City bus services in Nagaon: নগাঁৱত আৰম্ভ হ’ল চিটি বাছ সেৱা
নগাঁৱত আৰম্ভ হ’ল চিটি বাছ সেৱা
এই চিটি বাছ সেৱাৰ জৰিয়তে নগাঁৱৰ ৰাইজ যথেষ্ট উপকৃত হ’ব পাৰিব:ৰূপক শৰ্মা
প্ৰথম পৰ্যায়ত নগাঁৱত ৮ খন চিটিবাছ সেৱা মুকলি

DD TIMES নগাঁও, ২৫ ফেব্ৰুৱাৰীঃ নগাঁও বাসীৰ বাবে এক সুখবৰ। গুৱাহাটীৰ পিছতেই চিটি বাছ সেৱা আৰম্ভ হোৱা অন্যতম চহৰলৈ পৰ্যবসিত হ’ল নগাঁও। আজিৰ পৰা নগাঁৱত পৰীক্ষামূলক ভাৱে আৰম্ভ হৈছে চিটিবাছ সেৱা। শিক্ষাৰ্থী, কৰ্মচাৰী আৰু সাধাৰণ ৰাইজৰ দৈনিক যাত্ৰাত এক যোগাত্মক পৰিৱৰ্তন অনাৰ লক্ষ্যৰে নগাঁও জিলা প্ৰশাসন আৰু জিলা পৰিবহন বিভাগে এই বিশেষ প্ৰশংসনীয় পদক্ষেপটো গ্ৰহণ কৰিছে। ইয়াৰ ফলত নগাঁও চহৰৰ যাতায়াত ব্যৱস্থা অধিক সুচল, দ্ৰুত আৰু জনসাধাৰণৰ বাবে সুবিধাজনক হোৱাৰ আশা কৰা হৈছে ।নগাঁও চহৰৰ নেহৰুবালিৰ পৰা চিটি বাছ সেৱাৰ শুভ উদ্বোধন হয়। এই উদ্বোধনী অনুষ্ঠানত নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে জিলা পৰিবহণ বিষয়া সীমান্ত বৰাই ফ্লেগ অফ কৰি চিটি বাছ সমূহ মুকলি কৰে।
প্ৰাৰম্ভিক পৰ্যায়ত জিলা প্ৰশাসন আৰু জিলা পৰিবহন বিভাগে সৰ্বমুঠ ৮ খন বাছৰ জৰিয়তে ৩ টা মুখ্য কৰিডৰত এই সেৱা উপলব্ধ কৰিব।

জিলা প্ৰশাসনে সদৰী কৰা মতে, বেবেজীয়া চাৰিআলিৰ পৰা পুৰণিগুদাম,পুৰণিগুদামৰ পৰা বেবেজীয়া চাৰিআলি,ধিং গেটৰ পৰা কামপুৰ টাউন, কামপুৰ টাউনৰ পৰা ধিং গেট,ডিমৌ চাৰিআলিৰ পৰা ৰূপহী বজাৰ,ৰূপহী বজাৰৰ পৰা ডিমৌ চাৰিআলি সংযোগী পথত এই চিটি বাছ সমূহ চলাচল কৰিব। এই চিটি বাছ সেৱা প্ৰতিদিনে পুৱা ৮ বজাৰ পৰা সন্ধ্যা ৭ বজালৈকে যাত্ৰীৰ বাবে মুকলি থাকিব।নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই প্ৰসংগত কয়, “ই ৰিক্সা যি সকলে চলাই, তেওঁলোক আমাৰে সন্তান। তেওঁলোক নিবনুৱা। তেওঁলোকক হতাশ কৰিব বিচৰা নাই। কিন্তু এখন চহৰত অধিক ই ৰিক্সা হ’লে অসুবিধা হয়। কাৰণ সাধাৰণ নাগৰিক এজনে যদি নিজৰ ব্যক্তিগত বাহনলৈ চহৰত চলাচল কৰিব নোৱাৰে, সেই ক্ষেত্ৰত আমি নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তদুপৰি বহু ই ৰিক্সা চালকে নিজৰ ইচ্ছা অনুযায়ী ভাড়া লয়। সেয়ে সুন্দৰ যাতায়তৰ পৰিবেশ সৃষ্টিৰ বাবে আৰু নগাঁও চহৰৰ যানজঁট সমস্যা সমাধানৰ বাবে চিটি বাছ সেৱা আৰম্ভ কৰা হৈছে।”
জিলা আয়ুক্তজনে লগতে কয়, “এই চিটি বাছ সেৱাৰ জৰিয়তে কম ভাড়াত নিজৰ গন্তব্য স্থানলৈ যাতে যাব পাৰে সেই দিশলৈও দৃষ্টি দিয়া হৈছে। এইক্ষেত্ৰত ৰাইজৰ সহাৰি লাগিব। প্ৰথম অৱস্থাত আমি অধিক উন্নত ব্যৱস্থা কৰিব নোৱাৰিব পাৰো। কিন্তু সময়ৰ লগে লগে এই ব্যৱস্থা উন্নত হৈ গৈ থাকিব। কাৰণ উন্নত চহৰ এখনৰ লক্ষ্যই হৈছে যানজঁট সমস্যা মুক্ত কৰা আৰু ৰাজহুৱা বাছ সেৱা কৰা ।বিধায়ক ৰূপক শৰ্মাই কয়, “আজিৰে পৰা নগাঁৱত পৰীক্ষামূলক ভাৱে ব্যক্তিগত বাছৰ জৰিয়তে চিটিবাছ সেৱা আৰম্ভ কৰা হৈছে ।ৰাইজৰ সহযোগিতা লাভ কৰিলে পৰবৰ্তী সময়ত এই সেৱা স্থায়ী ভাবে অব্যাহত ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আৰু ব্যক্তিগত খণ্ডৰ বাছৰ লগতে গ্ৰীণ বাছৰো প্ৰচেষ্টা হাতত লোৱা হ’ব। প্ৰথম পৰ্যায়ত ৮ খনকৈ চিটি বাছৰ সেৱা নগাঁৱত আৰম্ভ কৰা হৈছে।ইয়াৰে ৬ খন চিটিবাছ আজিৰে পৰা আৰম্ভ কৰাৰ বিপৰীতে ২খন চিটিবাছ কাইলৈৰ পৰা আৰম্ভ কৰা হ’ব। কাইলৈৰ পৰা আৰম্ভ কৰিবলগীয়া চিটি বাছ সেৱা নগাঁও চহৰৰ পৰা গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱালৈ যাত্ৰা কৰিব। এই বাছ সেৱাৰ জৰিয়তে গুৰুজনাৰ পৱিত্ৰ জন্মস্থানৰ লগতে বটদ্ৰৱাত নৱনিৰ্মিত ‘শ্ৰীমন্ত শংকৰদেৱ আৰ্বিভাৱ’ ক্ষেত্ৰলৈ যোৱা দৰ্শনাৰ্থী সকল উপকৃত হ’ব পাৰিব।” বিধায়ক শৰ্মাই লগতে কয়, “বিভিন্ন কামৰ বাবে চহৰৰ উপকণ্ঠ অঞ্চলৰ ব্যক্তি সকল চহৰলৈ আহে। চহৰ কেন্দ্ৰীক হবই লাগিব।চহৰত চৰকাৰী কাৰ্যালয়, চিকিৎসালয়, বজাৰ থাকে। চিটি বাছ সেৱাত কম ভাড়াত যাত্ৰী সকলে যাতায়ত কৰিব পাৰিব।”

