অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Junmoni Das: কবি জোনমণি দাসৰ স্মৃতিত ‘স্বপ্নবাক শব্দমালা’: গীত, কবিতা, মুকাভিনয় আৰু ৰং-তুলিকাৰে শ্ৰদ্ধাঞ্জলি

Spread the love

কবি জোনমণি দাসৰ স্মৃতিত ‘স্বপ্নবাক শব্দমালা’: গীত, কবিতা, মুকাভিনয় আৰু ৰং-তুলিকাৰে শ্ৰদ্ধাঞ্জলি

DD TIMES গুৱাহাটী, ৭ জুনঃ অসমীয়া সাহিত্য জগতৰ এগৰাকী প্ৰতিভাশালী স্ৰষ্টা, কবি প্ৰয়াত জোনমণি দাসৰ পুণ্য স্মৃতিত দেওবাৰে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ কটন এলনমাই ভৱনত এক আৱেগিক পৰিৱেশত ‘স্বপ্নবাক শব্দমালা- শব্দশিল্পী জোনমণি দাস স্মৰণ’ শীৰ্ষক এক ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিৰ আয়োজন কৰা হয়।

অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উত্তৰণ তথা সেৱাত নিৰন্তৰভাৱে উছৰ্গিত অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত এই বিশেষ অনুষ্ঠানটি অনুষ্ঠিত হৈ যায়। উল্লেখ্য যে জোনমণি দাস ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ কাৰ্যনিৰ্বাহক সমিতিৰ অন্যতম সদস্য আছিল।

অনুষ্ঠানৰ আৰম্ভণিতে উপস্থিত ৰাইজে প্ৰয়াত কবিগৰাকীৰ প্ৰতিচ্ছবিত সশ্ৰদ্ধ পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পিছতেই আৰম্ভ হয় মূল সাংস্কৃতিক আৰু সাহিত্যিক কাৰ্যসূচী, য’ত কবিগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই গুণমুগ্ধ আৰু সাহিত্য অনুৰাগীসকলে গীত আৰু কবিতাৰ এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে। এই অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল কবিতা, বাঁহীৰ সুৰ আৰু চিত্ৰকলাৰ এক অপূৰ্ব সংমিশ্ৰণ।

গুণমুগ্ধসকলে পাঠ কৰা কবিতাৰ আৱেগ আৰু গভীৰতাক কেনভাছত ৰং-তুলিকাৰ মাজেৰে জীৱন্ত ৰূপ দিয়াৰ এক অভিনৱ প্ৰয়াস কৰে ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট চিত্ৰশিল্পীয়ে। এই শিল্পীকেইগৰাকী হৈছে ক্ৰমে আমিনুল হক, মনোজ চক্ৰৱৰ্তী আৰু সুৰঞ্জনা বৰগোহাঁই। তেওঁলোকৰ নিপুণ হাতৰ পৰশ আৰু বাঁহীৰ সুমধুৰ সুৰে সমগ্ৰ পৰিৱেশটোক এক অনন্য মাত্ৰা প্ৰদান কৰে। সুন্দৰ বাঁহীবাদনেৰে পৰিৱেশকটোক অনন্য মাত্ৰা প্ৰদান কৰে বিশিষ্ট বাঁহীবাদক ভূপেন ৰাজবংশীয়ে।

অনুষ্ঠানত আন এক ব্যতিক্ৰমী সংযোজন আছিল শিশুসকলৰ অংশগ্ৰহণ। ‘নিৰ্বাক’ৰ কণ কণ শিশু শিল্পীসকলে জোনমণি দাসৰ এটি শিশু কবিতাৰ আধাৰত এক সুন্দৰ মুকাভিনয় প্ৰদৰ্শন কৰি কবিগৰাকীৰ প্ৰতি নিজৰ নিৰ্মল শ্ৰদ্ধা নিবেদন কৰে।

ইয়াৰ লগতে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই কণমানি শিশু শিল্পী অদৃতা গগৈ(গুণগুণ), আয়ুস্মান বৰুৱা আৰু কহিনুৰ অলংকৃত ভড়ালীয়ে কবি জোনমণি দাসৰ দ্বাৰা ৰচিত কেইবাটাও শিশু কবিতা অতি সুন্দৰ আৰু সাৱলীলভাৱে পাঠ কৰি উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰে।

‘স্পন্দন’ৰ সভানেত্ৰী ময়ূৰী দত্তই সুচাৰুৰূপে আঁত ধৰা এই অনুষ্ঠানটিত উপস্থিত থকা বিভিন্নজনে কবি জোনমণি দাসৰ জনপ্ৰিয় কবিতা পাঠ কৰে। ইয়াৰ লগতে, উপস্থিত কেইবাগৰাকীও কবিয়ে নিজৰ স্বৰচিত কবিতা পাঠেৰে প্ৰয়াত শব্দশিল্পীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অসমৰ সাহিত্য আৰু সুকুমাৰ কলা জগতৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উপস্থিত থাকে বিশিষ্ট অনুবাদক তথা সাহিত্যিক বিপুল দেউৰী, কবি নীলিমা ঠাকুৰীয়া হক, বিজয় শংকৰ বৰ্মন, হিমাংশু প্ৰসাদ দাস, দীপাঞ্জলি দাস পাঠক, নিবেদিতা হাজৰিকা, পূৰ্বালী শৰ্মা, ডলি তালুকদাৰ, আইমণি শৰ্মা, মিণ্টুল হাজৰিকা, দ্বীপৰাজ, জংকী শৰ্মা, ৰঞ্জিত পাটগিৰি, মৃদুল কুমাৰ বৰ্মন, দেৱব্ৰত বৰা, নিকুঞ্জ নাথ, ৰূপম সাউদ, হিমাংশু ভাগৱতী, শচীন্দ্ৰ ফুকন, সীমান্ত শইকীয়া, ভাস্বতী ভূঞা, মনালিছা শৰ্মা, জোনালী মজুমদাৰ, দীপালী দেৱী চৌধুৰী, মধুমিতা বৰুৱা শইকীয়া, দিগন্ত কলিতা, বৰ্ণালী বৰগোহাঁই, অৰুণা শইকীয়া বৰা প্ৰমুখ্যে বেইবাগৰাকীও বিশিষ্ট ব্যক্তি৷

শব্দ, সুৰ আৰু তুলিকাৰ এক অপূৰ্ব সমন্বয়েৰে জোনমণি দাসক স্মৰণ কৰা এই অনুষ্ঠানটিয়ে উপস্থিত সকলোৰে মনত এক গভীৰ ৰেখাপাত কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!