অভিনেতা ব্ৰজেন বৰাক ‘শিল্পৰত্ন অসম বঁটা’ প্ৰদান
শিল্পী সমাজ, অসমৰ উদ্যোগত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী
DD TIMES নগাঁও, ১১ ছেপ্টেম্বৰঃ অসমৰ বিশিষ্ট কথাছবি অভিনেতা তথা পৰিচালক ব্ৰজেন বৰাক শিল্পী সমাজ অসমে প্ৰদান কৰিছে ‘শিল্পীৰত্ন অসম বটা- ২০২৫’।

শিল্পী সমাজ, অসমৰ উদ্যোগত ৮ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উৎসৱৰ লগত সংগতি ৰাখি দ্বিতীয় দিনা সন্ধিয়া নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত অভিনেতা-পৰিচালক ব্ৰজেন বৰাক এই বঁটা প্ৰদান কৰা হয়।
বঁটা গ্ৰহণ কৰি অভিনেতা ব্ৰজেন বৰাই কয় যে শিল্পী সকলে আচলতে স্বীকৃতি বিচাৰে। স্বীকৃতি মানে হৈছে মৰম। শিল্পীসকলে বেলেগ বিনিময় নিবিচাৰে। মই ব্যক্তিগত ভাবে কোনো বিনিময় নিবিচাৰো।
ৰাইজে দিয়া নিভাঁজ মৰমৰ বাবে শিল্পী সকলে গোটেই জীৱন পাৰ কৰে। আমাৰ অগ্ৰজসকলে বহু কষ্ট কৰি নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই যোৱাৰ প্ৰয়াস কৰাৰ কথা তেওঁ উল্লেখ কৰে।
বঁটা প্ৰদান অনুষ্ঠানত প্ৰাক্তন বিধায়ক ডা° দুৰ্লভ চমুৱা , সমাজৰ কাৰ্যকৰী সভাপতি ভদ্ৰকান্ত মুক্তিয়াৰ ,সাধাৰণ সম্পাদক যোগানন্দ দেৱ ভট্টাচাৰ্য, উপ-সভাপতি পৰাণ মহন্তৰ লগতে গকুল গোস্বামী জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱা আদি বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে।
অনুষ্ঠানতে শিল্পী সমাজ ,আসমৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সংগীত শৰ্মাৰ সম্পাদনাত প্ৰকাশ হোৱা ‘ ৰঙ্গশালা’ স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।
ইপিনে ৮ ছেপ্টেম্বৰৰ পুৱা পতাকা উত্তোলন কৰাৰ পিছত নেহৰুবালিত সহস্ৰাধিক লোকে সুধাকণ্ঠৰ কালজয়ী গীত’ মানুহে মানুহৰ বাবে’ সমস্বৰে পৰিবেশন কৰে।
বিয়লি নগাঁও জিলা পুথিভঁৰালত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিনৰ ভাগত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।
সন্ধিয়া বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্য্যৰ ‘ভুল নুবুজিবা ভূপেন দা’ নাটক মঞ্চস্থৰে সুধাকণ্ঠৰ জন্মশতবাৰ্ষিকী অনুষ্ঠানৰ সামৰণি পৰে।