অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

NEW NEWS: ছাত্ৰ-ছাত্ৰীয়ে নম্বৰ তালিকা প্ৰাপ্তিয়েই নহয়, সমাজত ভাল মানুহ হিচাপেও নিজকে প্ৰতিষ্ঠা কৰিব লাগিবঃ গুৰমাইল সিং

Spread the love

ঘাঁহী-মহমৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত ৪৫ জন কৃতী ছাত্ৰ ছাত্ৰীক অভিনন্দন

ছাত্ৰ-ছাত্ৰীয়ে নম্বৰ তালিকা প্ৰাপ্তিয়েই নহয়, সমাজত ভাল মানুহ হিচাপেও নিজকে প্ৰতিষ্ঠা কৰিব লাগিবঃ গুৰমাইল সিং

DD TIMES নগাঁও, ১ জুনঃ অসম সাহিত্য সভাৰ অন্তৰ্গত স্বৰ্ণ জয়ন্তী অতিক্ৰম কৰা ঘাঁহী-মহমৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত কলং নদীৰ পাৰৰ ঘাঁহী চাৰিআলি সমূহীয়া ভৱনত কালি বিয়লি বৃহত্তৰ অঞ্চলটোৰ ৪৫ জন কৃতী ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয়।

ঘাঁহী-মহমৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি হৰেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানটিত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক- নাট্যকাৰ, গল্পকাৰ- সাংবাদিক গুৰমাইল সিঙে কয় যে ছাত্ৰ ছাত্ৰী সকলে নম্বৰ তালিকাত নম্বৰ বঢ়ালেই নহ’ব।

সমাজত ভাল মানুহ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব লাগিব। তেওঁ লগতে কয় যে সৎ কৰ্ম, সততা আৰু পিতৃ-মাতৃৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখি নিজৰ জীৱনটো আগবঢ়াই নিয়াৰ লগতে সমাজৰ প্ৰতি শ্ৰদ্ধাশীল হ’ব লাগিব । বহু মেধা ছাত্র ছাত্ৰীয়ে নিজক প্ৰতিস্থিত কৰাৰ পাছত পিতৃ-মাতৃ বা সমাজক পাহৰি যায় । আমি শিপা পাহৰিব নালাগে । শিপাৰ লগত সংপৃক্ত হৈ থাকিব লাগে । লগতে তেওঁ বহু কেইজন প্ৰসিদ্ধ লেখকৰ গ্ৰন্থ আৰু নবেল প্ৰাপকৰ জীৱনী অধ্যয়ণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি দিহা আগবঢ়াই ।


ঘাঁহী-মহমৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ সম্পাদক ৰেৱকান্ত দাসে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত নগাঁও আঞ্চলিক সাহিত্য সভাৰ সম্পাদক ৰেৱত হাজৰিকাই কয় যে , ছাত্র ছাত্ৰী সকলে সপোন দেখিলে নহ’ব । সেই সপোনক বাস্তবায়িত কৰিব লাগিব । তেওঁ লগতে মোৰো এটা সপোন আছিল গ্ৰন্থৰ শ্ৰষ্টা ড° ৰুবুল মাউত, এ পি জে আব্দুল কালামৰ দৰে মহান ব্যক্তি সকলৰ আদৰ্শৰে অনুপ্ৰাণিত হ’ব লাগিব ।

শিল্পী ভদ্ৰ কান্ত দাসে আ‍ঁতধৰা সভাখনিত আন এজন আমন্ত্ৰিত অতিথি লেখক-সাংবাদিক দেৱজিৎ হাজৰিকাই কয় যে, সফলতাৰ চমু পথ নাই । ছাত্ৰ-ছাত্ৰী সকলে কঠোৰ শ্ৰম আৰু একাগ্ৰতাৰে অধ্যয়নপুষ্টহৈ আগুৱাই যাব লাগিব । তেওঁ লগতে কয় যে মেট্ৰিক বা হায়াৰ চেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱাটোৱেই শেষ কথা নহয় , আমি জীৱনৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব ।

সভাত প্ৰভাত ভৰালীয়েও ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি দুআষাৰ কয় । সভাৰ আৰম্ভণিতে শংকৰী কলা কৃষ্টিৰ সাধক নাৰায়ণ বৰাৰ নাম-ঘোষাৰে বন্তি প্ৰজ্বলন কৰি সভাখনি আৰম্ভ কৰা হয় । তাৰ পিছতে বিশিষ্ট শিল্পী ভদ্ৰ কান্ত দাসৰ পৰিচালনাত ঘাঁহী আঞ্চলিক শাখা সাহিত্য সভাৰ মহিলা সকলে “চিৰ চেনেহী মোৰ ভাষা জননী ” গীতটি পৰিবেশন কৰে ।

উল্লেখযোগ্য যে বৃহত্তৰ ঘাঁহী অঞ্চলৰ কেইবাখনো গাঁৱৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ৪৫ গৰাকী ছাত্র ছাত্ৰীক সম্বৰ্ধনা পত্ৰ, গামোছা আৰু কলমেৰে উষ্ম অভিনন্দন জনোৱা হয় ।

সন্ধিয়া লৈকে অনুষ্ঠিত আজিৰ এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক ভূপেন চন্দ্ৰ নাথ, ক্ষিতিকান্ত বৰা, পৰমানন্দ বৰা,নগেন শইকীয়া, ৰবীন শৰ্মা, প্ৰণতি দাস, জিন্টি দাস, সবিতা ৰাণী মুক্তিয়াৰ, মিতালী দাস ,ৰীণা দাস, ৰুণজুন দাস , ভদ্ৰা দাস, ৰঞ্জু দাসকে ধৰি অঞ্চলটোৰ কৃতী মান সকলৰ লগতে তেওঁলোকৰ অভিভাৱক, স্থানীয় ৰাইজ আৰু গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে ।

সভাৰ শেষত সম্পাদক ৰেব কান্ত দাসে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছত জাতীয় সংগীতৰে সভাৰ সামৰণি মৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!