Dr. Sarma Cabinet: ড° শৰ্মা মন্ত্ৰীসভাৰ চাৰি মন্ত্ৰীৰ মাজত দপ্তৰ বিতৰণ
ড° শৰ্মা মন্ত্ৰীসভাৰ চাৰি মন্ত্ৰীক দিলে ভিন্ন দপ্তৰ
ৰামেশ্বৰ তেলীক সংস্কাৰ আৰু উন্নয়ন, শ্ৰমিক কল্যাণৰ দপ্তৰ, চাহ জনজাতি আৰু আদিবাসী উন্নয়ন দপ্তৰ
অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমান্ত সুৰক্ষা আৰু আবকাৰী দপ্তৰৰ দায়িত্ব
চৰণ বড়োক পৰিবহণ আৰু বড়োলেণ্ড উন্নয়ন দপ্তৰ
অজন্তা নেওগক মহিলা আৰু শিশু উন্নয়নৰ লগতে পৰ্যটন দপ্তৰৰ দায়িত্ব

DD TIMES গুৱাহাটী, ১৪ মে’: অসমত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিছে এনডিএই। একেদৰে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছে হিমন্ত বিশ্ব শৰ্মা।
মঙলবাৰে খানাপাৰাত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত হিমন্ত বিশ্ব শর্মাসহ অজন্তা নেওগ, চৰণ বড়ো, অতুল বৰা আৰু ৰামেশ্বৰ তেলীয়ে শপতবাক্য পাঠ কৰিছিল ৷
কালি অসম চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক কইনাধৰাত অনুষ্ঠিত হৈছিল। ইয়াৰ পিছতে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ কৰা হয় ৷
অসমৰ ৰাজ্যপালে এক জাননীযোগে কোন বিভাগৰ দায়িত্ব কোন মন্ত্ৰীক দিয়া হৈছে সেই কথা সদৰী কৰে ৷ উক্ত জাননী অনুসৰি, ৰামেশ্বৰ তেলীক সংস্কাৰ আৰু উন্নয়ন, শ্ৰমিক কল্যাণৰ দপ্তৰ দিয়া হৈছে।
তেলীক লগতে চাহ জনজাতি আৰু আদিবাসী উন্নয়ন দপ্তৰৰ দায়িত্বও অৰ্পন কৰা হৈছে।
মন্ত্ৰী অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণৰ দায়িত্ব দিয়া হৈছে। কেৱল এয়াই নহয়, মন্ত্ৰী বৰাক সীমান্ত সুৰক্ষা আৰু আবকাৰী দপ্তৰৰ দায়িত্বও অৰ্পন কৰা হৈছে৷
অসম চুক্তি ৰূপায়ন দপ্তৰৰো দায়িত্ব দিয়া হৈছে অতুল বৰাক ৷ আনহাতে, পৰিবহণ আৰু বড়োলেণ্ড উন্নয়ন দপ্তৰ চৰণ বড়োক দায়িত্বভাৰ দিয়া হৈছে।
মহিলা আৰু শিশু উন্নয়নৰ লগতে পৰ্যটন দপ্তৰৰ দায়িত্ব অজন্তা নেওগক দিয়া হৈছে। উল্লেখ্য যে, মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী হিচাবে ড৹ হিমন্ত বিশ্ব শৰ্মাই শপতগ্ৰহণ কৰা দিনটোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘অসমৰ বাবে এক বিশেষ দিন’ বুলি অভিহিত কৰিছিল ৷
ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে উক্ত দিনা শপতগ্ৰহণ কৰা ৰাজ্যৰ চাৰি মন্ত্ৰী অজন্তা নেওগ, চৰণ বড়ো, অতুল বৰা আৰু ৰামেশ্বৰ তেলীক সম্ভাষণ জনাইছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
প্ৰধানমন্ত্ৰীৰ ব্যস্ত সময়সূচীৰ বাবে উক্ত দিনটোত ৰাজ্যৰ চাৰিগৰাকী মন্ত্ৰীয়েহে শপতগ্ৰহণ কৰিছিল আৰু সেই চাৰি মন্ত্ৰীক বৃহস্পতিবাৰে দপ্তৰ বিতৰণ কৰা হয় ৷

