰ জীৱবৈচিত্ৰ্য সংৰক্ষণৰ প্ৰচেষ্টাক অধিক শক্তিশালী কৰিব বুলি কাজিৰঙা কৰ্তৃপক্ষ আশাবাদী বুলি বিজ্ঞপ্তিত প্ৰকাশ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!