New Assamese Movies: শুকুৰবাৰে মুক্তি পাব নতুন অসমীয়া চলচ্চিত্ৰ ‘মৰমৰ দেউতা’
তেজপুৰত আজি শুভমুক্তি নতুন অসমীয়া চলচ্চিত্ৰ ‘মৰমৰ দেউতা’

DD TIMES তেজপুৰ, ১৪ মে’: প্ৰায় ৩৭বছৰ পূৰ্বে ড° ভৱেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰা মৰমৰ দেউতা নামৰ উপন্যাসখনে পাঠকৰ প্ৰচুৰ সমাদৰ লাভ কৰিছিল৷ তেতিয়াৰ সামাজিক পটভূমিত এজন পিতৃয়ে উদণ্ড কিশোৰ পুত্ৰক জীৱনৰ সঠিক পথ প্ৰদৰ্শন কৰিবলৈ কৰা প্ৰয়াসৰ হৃদয়স্পৰ্শী কাহিনীৰে এখন কিশোৰ সকলৰ বাবে বিশেষভাবে উপযোগী উপন্যাস মৰমৰ দেউতা পৰৱৰ্তী সময়ত দ্ৰুতপাঠ হিচাপেও বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছিল৷

সেই উপন্যাসৰ কাহিনীৰেই শেহতীয়াকৈ নিৰ্মাণ হোৱা অসমীয়া চলচ্চিত্ৰ মৰমৰ দেউতা মুক্তি পাব শুক্ৰবাৰে৷ছাৰণথাই প্ৰডাকচনছে ট্ৰেন্ডিং নাও মিডিয়াৰ সহযোগত নিৰ্মাণ কৰা মৰমৰ দেউতা চলচ্চিত্ৰখনৰ পৰিচালক হিমজ্যোতি তালুকদাৰ আৰু প্ৰযোজনা মমতা মহিলাৰীৰ৷
প্ৰতিভাশালী বোদ্ধিস্তৱ শৰ্মা, অভিজ্ঞ মিন্টু বৰুৱা,অপৰ্ণা দত্ত চৌধুৰী,গৌৰৱ বৰুৱা,অৰুণ নাথ,কুল কুলদীপ আদি সকলে অভিনয় কৰা এই চলচ্চিত্ৰখন তেজপুৰৰ এছ ভি এফ চিনেমা হলত বিয়লি তিনি বজাত মুক্তি দিয়া হ’ব৷
বৃহস্পতিবাৰে এইখন ছবিৰ পৰিচালক তালুকদাৰ সহ কলাকুশলী সকলে তেজপুৰৰ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নত এক সংবাদমেলত অংশ লৈ কয় যে,বৰ্তমান ছবিখন তেজপুৰৰ একমাত্ৰ এছ ভি এফ হলতে মুক্তি দিয়া হ’ব আৰু ইয়াত দিনে মাত্ৰ এটা দৰ্শনীয়েই চলিব৷
পৰৱৰ্তী সময়ত ৰাজ্যৰ আন ছবিগৃহতো পৰ্যায়ক্ৰমে ছবিখন মুক্তি দিয়া হ’ব৷পিতা আৰু পুত্ৰৰ এক হৃদয়স্পৰ্শী কাহিনীৰ তথা পৰিয়ালৰ সকলোৰে উপভোগ্য ছবিখনত উপন্যাসৰ কাহিনীভাগ কেনদেৰে চলচ্চিত্ৰৰ ৰূপত সজোৱা হৈছে আৰু ৰাজ্যখনৰ তেতিয়াৰ সামাজিক পৰিৱেশটো ধৰি ৰাখিবলৈ সক্ষম হৈছেনে নাই সেয়া উপন্যাসখন পঢ়া সকলে নিশ্চয় অনুভৱ কৰিব পাৰিব বুলি কয় পৰিচালক তালুকদাৰে৷
উল্লেখযোগ্য যে,ছবিখনৰ সংগীত অৰ্ণৱ বৈশিষ্ঠ্যৰ আৰু শব্দ মিশ্ৰন কৰিছে দেৱজিত গায়নে৷ পকিচালক তালুকদাৰেই চিত্ৰনাট্য ৰচনা কৰা ছবিখন ২০১৮তে নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰাৰ বিষয়ে উল্লেখ কৰি বিভিন্ন কাৰণত সেইসময়ত ছবিখন নিৰ্মাণ কৰিব পৰা হোৱা নাছিল বুলিও কয়৷
পিতৃৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা মিন্টু বৰুৱাই ছবিখন উপভোগ কৰি দৰ্শকে মতামত দিবলৈ আহ্বান জনাই৷ আনহাতে, এই অনুষ্ঠানত অংশ লৈ তেজপুৰৰ বিধায়ক তথা অভিনেতা পৃথ্বিৰাজ ৰাভাই তেজপুৰৰ অসমীয়া চলচ্চিত্ৰ ইতিহাসৰ লগত থকা সম্পৰ্কৰ বিষয়ে উল্লেখ কৰি প্ৰথমখন অসমীয়া বোলছবি জয়মতী নিৰ্মাণৰ আঁৰৰ কথা তথা সেইক্ষেত্ৰত কলাগুৰু বিঞ্চু প্ৰসাদ ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ অৱদানৰ বিষয়ে দোহাৰি সম্প্ৰতি চলচ্চিত্ৰত কলা আৰু বাণিজ্যিক দিশটো দক্ষ পৰিচালকে আগবঢ়াই নিবলৈ সক্ষম হোৱা দিশটো আঙুলিয়াই দিয়ে৷তেওঁ মৰমৰ দেউতাৰ দৰে এক সুন্দৰ কাহিনীৰ নৱনিৰ্মীত অসমীয়া চলচ্চিত্ৰখন উপভোগ কৰিবলৈ দৰ্শকৰ প্ৰতি আহ্বান জনাই৷

