NEW SONG: জুবিন গাৰ্গে ন্যায় নাপালে, কোনে ন্যায় পাবঃ গৰিমা শইকীয়া গাৰ্গ
নগাঁও জুবিন উদ্যানত উপস্থিত গৰিমা গাৰ্গ, জুবলী বৰুৱা আৰু যন্ত্ৰ পৰিয়াল
জুবিনৰ সৃষ্টিৰাজি দেশে বিদেশে প্ৰচাৰ আৰু প্ৰসাৰ কৰক,তেতিয়াহে জুবিন কালজয়ী হৈ উঠিব
জুবিন গাৰ্গে ন্যায় নাপালে, কোনে ন্যায় পাবঃ গৰিমা শইকীয়া গাৰ্গ

DD TIMES নগাঁও, ২৫ মে’: শনিবাৰে নিশা নগাঁও চহৰত এক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি চহৰ খনৰ কলংপাৰৰ জুবিন উদ্যানত উপস্থিত হয় জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, জুবলী বৰুৱা আৰু যন্ত্ৰ পৰিয়ালৰ সদস্য সকল।

বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত গৰিমা গাৰ্গে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি আবেগিক হৈ পৰে।
নগাঁও চহৰত জুবিন গাৰ্গৰ বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা, তেওঁৰ নামত জিলা কলংপাৰত এখন আটকধুনীয়া উদ্যান নিৰ্মাণ কৰা বাবে তেওঁ বিধায়ক ৰূপক শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে।
অশ্ৰুসিক্ত নয়নেৰে গৰিমা গাৰ্গে কয়,”জুবিনৰ সৃষ্টিৰাজিক মানুহে মনত ৰাখক। তেওঁৰ সৃষ্টিৰাজি দেশে বিদেশে প্ৰচাৰ আৰু প্ৰসাৰ কৰক।তেতিয়াহে জুবিন কালজয়ী হৈ উঠিব।”
জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসঙ্গত তেওঁ কয়,”জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জুবিন গাৰ্গে যদি ন্যায় নাপায় কোনে ন্যায় পাব। যদি ন্যায় নাপায় আমাৰ অভিধানৰ পৰা ন্যায় শব্দটো উঠাই দিব লাগিব।”
সোনাপুৰত জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কাম সোনকালে আৰম্ভ কৰাৰ পোষকতা কৰি গৰিমাই কয়,”জুবিন ক্ষেত্ৰ সোনকালে নিৰ্মাণ হওক,জুবিনক চিৰ যুগমীয়া কৰি ৰাখক।”
নিশাৰ এই বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জুবিন গাৰ্গৰ সতীৰ্থ কেবাজনো যন্ত্ৰ শিল্পী উপস্থিত থাকে।

