Day of Poetry: নগাঁৱত ৰঙাজিঞা শাখা কবি সন্মিলনৰ উদ্যোগত ‘কবিতাৰ দিন’ উদযাপন
নগাঁৱত ৰঙাজিঞা শাখা কবি সন্মিলনৰ উদ্যোগত ‘কবিতাৰ দিন’ উদযাপন
অৰ্ধশতাধিক কবিৰ কবিতা পাঠেৰে মুখৰিত শ্ৰীশ্ৰী শংকৰদেৱ নাট্যচ’ৰা

DD TIMES নগাঁও, ১ জুনঃ নগাঁও জিলা কবি সন্মিলনৰ অন্তৰ্ভুক্ত ৰঙাজিঞা শাখা কবি সন্মিলনৰ উদ্যোগত কালি বিয়লিৰ ভাগত নগাঁৱৰ আমোলাপট্টিস্থিত শ্ৰীশ্ৰী শংকৰদেৱ নাট্যচ’ৰাত ‘কবিতাৰ দিন’ শীৰ্ষক এক মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয় ।

ৰঙাজিঞা শাখা কবি সন্মিলনৰ সভাপতি কিশোৰ দাসে সভাপতিত্ব কৰা অনুষ্ঠানটিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰঙাজিঞা শাখা কবি সন্মিলনৰ সম্পাদক আশা বৰা মনে। ইয়াৰ পাছতে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।
পৰৱৰ্তী সময়ত ‘কবিতাৰ দিন’ শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠানটি উদ্বোধন কৰে নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দুৰ্গেশ্বৰ বৰকটকীয়ে।
সভাত নগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক দ্বয় পৱন শৰ্মা, ৰাজু সমীৰণ, সঞ্জীৱ সাগৰ চৌধুৰী, সাহিত্যিক ঋষেশ্বৰ ঠেঙাল, ৰঙাজিঞা শাখা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি অশোকৰাম ভট্টাচাৰ্যকে প্ৰমূখ্য কৰি বিশিষ্ট লোকসকল উপস্থিত থাকে।
অনুষ্ঠানত কবি হৰিবন্ধু বিশ্বাসৰ চাৰিখনকৈ গ্ৰন্থ এই মঞ্চতে উদ্বোধন কৰা হয় । লগতে শিশু আবৃত্তিকাৰ কিশোৰ ৰঞ্জন গাৰ্গৰ আবৃত্তিয়েও উপস্থিত ৰাইজক আপ্লুত কৰি তুলে।
প্ৰায় অৰ্ধশতাধিক কবিৰ কবিতা পাঠেৰে মুখৰিত হৈ পৰা অনুষ্ঠানটিত হৰিবন্ধু বিশ্বাস, মধু চৌধুৰী, মিনতি দেৱী কাকতি, কৰৱী লিগিৰা, লাৱণ্য দেৱী, প্ৰদীপ শইকীয়া, দীপ্তি বৰা, গুনদা গোস্বামী, মিনাৰাম বৰা, মালা মেধি কাকতি, পবিত্ৰী ভৰালী, হাছিনা মমতাজ, প্ৰদ্যুম্ন বৰা, নৱজ্যোতি বৰা, অজন্তা বড়া, দীপা পণ্ডিত, ড° টুলুমণি দেৱী, স্বপ্না দেৱী, নিজৰা শইকীয়া, মুকুল চন্দ্ৰ বৰা, পাপু মজুমদাৰ, গৌৰী বল্লভ গোস্বামী, মিনতি গোস্বামী, পাপু মজুমদাৰ, দুলাল বৰা, গুৰুবচন সিং, নিৰুপ্ৰভা দেৱী, মুনিন্দ্ৰ শইকীয়া, প্ৰদীপ কুমাৰ দেৱ নাথকে প্ৰমূখ্য কৰি প্ৰায় অৰ্ধশতাধিক কবিয়ে কবিতা পাঠ কৰে।
উল্লেখযোগ্য যে নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক দ্বীপজ্যোতি কাকতি আৰু আশা বৰা মনে আঁতধৰা কবিতা পাঠৰ অনুষ্ঠানটিৰ অন্ততঃ নগাঁও জিলা কবি সন্মিলনৰ সহযোগী সম্পাদক তথা দৈনন্দিন বাৰ্তাৰ বেবেজীয়াৰ সংবাদাতা ৰূপম নাথে কবিতা স্বৰূপ সম্পৰ্কীয় এক সাৱলীল বক্তৃতা আগবঢ়াই।
প্ৰায় শতাধিক লোক আছিল উপস্থিত থকা অনুষ্ঠানটি সন্ধ্যা ভাগলৈ কাব্যমন্ত্ৰ পাঠেৰে সফল সামৰণি ঘটে।

