CHHATRON KI GOONJ: গুৱাহাটীত কংগ্ৰেছৰ ‘ছাত্ৰো কি গুঞ্জ’ অভিযান
গুৱাহাটীত কংগ্ৰেছৰ ‘‘ছাত্ৰো কি গুঞ্জ’’ অভিযানঃ সংবাদমেলত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ দাবী ঝাৰখণ্ডৰ মন্ত্ৰী শিল্পী নেহা তিৰ্কীৰ

DD TIMES গুৱাহাটী, ২৫ জুনঃ সমগ্ৰ দেশজুৰি কংগ্ৰেছ দলে আৰম্ভ কৰা ‘ছাত্ৰো কি গুঞ্জ’ অভিযানৰ অংশ হিচাপে আজি গুৱাহাটীতো এক গুৰুত্বপূৰ্ণ সংবাদ মেল অনুষ্ঠিত হয়। ঝাৰখণ্ডৰ কৃষিমন্ত্ৰী শিল্পী নেহা তিৰ্কীয়ে সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় চৰকাৰৰ শিক্ষানীতি আৰু বৰ্তমানৰ থৰক-বৰক শিক্ষা ব্যৱস্থাক চোকা ভাষাৰে সমালোচনা কৰে।

সমগ্ৰ দেশতে সংঘটিত হৈ অহা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু শিক্ষাব্যৱস্থাৰ প্ৰতিষ্ঠানিক ব্যৰ্থতাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ তাৎক্ষণিক পদত্যাগ দাবী কৰে। সংবাদ মেল সম্বোধন কৰি মন্ত্ৰী শিল্পী নেহা তিৰ্কীয়ে অত্যন্ত উদ্বেগ প্ৰকাশ কৰি কয় যে আজি সমগ্ৰ দেশৰ লাখ লাখ যুৱ-যুৱতীৰ ভৱিষ্যৎ যি শিক্ষা ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল, সেই ব্যৱস্থা যেন আজি আইচিইউত হে আছে।

লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ গঢ়ি উঠা এই ব্যৱস্থাটো আজি দুৰ্বলতা, অনিয়ম আৰু দুৰ্নীতিৰ জালত আবদ্ধ হৈ পৰিছে। নীট (NEET) পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ অভিযোগ আৰু চিবিএছই (CBSE)ৰ পৰীক্ষাসমূহক লৈ উত্থাপিত অনিয়মে শিক্ষা ব্যৱস্থাৰ বিশ্বাসযোগ্যতা সম্পূৰ্ণৰূপে ধ্বংস কৰিছে, যিটো সমগ্ৰ দেশৰ বাবে এক গভীৰ উদ্বেগৰ বিষয়।
নীট পৰীক্ষাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অনিশ্চয়তা আৰু বাৰে বাৰে পৰীক্ষা বাতিলৰ ঘটনাই দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক স্বাস্থ্যত মোক্ষম আঘাত হানিছে বুলি মন্ত্ৰীগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে। তেওঁ মধ্যপ্ৰদেশৰ আকাংক্ষা চতুৰ্বেদী, হাৰিয়ানাৰ ছিমৰণ, তামিলনাডুৰ ভেট্ৰী আনন্দম আৰু উত্তৰাখণ্ডৰ ৰিয়া কুমাৰী থাপাসহ কেইবাগৰাকীও মেধাৱী শিক্ষাৰ্থীয়ে মানসিক চাপ সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ দৰে চৰম পথ বাছি লোৱা ঘটনাক অত্যন্ত হৃদয়বিদাৰক বুলি অভিহিত কৰে।

তেওঁ উল্লেখ কৰে যে এই শিক্ষাৰ্থীসকলে মৃত্যুৰ পূৰ্বে লিখি থৈ যোৱা চিঠিসমূহত পিতৃ-মাতৃক হতাশ কৰা বুলি ভাবি গভীৰ অনুতাপ প্ৰকাশ কৰি গৈছে। কোনো শিক্ষাৰ্থীয়ে যেন ভৱিষ্যতে এনে পৰিস্থিতিৰ সন্মুখীন হ’ব নালাগে আৰু কোনো পিতৃ-মাত্ৰীয়ে সন্তান হেৰুৱাৰ এই অসহনীয় যন্ত্ৰণা ভোগ কৰিব নালাগে বুলি তেওঁ আৱেগিকভাৱে কয়।
মন্ত্ৰী তিৰ্কীয়ে সংবাদ মেলত আৰু কয় যে, দেশৰ বহু দৰিদ্ৰ তথা মধ্যবিত্ত অভিভাৱকে নিজৰ মাটি-বাৰী বিক্ৰী কৰি, ঋণ লৈ বা সোণ-গহনা বন্ধক থৈ সন্তানৰ শিক্ষাৰ বাবে সৰ্বস্ব ত্যাগ কৰে। আনহাতে ছাত্ৰ-ছাত্ৰীসকলেও দিন-ৰাত একাকাৰ কৰি নিজৰ জীৱনৰ আটাইতকৈ মূল্যৱান সময় অধ্যয়নত ব্যয় কৰে।
গতিকে এনে স্থলত মেধাৱী শিক্ষাৰ্থীসকলৰ ভৱিষ্যৎ আৰু জীৱনৰ সৈতে চৰকাৰ বা কোনো কৰ্তৃপক্ষৰ অৱহেলা তথা খামখেয়ালি কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।
উল্লেখ্য যে, গুৱাহাটীত অনুষ্ঠিত এই সংবাদমেলত ঝাৰখণ্ডৰ মন্ত্ৰীগৰাকীৰ উপৰিও অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, বিধায়ক জুবেৰ আনম আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ পলাশ ৰঞ্জন দত্ত উপস্থিত থাকি কেন্দ্ৰীয় চৰকাৰৰ ছাত্ৰবিৰোধী নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

