অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Assamese films: ৰাজ্যজুৰি আজি মুক্তি পাব অসমীয়া ছবি ‘মৰমৰ দেউতা’ আৰু ‘হোমৱৰ্ক’

Spread the love

DD TIMES গুৱাহাটী, ১৫ মে’: আজিৰ দিনটো অসমীয়া ছবি জগতৰ বাবে এক বিশেষ দিন। কাৰণ আজি ৰাজ্যজুৰি মুক্তি লাভ কৰিব দুখনকৈ নতুন অসমীয়া ছবিয়ে ৷ ছবি দুখন হ’ল ‘মৰমৰ দেউতা’ আৰু ‘হোমৱ’ৰ্ক’ ৷

বিশিষ্ট সাহিত্যিক ড৹ ভবেন্দ্ৰ নাথ শইকীয়াৰ বিখ্যাত উপন্যাস ‘মৰমৰ দেউতা’ৰ আধাৰত নিৰ্মাণ কৰা হৈছে মৰমৰ দেউতা ছবিখন। পৰিচালনা কৰিছে হিমজ্যোতি তালুকদাৰে। পুৰণি কালৰ কাহিনীভাগক বৰ্তমান সময়ৰ লগত খাপ খুৱাই এক নতুন ৰূপত চিনেমাখনত উপস্থাপন কৰা হৈছে ৷

আনহাতে হোমৱ’ৰ্ক ছবিখন পৰিচালনা কৰিছে অচিন্ত শংকৰে। এইখন এখন সম্পূৰ্ণ শিশুকেন্দ্ৰিক বাণিজ্যিক ছবি। ল’ৰা-ছোৱালীৰ লগতে গোটেই পৰিয়ালটোৱে উপভোগ কৰিব পৰাকৈ ছবিখন নিৰ্মাণ কৰা হৈছে।

অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে এয়া এক সুখবৰ।মৰমৰ দেউতা উপন্যাসখন ১৯৮৯-৯০ চনত শিশু আলোচনী ‘সঁফুৰা’ত ধাৰাবাহিক ৰূপত প্ৰকাশ পাইছিল। নব্বৈৰ দশকত এই জনপ্রিয় কিতাপখন অসমৰ শিক্ষানুষ্ঠানসমূহৰ পাঠ্যক্ৰমটো অন্তৰ্ভুক্ত কৰা হৈছিল।

চিনেমাখনৰ মূল বিষয়বস্তু হৈছে এজন দেউতাক আৰু পুতেকৰ মাজৰ সম্পৰ্ক। ভুল পথত ভৰি দিয়া নিজৰ পুতেকক সঠিক পথলৈ ঘূৰাই আনিবলৈ এজন পিতৃয়ে কেনেধৰণৰ সংগ্ৰাম আৰু পন্থা গ্ৰহণ কৰিবলগীয়া হয়, তাক ছবিখনত সুন্দৰকৈ ফুটাই তোলা হৈছে।

এই চিনেমাখনত অসমৰ কেইবাগৰাকীও ন-পুৰণি আৰু প্ৰতিভাশালী শিল্পীয়ে অভিনয় কৰিছে। মূল চৰিত্ৰত আছে বোধিসত্ত্ব শৰ্মা ৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ অভিনয়ৰ বাবে প্ৰশংসিত এইগৰাকী অভিনেতাৰ অসমীয়া ছবি জগতত এয়া প্ৰথম অভিনয় (নৱাগত অভিনেতা)।

অন্যান্য গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা শিল্পীসকল হ’ল মিন্টু বৰুৱা, অপৰ্ণা দত্ত চৌধুৰী, গৌৰৱ বৰা, অৰুণ নাথ, কুল কুলদীপ, অপৰাজিতা মহন্ত, মনজিত কাকতি, সৌন্দৰ্যময় ডেকা বৰুৱা, অভিজিত বৰা, ৰিতুপৰ্ণ কলিতা৷

বৰ্তমান সময়ত পঢ়া-শুনাৰ লগতে প্ৰতিযোগিতাৰ মাজত শিশুসকলৰ মনস্তাত্বিক পৰিস্থিতিৰ সৈতে পিতৃ-মাতৃৰ দায়বদ্ধতা কেনে হোৱা উচিত, এনে এক কাহিনী আধাৰত নিৰ্মাণ কৰা হৈছে ‘হোমৱৰ্ক’।

এই ছবিখনৰ সৈতে খাপ খোৱাকৈ নতুনকৈ তৈয়াৰ কৰা হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ‘যন্ত্ৰ’ গীতটি, যিটো গীত শিল্পীগৰাকীৰ জীৱিত অৱস্থাত ইতিমধ্যে মুক্তি লাভ কৰিছে।

‘হোমৱৰ্ক’ ছবিখনৰ কাহিনীও স্পৰ্শকাতৰ আৰু ছবিখনৰ গানকেইটা প্ৰয়াত জুবিন গাৰ্গৰ পৰশত সজীৱ হৈ উঠিছে৷ জুবিন গাৰ্গৰ যাদুকৰী কণ্ঠৰ সংমিশ্ৰণে ছবিখনক অধিক আকৰ্ষণীয় কৰি তুলিব বুলি আশা কৰা হৈছে। ছবিখন আচলতে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহতে মুক্তি পোৱাৰ কথা আছিল।

কিন্তু অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ বাবে ছবিখনৰ মুক্তিৰ দিন পিছুৱাই দিয়া হৈছিল। চিনেমাখনৰ সংগীত সজাইছে যুটীয়াভাৱে জুবিন গাৰ্গ আৰু অৰূপজ্যোতি বৰুৱাই।

উত্তৰ-পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এই ছবিখন একেটা সময়তে অসমীয়া আৰু হিন্দী—এই দুয়োটা ভাষাতে মুক্তি পাব।

মুখ্য আৰু সহযোগী চৰিত্ৰত অভিনয় কৰিছে দেৱজিৎ মজুমদাৰ, হিৰণ্য ডেকা, দেৱজিৎ হাজৰিকা, পদ্মৰাগ গোস্বামী, চিন্ময় চক্ৰৱৰ্তী, ৰিম্পী দাস আৰু গায়ত্ৰী মহন্তই।

শিশু শিল্পী হিচাপে আছে সূৰ্যাংগ জিউ মাৰ্ঘেৰিটা, বৃত্তান্ত নয়ন কাশ্যপ আৰু অলংকৃতা পদ্মৰাগ গোস্বামী। ইয়াৰ উপৰিও অন্য বহুতো ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ইয়াত অভিনয় কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!