NEW MINISTERS: মই সপোনতো ভবা নাছিলো মই যে মন্ত্ৰিত্ব পামঃ নীলিমা দেৱী
মই সপোনতো ভবা নাছিলো মই যে মন্ত্ৰিত্ব পামঃ নীলিমা দেৱী
মঙলদৈৰ বিধায়িকা নীলিমা দেৱীয়ে লাভ কৰিলে মন্ত্ৰিত্ব, দৰঙত আনন্দৰ জোৱাৰ

DD TIMES, মঙলদৈ, ৪ জুনঃ বহু জল্পনা কল্পনাৰ অন্তত ৫০ নম্বৰ মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়িকা নীলিমা দেৱী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাত আনন্দৰ জোৱাৰ উঠিছে মঙলদৈৰ লগতে সমগ্ৰ দৰং জিলাত।

মুখ্যমন্ত্ৰীয়ে আজি সামাজিক মাধ্যমযোগে কেবিনেট মন্ত্ৰীৰ তালিকাখন প্ৰকাশ কৰাত বিধায়িকা নীলিমা দেৱীৰ বাসগৃহত দলীয় কৰ্মীৰ লগতে শুভাকংশী সকলে ভিৰ কৰি নীলিমা দেৱীক শুভেচ্ছা জ্ঞাপন কৰে।
’২৫ৰ সমষ্টি পুনৰ্নিদ্ধাৰণৰ ফলত মঙলদৈ বিধানসভা সমষ্টাটো সংৰক্ষণ মুক্ত হয়, প্ৰায় চাৰিটা দশক ধৰি মঙলদৈ বিধানসভা সমষ্টি অনুসূচিত জাতি বাবে সংৰক্ষিত হৈ আছিল।
সংৰক্ষণ মুক্ত হোৱাৰ পিছতে এইবাৰ মঙলদৈ বিধানসভা সমষ্টিত শাসকীয় বিজেপি দলৰ পৰা দলীয় প্ৰাৰ্থীত্ব বিচাৰি প্ৰায় কুৰিগৰাকীতকৈও অধিক লোকে আবেদন জনাইছিল।
৷৷
শেষ মুহূৰ্তত বিজেপি দলে সুদীৰ্ঘ ৩০ বছৰোধিক দলৰ হকে কাম কৰি অহা, তৃণমূল পৰ্য্যায়ৰ পৰা একাধিক ৰাজ্যিক দায়িত্ব গ্ৰহণ কৰি অহা নীলিমা দেৱীক প্ৰাৰ্থীত্ব প্ৰদান কৰে।
বিজেপিৰ দলীয় প্ৰাৰ্থীত্ব লাভ কৰি নীলিমা দেৱীয়ে ২৩,৯৩৬টা ভোটৰ ব্যৱধানত জয়লাভ কৰি প্ৰথমবাৰ বাবে মঙলদৈ সমষ্টিৰ মহিলা বিধায়ক হিচাপে জয়লাভ কৰে।
পোন প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ স্বত্বেও মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নীলিমা দেৱীৰ পূৰ্বৰ কৰ্মৰাজিৰ ওপৰত ভিত্তি কৰি নিজৰ কেবিনেটত অন্তৰ্ভুক্ত কৰে।
নীলিমা দেৱীয়ে মন্ত্ৰীত্ব প্ৰদান কৰাৰ খৱৰত উৎফুল্লিত হৈ পৰে সমষ্টাবাসীৰ লগতে জিলা বাসী।নীলিমা দেৱীয়ে মন্ত্ৰীত্ব লাভ কৰাৰ খবৰ পাই প্ৰথম প্ৰতিক্ৰিয়া হিচাপে কয় যে, মই নভবাকৈ মন্ত্ৰীত্ব লাভ কৰিছো।
তেওঁ কয় যে, দলৰ হকে সূদীৰ্ঘ দিন কাম কৰিছোঁ, দলে মোক সন্মান দিছে, দলে মোক প্ৰাৰ্থীত্ব দিছে, মোক মন্ত্ৰীত্ব দিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ।
আনন্দৰ মাজতে তেওঁ ভোটাৰ ৰাইজকো ধন্যবাদ জনাই কয় যে, ইমান দিন মহিলা হকে কাম কৰিছোঁ, মহিলা সম্পৰ্কীয় দপ্তৰ দিলে সুখি হ’ম। তেওঁ লগতে কয়, মন্ত্ৰিত্ব পাবলৈ মই সপোনো দেখা নাছিলোঁ।
ইমান বছৰ দলৰ হৈ কাম কৰিছিলোঁ, দলে প্ৰাৰ্থিত্ব দিলে, ৰাইজৰ সহযোগত জিকিলোঁ, বিধায়িকা হোৱাৰ পিছতো ৰাইজৰ মাজত থাকি কাম কৰি আছোঁ।
আজিও মই ৰাইজৰ মাজত থাকি বিভিন্ন কামত ব্যস্ত আছোঁ। আজি মন্ত্ৰীৰ তালিকাত মোৰ নাম ঘোষণা কৰাত মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
দলৰ ৰাজ্যিক সভাপতি তথা দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দায়িত্ব মোক দিছে সকলোৰে আশীৰ্বাদ আৰু সহায় সহযোগিতা বিচাৰিছোঁ।
১৯৯৫ চনৰ পৰা দল কৰিছোঁ, দলে মোক বহু সন্মান দিছে, দলৰ বাবে মই নীলিমা দেৱী হিচাপে চিনাকী হৈছোঁ। মই যদি গৃহিনী হিচাপে থাকিলোহেঁতেন কোনেও মোক চিনি নাপালেহেঁতেন।
ভাৰতীয় জনতা পাৰ্টীৰ সদস্য হিচাপে আছোঁ কাৰনে ৰাইজে আজি মোক চিনি পায় আৰু এইখিনি স্থান পাইছোঁহি।
তেওঁ কয়, মন্ত্ৰীত্ব লাভৰ খবৰটো প্ৰথমে পাই কোনোবাই ধেমালি কৰা বুলিহে ভাবিছিলোঁ। ৫ বজাত মন্ত্ৰিত্ব ঘোষণা কৰিব বুলি কৈছিল, হ’লেও মই মোবাইল চাই থকা নাছিলোঁ।
ফোনত খবৰ পালো বিশেষ উৎফুল্লিত হ’বৰ একো নাই, ভালটো লাগিবই, এতিয়া দায়িত্ব বাঢ়িল, মই মহিলাৰ হৈ কাম কৰি ভাল পাম বুলি তেওঁ সাংবাদিকৰ সন্মুখত মন্তব্য কৰে।

