SPORTS AATA-AITA: আইটা চেম্পিয়নশ্বিপ ছিৰিজ ৰাষ্ট্ৰীয় ৰেংকিং টেনিছৰ পৰা ছোৱালীৰ এককত শীৰ্ষ বাচনিৰ খেলুৱৈৰ বিদায়
আইটা চেম্পিয়নশ্বিপ ছিৰিজ ৰাষ্ট্ৰীয় ৰেংকিং টেনিছ
ছোৱালীৰ এককত শীৰ্ষ বাচনিৰ খেলুৱৈৰ বিদায়

DD TIMES গুৱাহাটী, ৫ মে’: চলিত আইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছ প্ৰতিযোগিতাত আজি ছোৱালীৰ ১৪ তথা ১৬ বছৰ অনূধ্বৰ্ৰ একক শাখাত দুটা অঘটন ঘটে৷ ১৬ বছৰ অনূধ্বৰ্ৰ শীৰ্ষ বাচনিৰ বংগৰ খেলুৱৈ আনিয়া বিশ্বাসৰ লগতে ১৪ অনূধ্বৰ্ শীৰ্ষ বাচনিৰ অসমৰ মৃগাক্ষী চাংমাই প্ৰতিযোগিতাৰ পৰা বিদায় লয়৷
প্ৰি-কোৱাৰ্টাৰ ফাইনেলত অসমৰ আৰিশা মাহিন চৌধুৰীয়ে ৬-৩, ৬-৩ ৰ পোনপটিয়া ব্যৱধানত আনিয়াক পৰাস্ত কৰি চমক সৃষ্টি কৰাৰ বিপৰীতে অসমৰ কৃষ্টি হালৈয়ে কোৱাৰ্টাৰ ফাইনেলত ৰাজ্যৰে মৃগাক্ষীক ৬-৩, ৬-৩ ৰ পোনপটিয়া ব্যৱধানত হৰুৱাই দিনটোৰ দ্বিতীয়টো অঘটন ঘটায়৷
গুৱাহাটীৰ চচলস্থিত অসম টেনিছ সন্থাৰ প্ৰশিক্ষণ কেন্দ্ৰত সৰ্বভাৰতীয় টেনিছ সন্থাৰ ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনত কৃষ্টিৰ লগতে ছোৱালীৰ ১৪ অনূধ্বৰ্ৰ এককৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে অসমৰ ফাগুন জ্যোতি আৰু আয়ুশ্ৰী নাথ তথা বংগৰ আনিয়া বিশ্বাসে৷
কোৱাৰ্টাৰ ফাইনেলত ফাগুন জ্যোতিয়ে বংগৰ কৃষ্ণা হৰলালকাক আৰু আয়ুশ্ৰীয়ে ৰাজ্যৰে ভাৰ্গৱী সিনহাক পৰাস্ত কৰে৷ ইফালে, আৰিশাৰ লগতে ছোৱালীৰ ১৬ বছৰ অনূধ্বৰ্ৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে অসমৰ মৃগাক্ষী চাংমাই, কৃষ্টি হালৈ, নৱনীতা দত্ত, ফাগুন জ্যোতি, আয়ুশ্ৰী নাথ, ৰিয়া বড়ো আৰু নায়িম হুছেইনে৷
অসম টেনিছ সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ল’ৰাৰ ১৪ অনূধ্বৰ্ৰ এককৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে অসমৰ ঈশানদ্বীপ বড়ো, আয়ান ৰহমান, প্ৰথম মজুমদাৰ, আৰিয়ান ভৰালী আৰু অনিৰ্বান ডেকাই৷
ইফালে, অসমৰ অৰ্ণৱ কে ভূঞা, আৰুষ দাস, চান্দোগ্য টি পাঠক, চন্দ্ৰ এছ মহন্ত আৰু নিব্ৰাছ কে হুছেইনে ১৬ অনূধ্বৰ্ ল’ৰাৰ এককৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ আজি আবেলিৰ পৰা দূয়োটা বয়স শাখাৰে ল’ৰা-ছোৱালীৰ ডাবলছ খেলসমুহো আৰম্ভ হৈছে৷
