অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

WORLD ENVIRONMENT DAY 2026: আৰ জি বৰুৱা কলেজত বিশ্ব পৰিৱেশ দিৱস উদযাপন আৰু বাৰ্ষিক আলোচনী ‘আৰজিবিয়ান’ উন্মোচন

Spread the love

আৰ জি বৰুৱা কলেজত বিশ্ব পৰিৱেশ দিৱস উদযাপন আৰু বাৰ্ষিক আলোচনী ‘আৰজিবিয়ান’ উন্মোচন

DD TIMES গুৱাহাটী, ৫ জুনঃ আজি বিশ্ব পৰিৱেশ দিৱসৰ পবিত্ৰ ক্ষণত গুৱাহাটীৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান আৰ জি বৰুৱা মহাবিদ্যালয়ত (RG BARUAH COLLEGE) এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়।

পৰিৱেশ সজাগতা বৃদ্ধি আৰু মহাবিদ্যালয়খনৰ বৌদ্ধিক চৰ্চাক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে আয়োজিত এই অনুষ্ঠানত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰাৰ লগতে মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী ‘আৰজিবিয়ান’ (RGBIAN)-ৰ ৩০ তম সংখ্যাটি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ প্ৰাণজিৎ কুমাৰ নাথে আদৰণি ভাষণ প্ৰদান কৰে। তেওঁ উপস্থিত সকলোকে আদৰণি জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী তথা সমাজত পৰিৱেশ সুৰক্ষাৰ গুৰুত্ব আৰু মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীখনৰ ধাৰাবাহিক যাত্ৰাৰ ওপৰত আলোকপাত কৰে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক তথা আৰ জি বৰুৱা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য ডঃ বিজয় কুমাৰ গুপ্তা। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি তেওঁ মহাবিদ্যালয় প্ৰাংগণত এক বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

ইয়াৰ পিছত অনুষ্ঠিত হোৱা মূল সভাত তেওঁ বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি এক মূল্যৱান ভাষণ প্ৰদান কৰে।

ভাষণ প্ৰসংগত তেওঁ কয় যে প্ৰকৃতিৰ সুৰক্ষা কেৱল চৰকাৰ বা কোনো নিৰ্দিষ্ট সংস্থাৰ দায়িত্ব নহয়, ই প্ৰতিগৰাকী সচেতন নাগৰিকৰ কৰ্তব্য।এই একেটা অনুষ্ঠানতে বিধায়ক ডঃ বিজয় কুমাৰ গুপ্তাই মহাবিদ্যালয়খনৰ বাৰ্ষিক মুখপত্ৰ ‘আৰজিবিয়ান’-ৰ ৩০ তম সংখ্যাটি উন্মোচন কৰে।

সম্পাদক ভৃগুজ্যোতি বৈশ্যৰ সম্পাদনাত প্ৰকাশ পাই উঠা আলোচনীখনৰ উচ্চ প্ৰশংসা কৰি উন্মোচকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৃষ্টিশীল প্ৰতিভাক উৎসাহিত কৰে।

পৰিৱেশ দিৱসৰ সজাগতা কেৱল মহাবিদ্যালয়ৰ চাৰিসীমাতে আৱদ্ধ নাৰাখি, বিধায়কগৰাকীৰ বিশেষ পৃষ্ঠপোষকতাত স্থানীয় ৰাইজৰ মাজতো ব্যাপক হাৰত গছপুলি বিতৰণ কৰা হয়।


মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা প্ৰিয়ংকা ৰায়াই আঁত ধৰা এই অনুষ্ঠানটিত সহকাৰী অধ্যাপক ডঃ জয়ন্ত ডেকায়ো এক চুটি অথচ তাৎপৰ্যপূৰ্ণ বক্তব্য ডাঙি ধৰে।

উক্ত গাম্ভীৰ্যপূৰ্ণ সভাত গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া, গুৱাহাটী পৌৰ নিগমৰ স্থানীয় পাৰিষদ, মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ডঃ দিপক পাঠক, অধ্যাপক-অধ্যাপিকাসকল, কৰ্মচাৰীবৃন্দ, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ বিপুল সংখ্যাৰে উপস্থিত থাকে।

গছপুলি বিতৰণ আৰু এক নিকা-সেউজীয়া ধৰিত্ৰী গঢ়াৰ সংকল্পৰে অনুষ্ঠানটিৰ সফল সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!