Raijor Podulit Raijor Congress: গুৱাহাটীত ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ অভিযান, দল-সংগঠনৰ প্ৰতিনিধিৰে মত-বিনিময়, পৰামৰ্শ গ্ৰহণ
গুৱাহাটীত ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ অভিযান, দল-সংগঠনৰ প্ৰতিনিধিৰে মত-বিনিময়, পৰামৰ্শ গ্ৰহণ

DD TIMES গুৱাহাটী, ১০ জানুৱাৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক অভিযানৰ সফলতাৰ অন্তত আজিৰে পৰা প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ কমিটিৰ উদ্যোগত গুৱাহাটীত এই অভিযান আৰম্ভ হৈছে।

গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই অভিযানত আজি প্ৰথম দিনা প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতে মত-বিনিময় কৰে।
প্ৰদেশ কংগ্ৰেছে এক বিবৃতিযোগে জানিবলৈ দিয়া অনুসৰি নিৰ্বাচনী ইস্তাহাৰ কমিটীৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈ, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ আৰু প্ৰাক্তন সাংসদ আব্দুল খালেকে মহানগৰীৰ কহুৱা বন ৰিজৰ্টত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে।

ইয়াৰ পিছতে শীৰ্ষ নেতৃত্বৰে গঠিত প্ৰদেশ কংগ্ৰেছৰ দলটোৱে প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পদক জয়ন্ত বৰুৱাক সাক্ষাৎ কৰি দিহা-পৰামৰ্শ গ্ৰহণ কৰে।
বিয়লিৰ ভাগত দলটোৱে বিশেষ বাছেৰে নুনমাটি আৰু বামুণীমৈদামৰ বজাৰত সাধাৰণ জনতাৰ সৈতে ইস্তাহাৰ সম্পৰ্কে মত-বিনিময় কৰে আৰু মনৰ বুজ লয়।
জানিব পৰা মতে, কাইলৈ উক্ত অভিযানৰ অংশ হিচাপে পুৱাৰ ভাগত ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ ড° দীনেশ বৈশ্যৰ ঘৰলৈ গৈ ইস্তাহাৰ সম্পৰ্কে পৰামৰ্শ গ্ৰহণ কৰিব। দিনৰ ১২ বজাত পুনৰ কহুৱা বন ৰিজৰ্টত প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই বিভিন্ন দল-সংগঠন আৰু বিশিষ্ট নাগৰিকসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব।
কাইলৈ এই কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। ইফালে, ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক অভিযানৰ মাজতে কাইলৈ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হ’ব।
এই অনুষ্ঠানত সদ্যপদত্যাগী আমছু নেতা ৰেজাউল কৰিম সৰকাৰৰ লগতে কেবাজনো জনগোষ্ঠীয় নেতাই কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিব।

