অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

NEW MLA: হাজো-শুৱালকুছিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক উষ্ম অভিনন্দন

Spread the love

হাজো-শুৱালকুছিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক উষ্ম অভিনন্দন


DD TIMES হাজো,১৫ মে’: ছাত্ৰ ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিলৈ এক দীঘলীয়া যাত্ৰাৰ অন্তত হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক হ’ল প্ৰকাশ চন্দ্ৰ দাস।

হাজোত বিশাল পদযাত্ৰাৰে প্ৰকাশ চন্দ্ৰ দাসক আদৰনি জনায় মিত্ৰজোঁটৰ নেতা কৰ্মী সমৰ্থক শুভাকাংশীৰ সকলে সম্বৰ্ধনা জ্ঞাপন কৰে।

দীৰ্ঘকাল ধৰি ছাত্ৰ ৰাজনীতিৰ বিশাল মঞ্চত থাকি ৰাইজৰ সুখ দুখৰ‌‌‌ সমভাগী হৈ সৰ্বসাধাৰণ ৰাইজৰ আস্থা মৰম বুটলি সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰি অসম বিধানসভাৰ নিৰ্বাচনত হাজো শুৱালকুছি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াই বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হোৱা প্ৰকাশ চন্দ্ৰ দাসক বৃহস্পতিবাৰে হাজোত সৰ্বস্তৰৰ ৰাইজে ব্যাপকভাৱে আদৰণি জনায়।

জানিব পৰা মতে, অগপ-ভাৰতীয় জনতা পাৰ্টী সৰ্বসাধাৰণ ৰাইজে মিত্ৰজোঁটৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক বিপুলভাৱে আদৰণি আৰু সম্বৰ্ধনা জনোৱা হয়।

কাৰ্যসূচী অনুসৰি হাজোৰ নতুন বজাৰৰ পৰা পাখামেলা হৈ মাধৱ মন্দিৰৰ বাকৰিৰ দোমোঠাৰগুৰিলৈ দলীয় বিষয়ববীয়া সমৰ্থক শুভাকাংশী ৰাইজে হৰ্ষোল্লাসেৰে পদযাত্ৰা কৰি আদৰি আনে বিধায়ক গৰাকীক।

তাৰ পিছত দোমোঠাৰ গুৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এক বিজয় উৎসৱ আৰু ৰাজহুৱা সম্বৰ্ধনা সভা অনুষ্ঠিত হয় উপৰোক্ত সভাত ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদৰ বিভিন্ন পৰ্যায়ৰ সমিতি, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি একাধিক ব্যক্তিয়ে ফুলাম গামোচা,জাপি, মানপত্ৰ শৰাই, ফুলৰ থোপা বিভিন্ন সমলেৰে সম্বৰ্ধনা জনোৱা দেখা যায়।

নৱ নিৰ্বাচিত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে সম্বৰ্ধনা গ্ৰহণ কৰি সহায় সহযোগিতা আগবঢ়োৱা সকলো স্তৰৰ লোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি সমষ্টিটোৰ উন্নয়নৰ হকে সদায় কাম কৰি যাব বুলি দৃঢ়তাৰে মন্তব্য কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!