Celebrating the birthday of the tree: গুৱাহাটীত বৃক্ষৰ জন্মদিন উদযাপন
ভেটাপাৰাৰ মেধি বুক ষ্টলৰ উদ্যোগত ৬ জুনত উদ্যাপন কৰা হ’ল বৃক্ষৰ জন্মদিন

DD TIMES গুৱাহাটী, ৭ জুনঃ গুৱাহাটীৰ ভেটাপাৰাত প্ৰতিবছৰে ৬জুনত কেইবাবছৰো ধৰি তিনিজোপা বিশেষ বৃক্ষৰ জন্মদিন উদ্যাপন কৰা হৈ আহিছে৷ভেটাপাৰাৰ
জনপ্ৰিয় ব্যৱসায়ী তথা সমাজকৰ্মী, মেধি বুক ষ্টলৰ স্বত্তাধিকাৰী বিপুল মেধিৰ উদ্যোগত স্থানীয় সচেতন ৰাইজৰ সহযোগিতাত বিগত বিশটিকৈ বৰ্ষত প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱসৰ পাছদিনা এই ব্যতিক্ৰমী কাৰ্যসূচীৰ আয়োজন কৰি আহিছে৷
এইবৰ্ষতো ৬ জুনত উদ্যাপন কৰা হ’ল বৃক্ষৰ জন্মদিন৷
উল্লেখযোগ্য যে বিগত কিছুবছৰ পূৰ্বে
বিপুল মেধিয়ে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান ভেটাপাৰাৰ ‘মেধি বুক ষ্টল’ৰ সন্মুখত ৬ জুনত ৰোপণ কৰিছিল তিনিজোপা কৃষ্ণচূড়া গছৰ পুলি৷
.৫ জুনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি বিতৰণ কৰিবলৈ আনি কোনোবাই পেলনীয়া সামগ্ৰীৰ দৰে য’তে ত’তে পেলাই থৈ যোৱা অৱস্থাত গছৰ পুলিকেইটা ৰাস্তাত পাই বুটলি আনিছিল বিপুল মেধিয়ে৷
গছৰ পুলি কেইটাৰ মোহত পৰি বিপুল মেধিয়ে পুলিকেইটা সযতনে থৈ ভেটাপাৰা-লালমাটি সংযোগী পথৰ দাঁতিত আৰু চন্দ্ৰ চৌধুৰী পথৰ বিপৰীতে থকা নিজৰ কিতাপৰ দোকানখনৰ সন্মুখত মাটিৰ গৰাকীৰ অনুমতি লৈ ৰোপণ কৰিলে৷
সেই অনুসৰি বিপুল মেধিয়ে প্ৰতিবছৰে ৬ জুনৰ সন্ধিয়া বন্তি প্ৰজ্বলন কৰি নিজ সন্তানৰ দৰে পালন কৰা গছ কেইজোপাৰ শ্ৰীবৃদ্ধি কামনাৰে এক অনুষ্ঠানৰ আয়োজন কৰি আড়ম্বৰপূৰ্ণভাৱে স্থানীয় বিশিষ্ট ব্যক্তি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ উপস্থিতিত উলহ- মালহেৰে বৃক্ষৰ জন্মদিন পালন কৰি আহিছে৷তেখেতক কেইগৰাকীমান সমাজসচেতন ব্যক্তিয়েও সহায় কৰি আহিছে৷
এইবৰ্ষত উক্ত তিনিজোপা বিশেষ বৃক্ষৰ ২১সংখ্যক জনমদিন উদ্যাপনৰ বিশেষ অনুষ্ঠানটিত সমাজকৰ্মী তথা বিন্দু-অপৰ্ণা শৈক্ষিক পূঁজিৰ প্ৰতিষ্ঠাপক চিত্ৰ মাধৱ বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰে৷
অনুষ্ঠানৰ আৰম্ভণিতে গণশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আৰু মাল্যাৰ্পণ কৰি বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধা তৰ্পণ কৰা হয়৷
যুৱ সাহিত্যিক, সাংবাদিক দৰ্শনা বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত ভকত কেশৰাম ওজা, ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা চিত্ৰাংকন প্ৰতিযোগিতাখনৰ বিচাৰক, সমাজকৰ্মী জগদীশ শৰ্মা,অসমৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ আলোচক কালিচান্দ সেন,দীন-জ্যোতি ফাউণ্ডেশ্যনৰ সঞ্চালক, লেখিকা চুমী ৰহমান সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে৷
অনুষ্ঠানটিৰ লগত সংগতি ৰাখি মেধি বুক ষ্টলৰ সন্মুখত “সুধাকণ্ঠ বৃক্ষ” হিচাপে নামকৰণ কৰি এটি গছৰ পুলি ৰোপণো কৰা হয়৷
বৃক্ষৰ জন্মদিনৰ সভাখনত গছ নকটাৰ সিদ্ধান্ত লৈ,পৰিৱেশ সজাগতাৰ বাবে চিত্ৰমাধৱ বৰুৱাই বিশেষ শপত বাক্য পাঠ কৰাৰ লতে উপস্থিত সকলোৱে শপত গ্ৰহণো কৰে৷
৬ জুনত এই তিনিজোপা বিশেষ বৃক্ষৰ জন্মদিন উদ্যাপনৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত ৩১মে’ত বৰসজাই বিকাশ নগৰ ৰাজহুৱা নামঘৰত দুটা শাখাত আয়োজন কৰা চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰি নগদ ধনসহ পুৰস্কাৰসমূহ বিতৰণ কৰা হয়৷
অনুষ্ঠানটিত সমাজকৰ্মী ৰঞ্জিত কুমাৰ দাস,সীমান্ত হাজৰিকা, হিমাংশু দেৱচৌধুৰী, মুৰ্চ্ছনা বৰুৱা,সুৰভি শৰ্মা, অৰ্চনা শৰ্মা, সমাজকৰ্মী, লেখক ভৃগু কুমাৰ দত্ত, পৰিৱেশকৰ্মী আকাশ কলিতা, মীনাক্ষী ডেকাই
বিশেষ সহযোগিতা আগবঢ়ায়৷
অনুষ্টুপীয়াকৈ আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত মৈদাম শাখা সাহিত্য সভাৰ সভাপতি, সাহিত্যসেৱী অনিমা ৰায়মেধিয়ে স্বৰচিত কবিতাপাঠ আৰু কণমানি ছাত্ৰী ধ্যানশী ভৰদ্বাজে কবিতা আবৃত্তি কৰে৷

